--°C
Loading...
Listen to Article
2 min read
80%

পাটনা : ক’ভিড ত্ৰাসে দেশক ত্ৰাসিত কৰি ৰখাৰ সময়ত বিহাৰত সংঘটিত হৈছে এক উদ্বেগজনক ঘটনা। বিহাৰৰ বুক্সাৰত গংগাৰে ভালেমান মৃতদেহ ভাহি অহাৰ ঘটনাই আতংকৰ সৃষ্টি কৰিছে। দেশৰ ক’ভিড পৰিস্থিতিৰ ভয়াৱহতাৰ আন এক নিদৰ্শন হৈ প্ৰকট হৈছে এই সংকট। গংগাৰ পাৰত আজি পুৱাই ৪০টাৰো অধিক অৰ্ধগলিত মৃতদেহ ওপঙি উঠাৰ দৃশ্যই শিহৰিত কৰি তুলিছে সমীপৰ লোকসকলক। বিহাৰ উত্তৰ প্ৰদেশ সীমান্তৰ চাউছা চহৰত দেখা গৈছে এই অভাৱনীয় দৃশ্য।

আৰু পঢ়িব পাৰিব : ইমানদিন অকলে থাকিও ৰক্ষা নাপালোঁ… এগৰাকী লেখিকাৰ আক্ষেপ

প্রশাসনে সন্দেহ কৰিছে যে, এই মৃতদেহসমূহ উত্তৰ প্ৰদেশৰ পৰা ভাহি আহিছে। ক’ভিডত মৃত্যু হোৱা লোকৰ মৃতদেহ সৎকাৰ কৰিবলৈ অসমৰ্থ লোকে আত্মীয়ৰ মৃতদেহ এনেদৰে গংগাত উটুৱাই দিয়া বুলি সন্দেহ কৰা হৈছে। অশোক কুমাৰ নামৰ জিলা প্ৰশাসনৰ বিষয়াগৰাকীয়ে প্ৰকাশ কৰা মতে ৪০-৪৫টা এনে মৃতদেহ গংগাৰে ভাহি অহা দেখা পোৱা গৈছে। চাউছাত গংগাৰ মহাদেৱ ঘাটত দেখা গৈছে এই আতংকময় দৃশ্য। তেওঁ মৃতদেহ সৎকাৰ কৰিবলৈ অসমৰ্থ কোভিড আক্ৰান্তৰ পৰিয়ালৰ লোকে এনেদৰে অতি বিপদজনকভাৱে নৈত উটুৱাই দিয়াৰ আশংকা প্ৰকাশ কৰিছে।

আৰু পঢ়িব পাৰিব : ‘দেবদাস’ৰ দুটা যুগৰ পাছত পুনৰ শ্বাহৰুখ-সঞ্জয়ৰ যুটি…

এনেদৰে উটি অহা মৃতদেহৰ সংখ্যা ১০০ৰ আশে-পাশে হোৱাৰ আশংকাও তেওঁ প্ৰকাশ কৰে। বিগত প্ৰায় এসপ্তাহে এনেদৰে গংগাৰে মৃতদেহ উটি অহা বুলি প্ৰকাশ কৰিছে আন এগৰাকী বিষয়াই। বিষয়টো সন্দৰ্ভত তদন্ত কৰাৰ কথাও প্ৰকাশ কৰিছে তেওঁ। উল্লেখ্য যে, গংগাৰে এনেদৰে মৃতদেহ উটি অহাৰ দৃশ্যই আতংকিত কৰি তুলিছে সমীপৰ লোকসকলক। ক’ভিডৰ সংহাৰৰো আন এখন ভয়াৱহ ছবি ই তুলি ধৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ