--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰোগৰ পৰা হাত সাৰিবলৈ আমি কিছুমান সৰল উপায় গ্ৰহণ কৰাটো ভাল। এনে কিছুমান প্ৰাকৃতিক প্ৰতিকাৰ আছে যিবোৰে আমাক সুস্থ সবল হৈ থকাত সহায় কৰে। আপুনি জানেনে যে পুৱা সাৰ পাই বাহি মুখত পানী খালে অৰ্থাৎ মুখ নুধুৱাকৈ পানী খালে দেহে বহুত উপকাৰ পায়। 

হয়, যদি আপুনি দাঁত ব্ৰাছ কৰাৰ আগতে পানী খায়, তেন্তে মুখত পুৱা উৎপন্ন হোৱা ভাল লেলাউটি পানীৰ লগত মিহলি হৈ পেটলৈ গৈ ক্ষতিকাৰক বেক্টেৰিয়াক মাৰি পেলোৱাত সহায় কৰে। ইয়াৰ বাহিৰেও মানুহৰ শৰীৰে বহুতো উপকাৰ লাভ কৰে। প্ৰতিদিনে পুৱা বাহি মুখত পানী খালে কি কি লাভ হয় জানো আহক।

দৈনিক পুৱা বাহি মুখত পানী খোৱাৰ উপকাৰিতা

১)বিষাক্ত পদাৰ্থ আঁতৰায়ঃ যদি আপুনি দৈনিক বাহি মুখত পানী খায় তেন্তে ই বিষাক্ত পদাৰ্থবোৰ বাহিৰলৈ উলিয়াই দিয়াত সহায় কৰে। প্ৰতিদিনে পুৱা দাঁত ব্ৰাছ কৰাৰ আগতে কুহুমীয়া পানী খালে মানুহৰ শৰীৰৰ ডিটক্স হৈ যায়। সেয়ে প্ৰতিদিনে পুৱা বাহি মুখত কুহুমীয়া পানী সেৱন কৰিব লাগে।

২) কিডনী সুস্থ কৰি ৰাখেঃ বাহি মুখত পানী খোৱাটো কিডনী সুস্থ কৰি ৰখাত অতি উপযোগী। পুৱা এনেদৰে পানী সেৱন কৰিলে কিডনী শক্তিশালী হোৱাৰ লগতে কিডনী সম্পৰ্কীয় বহুতো সমস্যা যেনে কিডনীত পাথৰ হোৱা সমস্যা আদি দূৰ কৰিব পাৰি।

৩) ছালৰ বাবে উপযোগীঃ পুৱা সাৰ পাই বাহি মুখত পানী খালে ছালৰ বহু সমস্যা দূৰ কৰাত অতি উপযোগী বুলি প্ৰমাণিত হ’ব পাৰে। আপোনালোকক ই ছালৰ ব্ৰণৰ সমস্যা দূৰ কৰাৰ লগতে মুখখন জিলিকি উঠাত সহায় কৰে।

৪) পেটৰ সমস্যা নোহোৱা কৰেঃ বাহি মুখত পানী খালে পেটৰ যিকোনো সমস্যা নোহোৱা হয়। গেছৰ সমস্যা দূৰ হয়। বাহি মুখত পানী খালে পেটৰ বিপাকীয় ক্ৰিয়া সুস্থ কৰি তোলাত যথেষ্ট সহায়ক হয়। ই মেটাবলিক ৰেট বৃদ্ধি কৰাত সহায় কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement