--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশত অভূতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি কৰিছে ক’ভিড সংক্ৰমণে। ক্ৰমাগত দ্বিতীয় দিনাও দেশত দুই লক্ষাধিক আক্ৰান্ত চিনাক্ত হৈছে। বৃহস্পতিবাৰৰ দিনটোত সৰ্বকালৰ সৰ্বাধিকসংখ্যক ক’ভিড আক্ৰান্ত চিনাক্ত হয় দেশত। বৃহস্পতিবাৰে চিনাক্ত হোৱা আক্ৰান্তৰ সংখ্যা হৈছে ২,১৭,৩৫৩। এনে অভূতপূৰ্ব পৰিস্থিতিয়ে দেশৰ স্বাস্থ্য খণ্ডত সংকটৰ সৃষ্টি কৰিছে।

আৰু পঢ়িব পাৰিব :কৰ’নাৰ কালৰূপ : দেশৰ ৰাজধানী চহৰতেই নাটনি হৈছে চিকিৎসকৰ

সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যসমূহত নাটনি হৈছে হাস্পতালৰ বিছনা, অক্সিজেন, ঔষধ আৰু প্ৰতিষেধকৰ। এনে পৰিস্থিতিত অধিকসংখ্যক লোকে প্ৰাণ হেৰুওৱাৰ আশংকা বৃদ্ধি পাইছে। বিগত ২৪ ঘণ্টাত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা হৈছে ১,১৮৫। দেশত মুঠ আক্ৰান্তৰ সংখ্যা এতিয়া বৃদ্ধি পাইছে ১.৪২কোটিলৈ। দেশত একেৰাহে দ্বিতীয়দিনাও ২ লাখৰ অধিক আৰু একেৰাহে ষষ্ঠদশ দিনাও ডেৰলাখৰ অধিক পজিটিভ চিনাক্ত হৈছে।

আৰু পঢ়িব পাৰিব :মহানগৰীত উদ্ধাৰ অৰ্ধগলিত এগৰাকী যুৱতীৰ মৃতদেহ

দেশৰ ভিতৰতে সৰ্বাধিক ক্ষতিগ্ৰস্ত মহাৰাষ্ট্ৰত ৬১,৬৯৫জন লোক নতুনকৈ আক্ৰান্ত হৈছে। ৰাজ্যখনত ইতিমধ্যে জাৰি কৰা হৈছে কঠোৰ সান্ধ্যআইন। কৰ’নাৰ এই ভয়ংকৰ সংক্ৰমণ দেশৰ বিভিন্ন ক্ষেত্ৰৰ বাবে অতি বিপদজনক বিবেচিত হোৱাৰ আশংকা বৃদ্ধি পাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ