--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বাছখন ফেৰীত উঠিবলৈ চেষ্টা কৰি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই পদ্মা নদীত বাগৰি পৰে আৰু চকুৰ নিমিষতে বাছখন পানীত ডুব যায়। প্ৰায় ৬০ ফুট গভীৰতাত ডুব যায় বাছখন।

ডিজিটেল ডেস্কঃ বাংলাদেশৰ ৰাজবাৰী জিলাত সংঘটিত হৈছে ভয়ংকৰ বাছ দুৰ্ঘটনা। এখন যাত্ৰীবাহী বাছ পদ্মা নদীত বাগৰি পৰি সম্পূৰ্ণৰূপে পানীত ডুব যায়। এতিয়ালৈকে ২৫ জন যাত্ৰীৰ মৃতদেহ উদ্ধাৰ হৈছে। কেইবাজনো লোক আহত হৈছে আৰু এতিয়াও নিৰুদ্দেশ হৈ আছে কেইবাজনো যাত্ৰী। জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে ৮ জন লোকক। ৮ জন যাত্ৰী নদীৰ বুকুত সন্ধানহীন হৈ আছে। ৰাজবাৰীৰ পৰা ঢাকা অভিমুখী বাছখনে ৪০জন যাত্ৰী কঢ়িয়াই আনিছিল। 


দৌলাতদিয়া ফেৰী টাৰ্মিনেল নং ৩ৰ সন্মুখত বাছখন ফেৰীত উঠিবলৈ চেষ্টা কৰি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই পদ্মা নদীত বাগৰি পৰে আৰু চকুৰ নিমিষতে বাছখন পানীত ডুব যায়। প্ৰায় ৬০ ফুট গভীৰতাত ডুব যায় বাছখন।


অগ্নিনিৰ্বাপক বাহিনী, নৌসেনা, আৰক্ষী আৰু অন্যান্য দলৰ সহযোগত উদ্ধাৰ অভিযান চলি আছে। উদ্ধাৰ জাহাজ হামজাই ছয় ঘন্টাৰ অন্তত পানীৰ পৰা টানি লৈ যায় ডুব যোৱা বাছখন। ক্ৰেনৰ সহায়ত গোটেই বাছখন বাহিৰলৈ উলিয়াই অনা হয়। এজন যাত্ৰীয়ে কয় যে তেওঁ সাঁতুৰি পাৰলৈ আহিল যদিও তেওঁৰ পত্নী আৰু পুত্ৰ চকুৰ সন্মুখতে ডুব যায় আৰু এজন যাত্ৰীও সাঁতুৰি নিৰাপদ স্থানলৈ গৈছিল যদিও পত্নী আৰু পুত্ৰ এতিয়াও সন্ধানহীন হৈ আছে।


পদ্মা নদীৰ পাৰত এতিয়া কান্দি কান্দি ভিৰ কৰিছে পৰিয়াল তথা আত্মীয়ই। নিজৰ আপোনজনক জীৱিত অৱস্থাত পোৱাৰ আশাত বন্দী হৈ আছে তেওঁলোক।


এই শিহৰণকাৰী দুৰ্ঘটনাই চকু সেমেকাই তুলিছে সকলোৰে। মৃতকসকলৰ ভিতৰত কেইবাটাও শিশুও আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ