--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বাছখন ফেৰীত উঠিবলৈ চেষ্টা কৰি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই পদ্মা নদীত বাগৰি পৰে আৰু চকুৰ নিমিষতে বাছখন পানীত ডুব যায়। প্ৰায় ৬০ ফুট গভীৰতাত ডুব যায় বাছখন।

ডিজিটেল ডেস্কঃ বাংলাদেশৰ ৰাজবাৰী জিলাত সংঘটিত হৈছে ভয়ংকৰ বাছ দুৰ্ঘটনা। এখন যাত্ৰীবাহী বাছ পদ্মা নদীত বাগৰি পৰি সম্পূৰ্ণৰূপে পানীত ডুব যায়। এতিয়ালৈকে ২৫ জন যাত্ৰীৰ মৃতদেহ উদ্ধাৰ হৈছে। কেইবাজনো লোক আহত হৈছে আৰু এতিয়াও নিৰুদ্দেশ হৈ আছে কেইবাজনো যাত্ৰী। জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে ৮ জন লোকক। ৮ জন যাত্ৰী নদীৰ বুকুত সন্ধানহীন হৈ আছে। ৰাজবাৰীৰ পৰা ঢাকা অভিমুখী বাছখনে ৪০জন যাত্ৰী কঢ়িয়াই আনিছিল। 


দৌলাতদিয়া ফেৰী টাৰ্মিনেল নং ৩ৰ সন্মুখত বাছখন ফেৰীত উঠিবলৈ চেষ্টা কৰি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই পদ্মা নদীত বাগৰি পৰে আৰু চকুৰ নিমিষতে বাছখন পানীত ডুব যায়। প্ৰায় ৬০ ফুট গভীৰতাত ডুব যায় বাছখন।


অগ্নিনিৰ্বাপক বাহিনী, নৌসেনা, আৰক্ষী আৰু অন্যান্য দলৰ সহযোগত উদ্ধাৰ অভিযান চলি আছে। উদ্ধাৰ জাহাজ হামজাই ছয় ঘন্টাৰ অন্তত পানীৰ পৰা টানি লৈ যায় ডুব যোৱা বাছখন। ক্ৰেনৰ সহায়ত গোটেই বাছখন বাহিৰলৈ উলিয়াই অনা হয়। এজন যাত্ৰীয়ে কয় যে তেওঁ সাঁতুৰি পাৰলৈ আহিল যদিও তেওঁৰ পত্নী আৰু পুত্ৰ চকুৰ সন্মুখতে ডুব যায় আৰু এজন যাত্ৰীও সাঁতুৰি নিৰাপদ স্থানলৈ গৈছিল যদিও পত্নী আৰু পুত্ৰ এতিয়াও সন্ধানহীন হৈ আছে।


পদ্মা নদীৰ পাৰত এতিয়া কান্দি কান্দি ভিৰ কৰিছে পৰিয়াল তথা আত্মীয়ই। নিজৰ আপোনজনক জীৱিত অৱস্থাত পোৱাৰ আশাত বন্দী হৈ আছে তেওঁলোক।


এই শিহৰণকাৰী দুৰ্ঘটনাই চকু সেমেকাই তুলিছে সকলোৰে। মৃতকসকলৰ ভিতৰত কেইবাটাও শিশুও আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু