--°C
Loading...
Listen to Article
2 min read
80%

যডিজিটেল ডেস্ক : আমাৰ পাকঘৰত ৰখা বহুতো মছলা আজিৰ দিনৰ দামী ঔষধতকৈ কম নহয়। ইয়াৰে এবিধ হ’ল হালধি। যি ঔষধি গুণেৰে ভৰপূৰ। ইয়াৰ উপকাৰিতাৰ বিষয়ে সকলো জ্ঞাত। মূৰৰ পৰা ভৰিৰ গোৰোহালৈকে হালধিয়ে শৰীৰৰ প্ৰতিটো অংগ বাবে উপকাৰী। হালধি ব্যৱহাৰ কৰিলে বহুতো ৰোগ নিৰাময় হয়। বিশেষকৈ ডিঙিৰ বাবে হালধি অতি উপকাৰী। হালধিত এন্টিবেক্টেৰিয়েল আৰু এন্টিবায়টিক গুণ আছে, যিয়ে ডিঙিৰ বিষ আৰু জ্বলা-পোৰাৰ দৰে সমস্যাৰ পৰা তৎক্ষণাত সকাহ দিয়ে।

১. কেনেকৈ ব্যৱহাৰ কৰিব-

আগৰ দিনত চৰ্দি আৰু ডিঙি নিৰাময়ৰ বাবে বিভিন্ন উপায় গ্ৰহণ কৰে। এই ঘৰুৱা ঔষধবোৰ ডিঙিৰ বিষৰ ঔষধ। হালধি বহু ধৰণে ব্যৱহাৰ কৰি ডিঙি যিকোনো ৰোগ ভাল কৰিব পাৰে।

২, হালধি মিশ্ৰণ-

ডিঙিৰ সমস্যা হ’লে মৌ আৰু জালুক মিহলাই হালধি সৈতে মিশ্ৰণ বনাই খাব পাৰে। হালধি, মৌ আৰু জালুক তিনিওটা ঔষধি গুণেৰে ভৰপূৰ। এই তিনিটা গৰম কৰি মিহলাই তাৰ পাছত দিনটোত তিনিবাৰকৈ খাব লাগে। এই মিশ্ৰণটো খালে ডিঙিৰ স্পাম আৰু ফুলা নোহোৱা হয়, ডিঙিৰ বিষত তৎক্ষণাত উপশম দিয়ে।

৩. হালধি গাখীৰ-

হালধিত থকা এন্টিভাইৰেল আৰু এন্টিবেক্টেৰিয়েল গুণে শৰীৰত উপস্থিত থকা অণুজীৱৰ বিৰুদ্ধে যুঁজ দি ডিঙিৰ বিষৰ পৰা উপশম দিয়ে। ডিঙিৰ সমস্যা গাখীৰত হালধি মিহলাই খাব লাগে। গৰম গাখীৰ আৰু হালধি খালে ডিঙিৰ বিষৰ পৰা সোনকালে উপশম পাব পাৰি।

৪. গৰম পানী আৰু হালধি-

গৰম পানী মিহলাই হালধি দি গাৰ্গল কৰিলে ডিঙিৰ বিষ ভাল হয়। গৰম পানীয়ে ডিঙিৰ স্পাম দূৰ কৰে আৰু হালধিত থকা উপাদানসমূহে ডিঙিৰ ফুলা, খজুৱতি আৰু জ্বলা-পোৰা নিৰাময় কৰে। এই সমস্যাবোৰৰ পৰা হালধি আৰু গৰম পানীৰে গাৰ্গল কৰিলে তৎক্ষণাত সকাহ পোৱা যায়। ডিঙিৰ বিষত দিনে ২-৩বাৰ গাৰ্গল কৰিব পাৰি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু