--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • চোৰৰ দলটোৱে এখন পথাৰৰ পৰা এটা গৰু লৈ পুনৰ কাঁটাতাঁৰৰ সেই অংশৰে বাংলাদেশলৈ পলায়ন কৰে। কিছুসংখ্যক স্থানীয় লোকে ঘটনাটো প্ৰত্যক্ষ কৰি চিঞৰ-বাখৰ কৰে যদিও চোৰৰ দলটোৱে দ্ৰুতবেগে নদী পাৰ হৈ সিপাৰ পায়গৈ।

ডিজিটেল ডেস্ক: কাছাৰৰ ভাৰত-বাংলাদেশ সীমান্তত পুনৰ সক্ৰিয় হৈ উঠিছে বাংলাদেশী চোৰৰ দল। এইবাৰ দিনদুপৰতে কাঁটাতাঁৰৰ বেৰা কাটি ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰি গৰু চুৰি কৰি লৈ যোৱা এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। কাছাৰ জিলাৰ কাটিগড়া সমষ্টিৰ অন্তৰ্গত লেভাৰপুতা সীমান্তত শুকুৰবাৰে এই ঘটনা সংঘটিত হয়। 


প্ৰাপ্ত তথ্য অনুসৰি, শুকুৰবাৰে দুপৰীয়া যেতিয়া সীমান্তৱৰ্তী লেভাৰপুতা গাঁৱৰ অধিকাংশ লোক জুম্মাৰ নামাজৰ বাবে মছজিদলৈ গৈছিল, সেই সুযোগতে এদল বাংলাদেশী চোৰে সীমান্তৰ কাঁটাতাঁৰ কাটি ভাৰতত প্ৰৱেশ কৰে।


চোৰৰ দলটোৱে এখন পথাৰৰ পৰা এটা গৰু লৈ পুনৰ কাঁটাতাঁৰৰ সেই অংশৰে বাংলাদেশলৈ পলায়ন কৰে। কিছুসংখ্যক স্থানীয় লোকে ঘটনাটো প্ৰত্যক্ষ কৰি চিঞৰ-বাখৰ কৰে যদিও চোৰৰ দলটোৱে দ্ৰুতবেগে নদী পাৰ হৈ সিপাৰ পায়গৈ। নামাজৰ শেষত গাঁৱৰ ৰাইজ একত্ৰিত হোৱাৰ পিছতে অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। 


দিনদুপৰতে বাংলাদেশী চোৰে এনেদৰে সীমা লংঘন কৰি গৰু চুৰি কৰা কাৰ্যই স্থানীয় লোকসকলক স্তম্ভিত কৰি তুলিছে। বিশেষকৈ সীমান্তত পহৰা দি থকা বি এছ এফ (BSF) ৰ ভূমিকাৰ ওপৰত এতিয়া ডাঙৰ প্ৰশ্নচিহ্ন থিয় হৈছে। কেনেকৈ নিৰাপত্তাৰক্ষীৰ চকুত ধূলি দি চোৰে কাঁটাতাঁৰ কাটিবলৈ সাহস পালে, তাক লৈ ৰাইজৰ মাজত ব্যাপক ক্ষোভ দেখা গৈছে।  


জানিব পৰা মতে, বি এছ এফ কৰ্তৃপক্ষই ঘটনাটো গুৰুত্বসহকাৰে লৈছে আৰু এই সন্দৰ্ভত বাংলাদেশৰ সীমান্তৰক্ষী বাহিনী বি জি বি (BGB) ৰ সৈতে ফ্ল্যাগ মিটিঙৰ জৰিয়তে আলোচনা আৰম্ভ কৰিছে। সীমান্তৱৰ্তী ৰাইজে এতিয়া অধিক নিৰাপত্তা আৰু চোৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ দাবী জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু