--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অনলাইন মাধ্যমত বৰমা বাৰোৱাৰী দুৰ্গা পূজাৰ নাম লৈ দুষ্টচক্ৰই অনুষ্ঠিত কৰিছিল উপহাৰ কুপনৰ খেল। এই খেলৰ উপহাৰ হিচাপে আছিল ইনোভা, স্ক'ৰপিঅ', থাৰকে ধৰি বহু বিলাসী বাহন।

ডিজিটেল ডেস্ক: পহিলা বহাগৰ দিনটোতেই কপাল ফুলিছিল বহু ভাগ্যৱানৰ। অনলাইনত টিকট কাটি লাভ কৰিছিল বিলাসী বাহন। ভাগ্য পৰীক্ষা কৰি লাভ কৰা বিলাসী বাহন নিবলৈ বহু হেঁপাহৰে কেইবাজনো আহিছিল বাক্সাৰ বৰমালৈ।


কোনোবা আহিছে গুৱাহাটীৰ পৰা, আন কোনো আহিছে বৰপেটা, বঙাইগাঁও, গোৱালপাৰাৰ পৰা। পিছে বৰমালৈ আহি আশাত চেঁচাপানী পৰিল ভাগ্যৱানকেইজনৰ। পহিলা বহাগৰ দিনটোতেই অনলাইন প্ৰবঞ্চনাৰ বলি হৈ মূৰে-কপালে হাত দিছে বিজেতাকেইজনে।


অনলাইন মাধ্যমত বৰমা বাৰোৱাৰী দুৰ্গা পূজাৰ নাম লৈ দুষ্টচক্ৰই অনুষ্ঠিত কৰিছিল উপহাৰ কুপনৰ খেল। এই খেলৰ উপহাৰ হিচাপে আছিল ইনোভা, স্ক'ৰপিঅ', থাৰকে ধৰি বহু বিলাসী বাহন।


একেখন থাৰেই লাভ কৰিছে বৰমালৈ বৰ হেঁপাহৰে উপহাৰ ল'বলৈ অহা ৫ জনকৈ ভাগ্যৱানে।


অৱশেষত উপায়ন্তৰ হৈ বৰমা আৰক্ষীৰ কাষ চাপিল ভাগ্যৱানসকল। উল্লেখ্য যে সময়ে সময়ে বৰমা বাৰোৱাৰী দুৰ্গা পূজাৰ নাম লৈ দুষ্টচক্ৰই অনুষ্ঠিত কৰে উপহাৰ কুপনৰ খেল।


এই সন্দৰ্ভত পূৰ্বেই বৰমা আৰক্ষীত অভিযোগ দাখিল কৰিছিল বৰমা বাৰোৱাৰী দুৰ্গা পূজা সমিতিয়ে।


ৰাজ্যত এতিয়াও এইদৰে চলি আছে ভুৱা উপহাৰ কুপনৰ খেল। এনেদৰে অনলাইন টিকট বিক্ৰী কৰা দুষ্টচক্ৰক নাকী লগাব কোনে? 


দুষ্টচক্ৰক গ্ৰেপ্তাৰ কৰি কঠোৰতকৈও কঠোৰ শাস্তিৰ দাবী কৰিছে ৰাইজে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু