--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : বালাকোটৰ এয়াৰ ষ্ট্ৰাইকৰ পাছৰ পৰা ভাৰতত সন্ত্ৰাসবাদ বিয়পোৱাৰ নতুন কৌশল লৈছে পাকিস্তানে। জম্মু সীমান্তত পাকিস্তানৰ বৰ্ধিত গতিবিধিৰ কথা প্ৰকাশ কৰিছে সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বিএছএফে। ভূগৰ্ভৰে সুৰংগ নিৰ্মাণ তথা ড্ৰোন ব্যৱহাৰ কৰি সন্ত্ৰাসবাদী আৰু অস্ত্ৰ-শস্ত্ৰ ভাৰতলৈ প্ৰেৰণৰ ব্যাপক প্ৰচেষ্টাৰ কথা আঙুলিয়াই দি ই দেশখনৰ ষড়যন্ত্ৰৰ গভীৰতাৰ গভীৰতাৰ কথা প্ৰকাশ কৰিছে বিএছএফে।

আৰু পঢ়িব পাৰিব : ভাৰতৰ প্ৰতিষেধক কূটনীতি তুংগত : পাকিস্তানতো ব্যৱহাৰ হ’ব কোভিশ্বিল্ড

এনে প্ৰচেষ্টা ভাৰতে বালাকোটত চলোৱা এয়াৰ ষ্ট্ৰাইকৰ পাছত অৰ্থাৎ ২০১৯ চনৰ ২৬ ফেব্ৰুৱাৰীৰ পাছত বৃদ্ধি হোৱা বুলি তথ্য প্ৰকাশ কৰিছে বিএছএফে। বিএছএফে প্ৰকাশ কৰে যে, বিগত দুবছৰমানত সীমান্তত বহিঃশত্ৰুৰ পৰা সৃষ্টি হোৱা প্ৰত্যাহ্বান বহু তৰপীয়া হৈ পৰিছে। নিৰন্তৰভাৱে পাকিস্তানী সেনা, আইএছআই এজেণ্ট, সন্ত্ৰাসবাদী আৰু বিশেষ বাহিনীৰ গতিবিধি সীমান্তত ধৰা পৰিছে।

আৰু পঢ়িব পাৰিব : নাৰীদেহ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ ১১ গৰাকী কিশোৰী – যুৱতীক !

কেৱল আন্তঃৰাষ্ট্ৰীয় সীমান্ত অংশতে নহয়, পাকিস্তানী ৰেঞ্জৰ সীমান্ত চকীসমূহত এই গতিবিধি ধৰাৰ পৰাৰ কথা প্ৰকাশ কৰিছে জম্মু প্ৰান্তৰ বিএছএফৰ মহা পৰিদৰ্শক এনএছ জামৱালে। জামৱালে প্ৰকাশ কৰা মতে, পাকিস্তানৰ সেনাই তেওঁলোকৰ ‘কাশ্মীৰ আদৰ্শ’ৰ প্ৰসাৰৰ জৰিয়তে এলঅ’চিৰ ইটো প্ৰান্তত প্ৰভাৱ বিস্তাৰ কৰাৰ চেষ্টা তীব্ৰতৰ কৰি গৈ আছে। ভাৰতবিৰোধী এই কাৰ্যকলাপ বিএছএফৰ বাবে প্ৰত্যাহ্বানৰ বিষয় হৈ পৰা বুলি জামৱালে প্ৰকাশ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ