--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ভুক্তভোগীজন বজালীৰ সাদেৰী অঞ্চলৰ অৰূপ কলিতা বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি, ষ্টেচনৰ সমীপতে অচিনাকী ডকাইতে জোৱানজনক আক্ৰমণ কৰি ভয়-ভাবুকি প্ৰদৰ্শন কৰে।

ডিজিটেল ডেস্ক: হাওৰা ষ্টেচনত সংঘটিত হ’ল ভয়ংকৰ কাণ্ড৷ বজালীৰ চি আইএছএফ জোৱান পৰিল ডকাইতৰ কবলত৷ যাত্ৰীবাহী ৰে’লত যাতায়াত কিমান সুৰক্ষিত, এই প্ৰশ্ন পুনৰ উত্থাপন হৈছে হাওৰা ষ্টেচনত সংঘটিত এক চাঞ্চল্যকৰ ঘটনাই।


হাওৰা ষ্টেচনত বজালী জিলাৰ সাদেৰীৰ অৰূপ কলিতা নামৰ এজন চিআইএছএফ (CISF) জোৱান ডকাইতৰ কবলত পৰাৰ অভিযোগ উত্থাপিত হৈছে। 


ভুক্তভোগীজন বজালীৰ সাদেৰী অঞ্চলৰ অৰূপ কলিতা বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি, ষ্টেচনৰ সমীপতে অচিনাকী ডকাইতে জোৱানজনক আক্ৰমণ কৰি ভয়-ভাবুকি প্ৰদৰ্শন কৰে। 


মৃত্যুৰ ভয় দেখুৱাই তেওঁক ঘৰৰ পৰা ধন সংগ্ৰহ কৰিবলৈ বাধ্য কৰোৱা হয়। পৰৱৰ্তী সময়ত বন্ধু-বান্ধৱ আৰু আত্মীয়ৰ পৰা অনলাইন মাধ্যমৰে প্ৰায় ডেৰলাখ টকা সংগ্ৰহ কৰি ডকাইতক দিবলৈ বাধ্য কৰোৱা হয় বুলি অভিযোগ।


ডকাইতে ভুক্তভোগীৰ মোবাইল ফোন আৰু পাছৱৰ্ড নিজৰ দখললৈ লৈ সম্পূৰ্ণ ধনৰাশি অনলাইন যোগে স্থানান্তৰ কৰে। 


তাৰপিছত জোৱানজনক অচেতন অৱস্থাত ষ্টেচন চৌহদত এৰি থৈ পলায়ন কৰে। পিছত পৰিয়ালৰ লোক আৰু স্থানীয় RPF জোৱানৰ সহযোগত অর্ধ-অচেতন অৱস্থাত তেওঁক উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰা হয়।


ঘটনাটোৱে ৰে’ল যাত্ৰীৰ সুৰক্ষাক লৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে। ভুক্তভোগীয়ে পাঠশালা ষ্টেচনত এজাহাৰ দাখিল কৰিছে৷


আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰি আৰু অনলাইন লেনদেনৰ তথ্যৰ ভিত্তিত অভিযুক্তক সোনকালেই কৰায়ত্ত কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ