--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সম্পূৰ্ণ গান্ধীবাদী আদৰ্শৰে যান-বাহনৰ চালকসকলক ছাত্ৰৰ গাড়ী ভাড়া ৫০ শতাংশ কমাই ল'বলৈ অনুৰোধ জনাই ৰাজপথত ব্যতিক্ৰমী ৰূপত ছাত্ৰসকলে প্ৰতিবাদ কৰে।

ডিজিটেল ডেস্ক: হঠাতে ১০০ শতাংশ ভাড়া বৃদ্ধিৰ বিৰুদ্ধে ৰাজপথত কলেজীয়া ছাত্ৰৰ তীব্ৰ প্ৰতিবাদ। যাত্ৰীবাহী বাছ, পেট্ৰ'ল ডিজেল চালিত সৰু বাহনৰ লগতে ই-ৰিক্সাসমূহৰ ভাড়া ১০০ শতাংশ বৃদ্ধিৰ বিৰুদ্ধে ছাত্ৰৰ প্ৰতিবাদ।


সম্পূৰ্ণ গান্ধীবাদী আদৰ্শৰে যান-বাহনৰ চালকসকলক ছাত্ৰৰ গাড়ী ভাড়া ৫০ শতাংশ কমাই ল'বলৈ অনুৰোধ জনাই ৰাজপথত ব্যতিক্ৰমী ৰূপত প্ৰতিবাদ ছাত্ৰৰ। 


বৰপেটা ৰোডৰ শিমলাগুৰিত B.H কলেজ, GLC কলেজকে ধৰি কেইবাখনো মহাবিদ্যালয়ৰ ছাত্ৰসকলে বাছ, ই-ৰিক্সা আদি বিভিন্ন যানবাহনৰ চালকসকলক ছাত্ৰ-ছাত্ৰীৰ ৫০ শতাংশ ভাড়া ৰেহাইৰ বাবে অনুৰোধ জনায়।


উল্লেখ্য যে শেহতীয়াভাৱে নামনিৰ কেবাখনো জিলাত যান-বাহনৰ ভাড়া ১০০ শতাংশ বৃদ্ধি কৰা হৈছে। ফলত দুখীয়া আৰু মধ্যবিত্ত পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকল সমস্যাৰ সন্মুখীন হৈছে।


যদিহে অহা ৫ আগষ্টৰ ভিতৰত ছাত্ৰ-ছাত্ৰীসকলক ভাড়াৰ ক্ষেত্ৰত ৰেহাই প্ৰদান কৰা নহয় তেন্তে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলাৰ হুংকাৰ একাংশ ছাত্ৰৰ ।


এইক্ষেত্ৰত ব্যৱস্থা ল'বলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকো আহ্বান ভাগিনসকলৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ