--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অনলাইন মাধ্যমত বৰমা বাৰোৱাৰী দুৰ্গা পূজাৰ নাম লৈ দুষ্টচক্ৰই অনুষ্ঠিত কৰিছিল উপহাৰ কুপনৰ খেল। এই খেলৰ উপহাৰ হিচাপে আছিল ইনোভা, স্ক'ৰপিঅ', থাৰকে ধৰি বহু বিলাসী বাহন।

ডিজিটেল ডেস্ক: পহিলা বহাগৰ দিনটোতেই কপাল ফুলিছিল বহু ভাগ্যৱানৰ। অনলাইনত টিকট কাটি লাভ কৰিছিল বিলাসী বাহন। ভাগ্য পৰীক্ষা কৰি লাভ কৰা বিলাসী বাহন নিবলৈ বহু হেঁপাহৰে কেইবাজনো আহিছিল বাক্সাৰ বৰমালৈ।


কোনোবা আহিছে গুৱাহাটীৰ পৰা, আন কোনো আহিছে বৰপেটা, বঙাইগাঁও, গোৱালপাৰাৰ পৰা। পিছে বৰমালৈ আহি আশাত চেঁচাপানী পৰিল ভাগ্যৱানকেইজনৰ। পহিলা বহাগৰ দিনটোতেই অনলাইন প্ৰবঞ্চনাৰ বলি হৈ মূৰে-কপালে হাত দিছে বিজেতাকেইজনে।


অনলাইন মাধ্যমত বৰমা বাৰোৱাৰী দুৰ্গা পূজাৰ নাম লৈ দুষ্টচক্ৰই অনুষ্ঠিত কৰিছিল উপহাৰ কুপনৰ খেল। এই খেলৰ উপহাৰ হিচাপে আছিল ইনোভা, স্ক'ৰপিঅ', থাৰকে ধৰি বহু বিলাসী বাহন।


একেখন থাৰেই লাভ কৰিছে বৰমালৈ বৰ হেঁপাহৰে উপহাৰ ল'বলৈ অহা ৫ জনকৈ ভাগ্যৱানে।


অৱশেষত উপায়ন্তৰ হৈ বৰমা আৰক্ষীৰ কাষ চাপিল ভাগ্যৱানসকল। উল্লেখ্য যে সময়ে সময়ে বৰমা বাৰোৱাৰী দুৰ্গা পূজাৰ নাম লৈ দুষ্টচক্ৰই অনুষ্ঠিত কৰে উপহাৰ কুপনৰ খেল।


এই সন্দৰ্ভত পূৰ্বেই বৰমা আৰক্ষীত অভিযোগ দাখিল কৰিছিল বৰমা বাৰোৱাৰী দুৰ্গা পূজা সমিতিয়ে।


ৰাজ্যত এতিয়াও এইদৰে চলি আছে ভুৱা উপহাৰ কুপনৰ খেল। এনেদৰে অনলাইন টিকট বিক্ৰী কৰা দুষ্টচক্ৰক নাকী লগাব কোনে? 


দুষ্টচক্ৰক গ্ৰেপ্তাৰ কৰি কঠোৰতকৈও কঠোৰ শাস্তিৰ দাবী কৰিছে ৰাইজে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ