--°C
Loading...
Listen to Article
2 min read
80%

পাটনা : ক’ভিড ত্ৰাসে দেশক ত্ৰাসিত কৰি ৰখাৰ সময়ত বিহাৰত সংঘটিত হৈছে এক উদ্বেগজনক ঘটনা। বিহাৰৰ বুক্সাৰত গংগাৰে ভালেমান মৃতদেহ ভাহি অহাৰ ঘটনাই আতংকৰ সৃষ্টি কৰিছে। দেশৰ ক’ভিড পৰিস্থিতিৰ ভয়াৱহতাৰ আন এক নিদৰ্শন হৈ প্ৰকট হৈছে এই সংকট। গংগাৰ পাৰত আজি পুৱাই ৪০টাৰো অধিক অৰ্ধগলিত মৃতদেহ ওপঙি উঠাৰ দৃশ্যই শিহৰিত কৰি তুলিছে সমীপৰ লোকসকলক। বিহাৰ উত্তৰ প্ৰদেশ সীমান্তৰ চাউছা চহৰত দেখা গৈছে এই অভাৱনীয় দৃশ্য।

আৰু পঢ়িব পাৰিব : ইমানদিন অকলে থাকিও ৰক্ষা নাপালোঁ… এগৰাকী লেখিকাৰ আক্ষেপ

প্রশাসনে সন্দেহ কৰিছে যে, এই মৃতদেহসমূহ উত্তৰ প্ৰদেশৰ পৰা ভাহি আহিছে। ক’ভিডত মৃত্যু হোৱা লোকৰ মৃতদেহ সৎকাৰ কৰিবলৈ অসমৰ্থ লোকে আত্মীয়ৰ মৃতদেহ এনেদৰে গংগাত উটুৱাই দিয়া বুলি সন্দেহ কৰা হৈছে। অশোক কুমাৰ নামৰ জিলা প্ৰশাসনৰ বিষয়াগৰাকীয়ে প্ৰকাশ কৰা মতে ৪০-৪৫টা এনে মৃতদেহ গংগাৰে ভাহি অহা দেখা পোৱা গৈছে। চাউছাত গংগাৰ মহাদেৱ ঘাটত দেখা গৈছে এই আতংকময় দৃশ্য। তেওঁ মৃতদেহ সৎকাৰ কৰিবলৈ অসমৰ্থ কোভিড আক্ৰান্তৰ পৰিয়ালৰ লোকে এনেদৰে অতি বিপদজনকভাৱে নৈত উটুৱাই দিয়াৰ আশংকা প্ৰকাশ কৰিছে।

আৰু পঢ়িব পাৰিব : ‘দেবদাস’ৰ দুটা যুগৰ পাছত পুনৰ শ্বাহৰুখ-সঞ্জয়ৰ যুটি…

এনেদৰে উটি অহা মৃতদেহৰ সংখ্যা ১০০ৰ আশে-পাশে হোৱাৰ আশংকাও তেওঁ প্ৰকাশ কৰে। বিগত প্ৰায় এসপ্তাহে এনেদৰে গংগাৰে মৃতদেহ উটি অহা বুলি প্ৰকাশ কৰিছে আন এগৰাকী বিষয়াই। বিষয়টো সন্দৰ্ভত তদন্ত কৰাৰ কথাও প্ৰকাশ কৰিছে তেওঁ। উল্লেখ্য যে, গংগাৰে এনেদৰে মৃতদেহ উটি অহাৰ দৃশ্যই আতংকিত কৰি তুলিছে সমীপৰ লোকসকলক। ক’ভিডৰ সংহাৰৰো আন এখন ভয়াৱহ ছবি ই তুলি ধৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু