--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত শনিবাৰে গভীৰ নিশা গেংষ্টাৰৰ পৰা ৰাজনীতিবিদলৈ পৰিণত হোৱা আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰফক গুলীয়াই হত্যা কৰা হয়। ২০০৫ চনৰ বিএছপি বিধায়ক ৰাজু পালৰ হত্যাকাণ্ডৰ সাক্ষী উমেশ পালৰ হত্যাকে ধৰি কেইবাটাও অপৰাধত আতিক আৰু আশ্ৰফ উত্তৰ প্ৰদেশ আৰক্ষীৰ জিম্মাত আছিল। ৰাজু পাল হত্যাকাণ্ডৰ গোচৰতো আতিক অভিযুক্ত হিচাপে চিহ্নিত হৈছিল৷

শনিবাৰে আৰক্ষীয়ে আতিক আৰু আশ্ৰফক চিকিৎসা পৰীক্ষাৰ বাবে নিয়াৰ সময়তে প্ৰয়াগৰাজত পইণ্ট ব্লেংক ৰেঞ্জত দুয়োকে গুলীয়াই হত্যা কৰে। সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখত হত্যাকাণ্ড সংঘটিত হোৱাৰ লগতে গুলীচালনাৰ লগত জড়িত তিনিজন লোকে হাত দাঙি সেই স্থানত উপস্থিত থকা আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰা দেখা গৈছে।
নিৰাপত্তাৰক্ষীৰ ভুলৰ বাবে প্ৰশ্ন উত্থাপন হৈছে যাৰ ফলত এই যুটিটোক হত্যা কৰা হৈছে।
আতিক আহমেদ আৰু আশ্ৰফৰ হত্যাকাণ্ডৰ লগত জড়িত তিনিওটা হত্যাকাৰীক লগে লগে ইউ পি আৰক্ষীয়ে আটক কৰাৰ বিপৰীতে এজন আৰক্ষী কনিষ্টবল মান সিং সামান্য আ্ঘাতপ্ৰাপ্ত  হয়।

হত্যাাকাৰী  তিনিজন ক্ৰমে লাভলেশ তিৱাৰী, ছানী, আৰু অৰুণ মৌৰ্য বুলি জানিব পৰা গৈছে। মিডিয়াপাৰছনৰ ৰূপ লৈ শ্বুটাৰসকলে মিডিয়া আইডি কাৰ্ড লৈ গৈছিল আৰু তেওঁলোকৰ মাইকত এনচিআৰ চেনেল লিখা আছিল।ইতিমধ্যে এফ এছ এলৰ দলটোৱে সেই স্থানৰ পৰা উদ্ধাৰ কৰিছে ডামি কেমেৰা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা