--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাইবাৰ অপৰাধ চক্ৰৰ জালত পৰা প্ৰায় ৫৪০ গৰাকী ভাৰতীয় লোকক থাইলেণ্ড আৰু  অন্য দেশৰ পৰা উদ্ধাৰ কৰা হৈছে। কেন্দ্রীয় মন্ত্রী বাণ্ডি সঞ্জয়ে এই স্বদেশ প্রত্যাৱৰ্তন প্ৰক্ৰিয়াৰ বিষয়ে উল্লেখ কৰি কয় যে এই ভাৰতীয় লোকসকলক চাইবাৰ অপৰাধ চক্ৰই ভুৱা চাকৰিৰ প্ৰস্তাৱেৰে প্রলোভিত কৰিছিল।

ভাৰতীয় বায়ু সেনাৰ এখন বিমানেৰে সোমবাৰে ২৮৩গৰাকী ভাৰতীয়ক উদ্ধাৰ কৰি স্বদেশলৈ প্রত্যৱৰ্তন কৰোৱা হয়। আনহাতে, দ্বিতীয়খন বিমানেৰে মঙলবাৰে মেই ছটৰ পৰা বাকী ভাৰতীয়সকলক স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰোৱা হয়। ইয়াৰে ৪২গৰাকী তেলুগু ৰাজ্যসমূহৰ বুলি মন্ত্ৰীগৰাকীয়ে সদৰী কৰে। 

প্ৰৱঞ্চনাৰ বলি হোৱা ভাৰতীয়সকলক থাইলেণ্ড, কম্বোডিয়া, লাওছ আৰু ম্যানমাৰৰ চাইবাৰ প্ৰৱঞ্চকে ভুৱা চাকৰিৰে প্রলোভিত কৰি দেশসমূহৰ কিছুমান ভুৱা কল চেণ্টাৰত নিয়োগ কৰি চাইবাৰ অপৰাধত জড়িত কৰাইছিল। 

বৈদেশিক পৰিক্ৰমা ম্যালয়ে সদৰী কৰা অনুসৰি, ম্যানমাৰ-থাইলেণ্ড সীমান্তৰ কাষত থকা অঞ্চলসমূহত ভাৰতীয় লোকসকলক চাইবাৰ অপৰাধ আৰু প্ৰৱঞ্চনাৰ কামত জড়িত কৰাইছিল এই আন্তঃৰাষ্ট্ৰীয় চাইবাৰ অপৰাধ চক্ৰই।

উৎস- দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ