--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ তিনি ভাষিক সূত্ৰক লৈ তামিলনাডু আৰু কেন্দ্ৰৰ মাজত বিবাদ ইমানেই বৃদ্ধি পালে যে ডি এম কে চৰকাৰে বাজেটৰ ল’গ’ৰ পৰা  ₹ আঁতৰাই তামিল আখৰ ‘ரூ’ ব্যৱহাৰ কৰিলে।


 উল্লেখ্য যে তেওঁলোকে আঁতৰোৱা চিম্বলটো আচলতে তামিলনাডুৰ এজন ব্যক্তিয়ে ডিজাইন কৰিছিল। তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ব্যক্তিজন নিজেই ডি এম কে দলৰ।

বৰ্তমান গুৱাহাটী আই আই টিৰ অধ্যাপক ডি উদয়া কুমাৰে টকাৰ চিহ্ন ডিজাইন কৰিছিল। তেওঁৰ পিতৃ তামিলনাডুৰ প্ৰাক্তন ডি এম কে বিধায়ক আছিল। এতিয়া যেতিয়া উদয় কুমাৰক ষ্টেলিন চৰকাৰৰ এই সিদ্ধান্তক লৈ তেওঁৰ মতামত সোধা হ’ল, তেতিয়া তেওঁ এই বিতৰ্কৰ পৰা নিজকে সম্পূৰ্ণৰূপে আঁতৰাই ৰাখি নিজৰ কথা ক’লে।

পিটিআইৰ সৈতে হোৱা কথা-বতৰাত উদয় কুমাৰে কয়, ‘এই সন্দৰ্ভত মোৰ কোনো প্ৰতিক্ৰিয়া নাই। যদি চৰকাৰে পৰিৱৰ্তনৰ প্ৰয়োজন বুলি অনুভৱ কৰে আৰু তাৰ ঠাইত নিজৰ লিপিৰে সলনি কৰিব বিচাৰে তেন্তে সেয়া কৰিব পাৰে। ই নিৰ্ভৰ কৰে ৰাজ্য চৰকাৰৰ ওপৰত। এই বিষয়ে মোৰ ক’বলগীয়া একো নাই।' লগতে তেওঁ কয় যে তামিলনাডু আৰু ডি এম কেৰ সৈতে জড়িত কোনোবাই ইয়াৰ ডিজাইন কৰাটো কেৱল কাকতলীয়া কথা।

এই টকাৰ চিম্বল ভাৰত চৰকাৰে ২০১০ চনৰ ১৫ জুলাই তাৰিখে আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে। ভাৰত চৰকাৰে এখন প্ৰতিযোগিতা আয়োজন কৰিছিল য’ত উদয় কুমাৰৰ ডিজাইনক শ্ৰেষ্ঠ বুলি বিবেচিত হৈছিল। ইয়াৰ পিছত ইয়াক টকাৰ নতুন চিহ্ন হিচাপে গ্ৰহণ কৰা হয়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ