--°C
Loading...
Listen to Article
2 min read
80%

বিশাখাপট্টনম : অন্ধ্ৰপ্ৰদেশত সংঘটিত হৈছে দুটাকৈ চাঞ্চল্যকৰ ঘটনা। এই ঘটনাত দুটা পৰিয়ালৰ ১০জনকৈ লোকৰ মৃত্যু হৈছে। অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত বৃহস্পতিবাৰে এই ৰহস্যজনক ঘটনা সংঘটিত হয়। ৱিজাগৰ মিছিলাপুৰী কলনীত ৫১বছৰীয়া ছুনকাৰী বাংগাৰু নাইডু, তেওঁৰ পত্নী ছুনকাৰী নিৰ্মলা আৰু তেওঁলোকৰ দুই পুত্ৰ দীপক (১৯) আৰু কাশ্যপ (২৯)ৰ মৃতদেহ উদ্ধাৰ হয়। নাইডুৱে পূৰ্বে ১০ বছৰ বাহৰেইনত কাম কৰিছিল বুলি জানিব পৰা গৈছে। নাইডু তেওঁৰ পত্নী আৰু সৰু পুত্ৰৰ দেহত ছুৰীকাঘাত আৰু আন প্ৰাণঘাতী আঘাতৰ চিন পোৱা গৈছে।

আৰু পঢ়িব পাৰিব : কৰ’নাৰ কালৰূপ : দেশৰ ৰাজধানী চহৰতেই নাটনি হৈছে চিকিৎসকৰ

তাৰ বিপৰীতে জ্যেষ্ঠ পুত্ৰৰ মৃতদেহ উদ্ধাৰ হৈছে বাথৰূমত। সন্দেহ কৰামতে জ্যেষ্ঠ পুত্ৰই আনসকলক আক্ৰমণ কৰিছিল আৰু ঘৰটো জ্বলাই দিবলৈ চেষ্টা কৰিছিল যদিও তেওঁ নিজেও প্ৰাণৰক্ষা কৰিব নোৱাৰিলে। আনহাতে আন এটা ঘটনা সংঘটিত হৈছে পেণ্ডাৰ্থীত। এজন ৪৯বছৰীয়া লোকক ছজন লোকক হত্যা কৰাৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। তেজেৰে লুতুৰি পুতৰি অৱস্থাত চুবুৰীয়াৰ ঘৰত আৰক্ষীয়ে তেওঁক উদ্ধাৰ কৰিছিল। তাতেই তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

আৰু পঢ়িব পাৰিব : বাঢ়িছে সংক্ৰমণ… কমিছে বিছনা, ঔষধ, অক্সিজেন, প্ৰতিষেধক…

ঘৰটোৰ ভিতৰত ৬জন লোকৰ মৃতদেহ উদ্ধাৰ হয়। মৃতসকলৰ ভিতৰত এটি ছবছৰীয়া শিশু আৰু এটি ছমহীয়া নৱজাতকো আছে। গ্ৰেপ্তাৰ হোৱা লোকজন আপ্পালাৰাজু বুলি চিনাক্ত কৰা হৈছে। আপ্পালাৰাজুৱে চুবুৰীয়া ৩৩বছৰীয়া বিবাহিত আৰু তিনি সন্তানৰ পিতৃ লোকজনে তেওঁৰ কন্যাক ধৰ্ষণ কৰাৰ অভিযোগ আনিছিল আৰু তাৰ খঙতে এই জঘন্য কাণ্ড সংঘটিত কৰা বুলি সন্দেহ কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ