--°C
Loading...
Listen to Article
2 min read
80%

বিশাখাপট্টনম : অন্ধ্ৰপ্ৰদেশত সংঘটিত হৈছে দুটাকৈ চাঞ্চল্যকৰ ঘটনা। এই ঘটনাত দুটা পৰিয়ালৰ ১০জনকৈ লোকৰ মৃত্যু হৈছে। অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত বৃহস্পতিবাৰে এই ৰহস্যজনক ঘটনা সংঘটিত হয়। ৱিজাগৰ মিছিলাপুৰী কলনীত ৫১বছৰীয়া ছুনকাৰী বাংগাৰু নাইডু, তেওঁৰ পত্নী ছুনকাৰী নিৰ্মলা আৰু তেওঁলোকৰ দুই পুত্ৰ দীপক (১৯) আৰু কাশ্যপ (২৯)ৰ মৃতদেহ উদ্ধাৰ হয়। নাইডুৱে পূৰ্বে ১০ বছৰ বাহৰেইনত কাম কৰিছিল বুলি জানিব পৰা গৈছে। নাইডু তেওঁৰ পত্নী আৰু সৰু পুত্ৰৰ দেহত ছুৰীকাঘাত আৰু আন প্ৰাণঘাতী আঘাতৰ চিন পোৱা গৈছে।

আৰু পঢ়িব পাৰিব : কৰ’নাৰ কালৰূপ : দেশৰ ৰাজধানী চহৰতেই নাটনি হৈছে চিকিৎসকৰ

তাৰ বিপৰীতে জ্যেষ্ঠ পুত্ৰৰ মৃতদেহ উদ্ধাৰ হৈছে বাথৰূমত। সন্দেহ কৰামতে জ্যেষ্ঠ পুত্ৰই আনসকলক আক্ৰমণ কৰিছিল আৰু ঘৰটো জ্বলাই দিবলৈ চেষ্টা কৰিছিল যদিও তেওঁ নিজেও প্ৰাণৰক্ষা কৰিব নোৱাৰিলে। আনহাতে আন এটা ঘটনা সংঘটিত হৈছে পেণ্ডাৰ্থীত। এজন ৪৯বছৰীয়া লোকক ছজন লোকক হত্যা কৰাৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। তেজেৰে লুতুৰি পুতৰি অৱস্থাত চুবুৰীয়াৰ ঘৰত আৰক্ষীয়ে তেওঁক উদ্ধাৰ কৰিছিল। তাতেই তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

আৰু পঢ়িব পাৰিব : বাঢ়িছে সংক্ৰমণ… কমিছে বিছনা, ঔষধ, অক্সিজেন, প্ৰতিষেধক…

ঘৰটোৰ ভিতৰত ৬জন লোকৰ মৃতদেহ উদ্ধাৰ হয়। মৃতসকলৰ ভিতৰত এটি ছবছৰীয়া শিশু আৰু এটি ছমহীয়া নৱজাতকো আছে। গ্ৰেপ্তাৰ হোৱা লোকজন আপ্পালাৰাজু বুলি চিনাক্ত কৰা হৈছে। আপ্পালাৰাজুৱে চুবুৰীয়া ৩৩বছৰীয়া বিবাহিত আৰু তিনি সন্তানৰ পিতৃ লোকজনে তেওঁৰ কন্যাক ধৰ্ষণ কৰাৰ অভিযোগ আনিছিল আৰু তাৰ খঙতে এই জঘন্য কাণ্ড সংঘটিত কৰা বুলি সন্দেহ কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু