--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰোগৰ পৰা হাত সাৰিবলৈ আমি কিছুমান সৰল উপায় গ্ৰহণ কৰাটো ভাল। এনে কিছুমান প্ৰাকৃতিক প্ৰতিকাৰ আছে যিবোৰে আমাক সুস্থ সবল হৈ থকাত সহায় কৰে। আপুনি জানেনে যে পুৱা সাৰ পাই বাহি মুখত পানী খালে অৰ্থাৎ মুখ নুধুৱাকৈ পানী খালে দেহে বহুত উপকাৰ পায়। 

হয়, যদি আপুনি দাঁত ব্ৰাছ কৰাৰ আগতে পানী খায়, তেন্তে মুখত পুৱা উৎপন্ন হোৱা ভাল লেলাউটি পানীৰ লগত মিহলি হৈ পেটলৈ গৈ ক্ষতিকাৰক বেক্টেৰিয়াক মাৰি পেলোৱাত সহায় কৰে। ইয়াৰ বাহিৰেও মানুহৰ শৰীৰে বহুতো উপকাৰ লাভ কৰে। প্ৰতিদিনে পুৱা বাহি মুখত পানী খালে কি কি লাভ হয় জানো আহক।

দৈনিক পুৱা বাহি মুখত পানী খোৱাৰ উপকাৰিতা

১)বিষাক্ত পদাৰ্থ আঁতৰায়ঃ যদি আপুনি দৈনিক বাহি মুখত পানী খায় তেন্তে ই বিষাক্ত পদাৰ্থবোৰ বাহিৰলৈ উলিয়াই দিয়াত সহায় কৰে। প্ৰতিদিনে পুৱা দাঁত ব্ৰাছ কৰাৰ আগতে কুহুমীয়া পানী খালে মানুহৰ শৰীৰৰ ডিটক্স হৈ যায়। সেয়ে প্ৰতিদিনে পুৱা বাহি মুখত কুহুমীয়া পানী সেৱন কৰিব লাগে।

২) কিডনী সুস্থ কৰি ৰাখেঃ বাহি মুখত পানী খোৱাটো কিডনী সুস্থ কৰি ৰখাত অতি উপযোগী। পুৱা এনেদৰে পানী সেৱন কৰিলে কিডনী শক্তিশালী হোৱাৰ লগতে কিডনী সম্পৰ্কীয় বহুতো সমস্যা যেনে কিডনীত পাথৰ হোৱা সমস্যা আদি দূৰ কৰিব পাৰি।

৩) ছালৰ বাবে উপযোগীঃ পুৱা সাৰ পাই বাহি মুখত পানী খালে ছালৰ বহু সমস্যা দূৰ কৰাত অতি উপযোগী বুলি প্ৰমাণিত হ’ব পাৰে। আপোনালোকক ই ছালৰ ব্ৰণৰ সমস্যা দূৰ কৰাৰ লগতে মুখখন জিলিকি উঠাত সহায় কৰে।

৪) পেটৰ সমস্যা নোহোৱা কৰেঃ বাহি মুখত পানী খালে পেটৰ যিকোনো সমস্যা নোহোৱা হয়। গেছৰ সমস্যা দূৰ হয়। বাহি মুখত পানী খালে পেটৰ বিপাকীয় ক্ৰিয়া সুস্থ কৰি তোলাত যথেষ্ট সহায়ক হয়। ই মেটাবলিক ৰেট বৃদ্ধি কৰাত সহায় কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক