--°C
Loading...
Listen to Article
2 min read
80%

যডিজিটেল ডেস্ক : আমাৰ পাকঘৰত ৰখা বহুতো মছলা আজিৰ দিনৰ দামী ঔষধতকৈ কম নহয়। ইয়াৰে এবিধ হ’ল হালধি। যি ঔষধি গুণেৰে ভৰপূৰ। ইয়াৰ উপকাৰিতাৰ বিষয়ে সকলো জ্ঞাত। মূৰৰ পৰা ভৰিৰ গোৰোহালৈকে হালধিয়ে শৰীৰৰ প্ৰতিটো অংগ বাবে উপকাৰী। হালধি ব্যৱহাৰ কৰিলে বহুতো ৰোগ নিৰাময় হয়। বিশেষকৈ ডিঙিৰ বাবে হালধি অতি উপকাৰী। হালধিত এন্টিবেক্টেৰিয়েল আৰু এন্টিবায়টিক গুণ আছে, যিয়ে ডিঙিৰ বিষ আৰু জ্বলা-পোৰাৰ দৰে সমস্যাৰ পৰা তৎক্ষণাত সকাহ দিয়ে।

১. কেনেকৈ ব্যৱহাৰ কৰিব-

আগৰ দিনত চৰ্দি আৰু ডিঙি নিৰাময়ৰ বাবে বিভিন্ন উপায় গ্ৰহণ কৰে। এই ঘৰুৱা ঔষধবোৰ ডিঙিৰ বিষৰ ঔষধ। হালধি বহু ধৰণে ব্যৱহাৰ কৰি ডিঙি যিকোনো ৰোগ ভাল কৰিব পাৰে।

২, হালধি মিশ্ৰণ-

ডিঙিৰ সমস্যা হ’লে মৌ আৰু জালুক মিহলাই হালধি সৈতে মিশ্ৰণ বনাই খাব পাৰে। হালধি, মৌ আৰু জালুক তিনিওটা ঔষধি গুণেৰে ভৰপূৰ। এই তিনিটা গৰম কৰি মিহলাই তাৰ পাছত দিনটোত তিনিবাৰকৈ খাব লাগে। এই মিশ্ৰণটো খালে ডিঙিৰ স্পাম আৰু ফুলা নোহোৱা হয়, ডিঙিৰ বিষত তৎক্ষণাত উপশম দিয়ে।

৩. হালধি গাখীৰ-

হালধিত থকা এন্টিভাইৰেল আৰু এন্টিবেক্টেৰিয়েল গুণে শৰীৰত উপস্থিত থকা অণুজীৱৰ বিৰুদ্ধে যুঁজ দি ডিঙিৰ বিষৰ পৰা উপশম দিয়ে। ডিঙিৰ সমস্যা গাখীৰত হালধি মিহলাই খাব লাগে। গৰম গাখীৰ আৰু হালধি খালে ডিঙিৰ বিষৰ পৰা সোনকালে উপশম পাব পাৰি।

৪. গৰম পানী আৰু হালধি-

গৰম পানী মিহলাই হালধি দি গাৰ্গল কৰিলে ডিঙিৰ বিষ ভাল হয়। গৰম পানীয়ে ডিঙিৰ স্পাম দূৰ কৰে আৰু হালধিত থকা উপাদানসমূহে ডিঙিৰ ফুলা, খজুৱতি আৰু জ্বলা-পোৰা নিৰাময় কৰে। এই সমস্যাবোৰৰ পৰা হালধি আৰু গৰম পানীৰে গাৰ্গল কৰিলে তৎক্ষণাত সকাহ পোৱা যায়। ডিঙিৰ বিষত দিনে ২-৩বাৰ গাৰ্গল কৰিব পাৰি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ