--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • চতুর্থখন আবেদন খাৰিজ কৰি ন্যায়ালয়ে বাৰে বাৰে আৱেদন কৰাৰ অভিযোগত ওলোটাই আৱেদনকাৰী চেলিম উদ্দিন বৰভূঞাকহে ২৫ হাজাৰ টকাৰ জৰিমনা বিহে।

ডিজিটেল ডেস্ক: বিজ্ঞাপন অথবা নিযুক্তি প্রক্রিয়া অবিহনে কেৱল মৌখিক নির্দেশত দিয়া নিযুক্তিত দীর্ঘদিন ধৰি কাম কৰাৰ অজুহাতত চাকৰি নিয়মীয়া কৰিব নোৱাৰিব। তেনে কৰ্মচাৰীয়ে পেঞ্চনকে ধৰি অন্যান্য অৱসৰকালীন সা-সুবিধাও লাভ নকৰে। এই গুৰুত্বপূৰ্ণ নির্দেশনা দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।


এটা অবৈধ নিযুক্তিৰ গোচৰত ন্যায়ালয়ে নির্দিষ্ট নিযুক্তি প্রক্ৰিয়াৰ মাজেৰে নিযুক্তি লাভ কৰাৰ সলনি কেৱল মৌখিক নির্দেশত দিয়া নিযুক্তিৰে দীৰ্ঘদিন ধৰি কাম কৰাৰ অজুহাতত চাকৰি নিয়মীয়াকৰণ কৰা কৰ্মচাৰীয়ে পেঞ্চনকে ধৰি অৱসৰকালীন অন্য সা-সুবিধা বিচৰাৰ যুক্তিযুক্ততা নাই বুলি স্পষ্ট কৰে। হাইলাকান্দি জিলাৰ শিক্ষা বিভাগৰ এজন নিম্নবৰ্গৰ সহায়ক পদৰ কৰ্মচাৰীয়ে উচ্চ ন্যায়ালয়ত দাখিল কৰা এটা লেখ আৱেদন গোচৰত এই নির্দেশনা জাৰি কৰিছে। 


উল্লেখযোগ্য যে আৱেদনকাৰী চেলিম উদ্দিন বৰভূঞাই মৌখিক নির্দেশত নিযুক্তি লাভ কৰাৰ পাছত তেওঁৰ চাকৰি নিয়মীয়াকৰণ হৈছিল। কিন্তু তেওঁ অৱসৰ গ্ৰহণ কৰাৰ পাছত পেঞ্চনকে ধৰি অন্য অৱসৰকালীন সা-সুবিধা লাভ নকৰাত আদালতৰ দ্বাৰস্থ হয়। তেওঁ এই সুবিধা বিচাৰি এইপর্যন্ত চাৰিখন আৱেদন কৰিছে। ন্যায়াধীশ মনীষ চৌধুৰীৰ আদালতে আবেদনখনৰ শুনানি গ্রহণ কৰি তেওঁৰ এই কার্যক 'সম্পূর্ণ দুঃসাহসিক' আখ্যা দিছে। ন্যায়ালয়ে আনকি তেওঁৰ আৱেদনক আইনী প্ৰক্ৰিয়াৰ অপব্যৱহাৰ আখ্যাও দিয়ে। আদালতে বৈধ নিযুক্তি অবিহনে পেঞ্চনৰ অধিকাৰ সাব্যস্ত নহয় বুলিও স্পষ্ট কৰে। 


আনহাতে চতুর্থখন আবেদন খাৰিজ কৰি ন্যায়ালয়ে বাৰে বাৰে আৱেদন কৰাৰ অভিযোগত ওলোটাই আৱেদনকাৰী চেলিম উদ্দিন বৰভূঞাকহে ২৫ হাজাৰ টকাৰ জৰিমনা বিহে। এমাহৰ ভিতৰত তেওঁক এই জৰিমনা আদায় দিয়াৰ নিৰ্দেশ দিয়া হৈছে। আনহাতে এই ধন উচ্চ ন্যায়ালয়ৰ বাৰ এছ'চিয়েশ্যনৰ বাবে ব্যৱহাৰ কৰাৰ নিৰ্দেশো দিয়ে।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
কেৱল মৌখিক নির্দেশত দিয়া নিযুক্তিত কৰ্মচাৰীয়ে লাভ নকৰে পেঞ্চনকে ধৰি অন্যান্য অৱসৰকালীন সা-সুবিধা: গুৱাহাটী উচ্চ ন্যায়ালয়
ৰৈ থকা পিকআপ ভানত প্ৰচণ্ড জোৰে খুন্দা মৃতদেহ কঢ়িয়াই নিয়া এম্বুলেন্সৰ; ৫জনৰ মৃত্যু
২৫ নৱেম্বৰৰ পৰা মাজুলীত লণ্ডনৰ আৰ্হিৰে চলিব অত্যাধুনিক দুমহলীয়া বাছ
৩ মাহ পিছতেই যুগ্ম জীৱনৰ পাতনি মেলাৰ কথা, পথ দুৰ্ঘটনাই নিমিষতে শেষ কৰিলে সকলো সপোন
নিজৰ পকী ঘৰত এৰাতিও কটাবলৈ নাপালে ১২০ বছৰীয়া নৰ্মদা দেৱী আইতাই; ঘৰ সম্পূৰ্ণ হোৱাৰ পূৰ্বেই চিৰদিনলৈ মুদিলে চকু
২৩ নৱেম্বৰত পুনৰ এহেজাৰ কোটি টকাৰ ঋণ ল’ব ৰাজ্য চৰকাৰে
মথুৰাত চলন্ত বাছত ভয়ংকৰ জুই! চালক জিতেন্দ্ৰৰ বুদ্ধিমত্তাত ৰক্ষা পৰিল ৪০ যাত্ৰীৰ প্ৰাণ
৪ দশকত ৭টা বৃহৎ পথ দুর্ঘটনা সংঘটিত হৈছে অসমত; জানো আহক সবিশেষ
ৰিজার্ভ বেংকে বান্ধি দিয়া ‘সহনশীলতাৰ সীমা’ অতিক্ৰম; খুচুৰা মুদ্রাস্ফীতি ৬.০৯%লৈ বৃদ্ধি
আজি মুম্বাইত উপস্থিত হ’ব ব্ৰিটেইনৰ ৰাজকুমাৰ উইলিয়াম আৰু ৰাজকুমাৰী কেট; দিল্লীত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বৈঠক
ৰে’লত টিকট নাই, বিমানৰ টিকটৰো আকাশলংঘী দাম; ২৬ লাখ টকাৰ গাড়ী কিনি ষঠ পূজাৰ বাবে ঘৰলৈ আহিল এজন ব্যক্তি
২০০ মেগাৱাট বিদ্যুৎ পৰিবহণৰ লক্ষ্যৰে নির্মাণ হ’ব ভাৰত-ছিংগাপুৰ বিদ্যুৎ পৰিবাহী কৰিড’ৰ
অজনাৰ নদী চাফা কৰি চৰ্চাত অহা বিট্টু তবাহি অসুস্থ, মানুহে পুনৰ আৱৰ্জনা পেলাই লেতেৰা কৰিছে নদীখন
বাংলাদেশৰ প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাৰ প্ৰত্যর্পণৰ সকলো আইনী প্রক্রিয়া সম্পূর্ণ কৰিলে ঢাকাই