--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত শনিবাৰে গভীৰ নিশা গেংষ্টাৰৰ পৰা ৰাজনীতিবিদলৈ পৰিণত হোৱা আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰফক গুলীয়াই হত্যা কৰা হয়। ২০০৫ চনৰ বিএছপি বিধায়ক ৰাজু পালৰ হত্যাকাণ্ডৰ সাক্ষী উমেশ পালৰ হত্যাকে ধৰি কেইবাটাও অপৰাধত আতিক আৰু আশ্ৰফ উত্তৰ প্ৰদেশ আৰক্ষীৰ জিম্মাত আছিল। ৰাজু পাল হত্যাকাণ্ডৰ গোচৰতো আতিক অভিযুক্ত হিচাপে চিহ্নিত হৈছিল৷

শনিবাৰে আৰক্ষীয়ে আতিক আৰু আশ্ৰফক চিকিৎসা পৰীক্ষাৰ বাবে নিয়াৰ সময়তে প্ৰয়াগৰাজত পইণ্ট ব্লেংক ৰেঞ্জত দুয়োকে গুলীয়াই হত্যা কৰে। সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখত হত্যাকাণ্ড সংঘটিত হোৱাৰ লগতে গুলীচালনাৰ লগত জড়িত তিনিজন লোকে হাত দাঙি সেই স্থানত উপস্থিত থকা আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰা দেখা গৈছে।
নিৰাপত্তাৰক্ষীৰ ভুলৰ বাবে প্ৰশ্ন উত্থাপন হৈছে যাৰ ফলত এই যুটিটোক হত্যা কৰা হৈছে।
আতিক আহমেদ আৰু আশ্ৰফৰ হত্যাকাণ্ডৰ লগত জড়িত তিনিওটা হত্যাকাৰীক লগে লগে ইউ পি আৰক্ষীয়ে আটক কৰাৰ বিপৰীতে এজন আৰক্ষী কনিষ্টবল মান সিং সামান্য আ্ঘাতপ্ৰাপ্ত  হয়।

হত্যাাকাৰী  তিনিজন ক্ৰমে লাভলেশ তিৱাৰী, ছানী, আৰু অৰুণ মৌৰ্য বুলি জানিব পৰা গৈছে। মিডিয়াপাৰছনৰ ৰূপ লৈ শ্বুটাৰসকলে মিডিয়া আইডি কাৰ্ড লৈ গৈছিল আৰু তেওঁলোকৰ মাইকত এনচিআৰ চেনেল লিখা আছিল।ইতিমধ্যে এফ এছ এলৰ দলটোৱে সেই স্থানৰ পৰা উদ্ধাৰ কৰিছে ডামি কেমেৰা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ