--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • চোৰৰ দলটোৱে এখন পথাৰৰ পৰা এটা গৰু লৈ পুনৰ কাঁটাতাঁৰৰ সেই অংশৰে বাংলাদেশলৈ পলায়ন কৰে। কিছুসংখ্যক স্থানীয় লোকে ঘটনাটো প্ৰত্যক্ষ কৰি চিঞৰ-বাখৰ কৰে যদিও চোৰৰ দলটোৱে দ্ৰুতবেগে নদী পাৰ হৈ সিপাৰ পায়গৈ।

ডিজিটেল ডেস্ক: কাছাৰৰ ভাৰত-বাংলাদেশ সীমান্তত পুনৰ সক্ৰিয় হৈ উঠিছে বাংলাদেশী চোৰৰ দল। এইবাৰ দিনদুপৰতে কাঁটাতাঁৰৰ বেৰা কাটি ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰি গৰু চুৰি কৰি লৈ যোৱা এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। কাছাৰ জিলাৰ কাটিগড়া সমষ্টিৰ অন্তৰ্গত লেভাৰপুতা সীমান্তত শুকুৰবাৰে এই ঘটনা সংঘটিত হয়। 


প্ৰাপ্ত তথ্য অনুসৰি, শুকুৰবাৰে দুপৰীয়া যেতিয়া সীমান্তৱৰ্তী লেভাৰপুতা গাঁৱৰ অধিকাংশ লোক জুম্মাৰ নামাজৰ বাবে মছজিদলৈ গৈছিল, সেই সুযোগতে এদল বাংলাদেশী চোৰে সীমান্তৰ কাঁটাতাঁৰ কাটি ভাৰতত প্ৰৱেশ কৰে।


চোৰৰ দলটোৱে এখন পথাৰৰ পৰা এটা গৰু লৈ পুনৰ কাঁটাতাঁৰৰ সেই অংশৰে বাংলাদেশলৈ পলায়ন কৰে। কিছুসংখ্যক স্থানীয় লোকে ঘটনাটো প্ৰত্যক্ষ কৰি চিঞৰ-বাখৰ কৰে যদিও চোৰৰ দলটোৱে দ্ৰুতবেগে নদী পাৰ হৈ সিপাৰ পায়গৈ। নামাজৰ শেষত গাঁৱৰ ৰাইজ একত্ৰিত হোৱাৰ পিছতে অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। 


দিনদুপৰতে বাংলাদেশী চোৰে এনেদৰে সীমা লংঘন কৰি গৰু চুৰি কৰা কাৰ্যই স্থানীয় লোকসকলক স্তম্ভিত কৰি তুলিছে। বিশেষকৈ সীমান্তত পহৰা দি থকা বি এছ এফ (BSF) ৰ ভূমিকাৰ ওপৰত এতিয়া ডাঙৰ প্ৰশ্নচিহ্ন থিয় হৈছে। কেনেকৈ নিৰাপত্তাৰক্ষীৰ চকুত ধূলি দি চোৰে কাঁটাতাঁৰ কাটিবলৈ সাহস পালে, তাক লৈ ৰাইজৰ মাজত ব্যাপক ক্ষোভ দেখা গৈছে।  


জানিব পৰা মতে, বি এছ এফ কৰ্তৃপক্ষই ঘটনাটো গুৰুত্বসহকাৰে লৈছে আৰু এই সন্দৰ্ভত বাংলাদেশৰ সীমান্তৰক্ষী বাহিনী বি জি বি (BGB) ৰ সৈতে ফ্ল্যাগ মিটিঙৰ জৰিয়তে আলোচনা আৰম্ভ কৰিছে। সীমান্তৱৰ্তী ৰাইজে এতিয়া অধিক নিৰাপত্তা আৰু চোৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ দাবী জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ