--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সম্পূৰ্ণ গান্ধীবাদী আদৰ্শৰে যান-বাহনৰ চালকসকলক ছাত্ৰৰ গাড়ী ভাড়া ৫০ শতাংশ কমাই ল'বলৈ অনুৰোধ জনাই ৰাজপথত ব্যতিক্ৰমী ৰূপত ছাত্ৰসকলে প্ৰতিবাদ কৰে।

ডিজিটেল ডেস্ক: হঠাতে ১০০ শতাংশ ভাড়া বৃদ্ধিৰ বিৰুদ্ধে ৰাজপথত কলেজীয়া ছাত্ৰৰ তীব্ৰ প্ৰতিবাদ। যাত্ৰীবাহী বাছ, পেট্ৰ'ল ডিজেল চালিত সৰু বাহনৰ লগতে ই-ৰিক্সাসমূহৰ ভাড়া ১০০ শতাংশ বৃদ্ধিৰ বিৰুদ্ধে ছাত্ৰৰ প্ৰতিবাদ।


সম্পূৰ্ণ গান্ধীবাদী আদৰ্শৰে যান-বাহনৰ চালকসকলক ছাত্ৰৰ গাড়ী ভাড়া ৫০ শতাংশ কমাই ল'বলৈ অনুৰোধ জনাই ৰাজপথত ব্যতিক্ৰমী ৰূপত প্ৰতিবাদ ছাত্ৰৰ। 


বৰপেটা ৰোডৰ শিমলাগুৰিত B.H কলেজ, GLC কলেজকে ধৰি কেইবাখনো মহাবিদ্যালয়ৰ ছাত্ৰসকলে বাছ, ই-ৰিক্সা আদি বিভিন্ন যানবাহনৰ চালকসকলক ছাত্ৰ-ছাত্ৰীৰ ৫০ শতাংশ ভাড়া ৰেহাইৰ বাবে অনুৰোধ জনায়।


উল্লেখ্য যে শেহতীয়াভাৱে নামনিৰ কেবাখনো জিলাত যান-বাহনৰ ভাড়া ১০০ শতাংশ বৃদ্ধি কৰা হৈছে। ফলত দুখীয়া আৰু মধ্যবিত্ত পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকল সমস্যাৰ সন্মুখীন হৈছে।


যদিহে অহা ৫ আগষ্টৰ ভিতৰত ছাত্ৰ-ছাত্ৰীসকলক ভাড়াৰ ক্ষেত্ৰত ৰেহাই প্ৰদান কৰা নহয় তেন্তে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলাৰ হুংকাৰ একাংশ ছাত্ৰৰ ।


এইক্ষেত্ৰত ব্যৱস্থা ল'বলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকো আহ্বান ভাগিনসকলৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু