--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : বিশ্বৰ বিভিন্ন দেশলৈ প্ৰেৰণ কৰা হৈছে ভাৰতত উৎপাদিত কোভিড প্ৰতিষেধক। ভাৰতৰ ‘প্ৰতিষেধক কূটনীতি’য়ে ক্ৰমাৎ অধিক বিস্তাৰিত ৰূপ লাভ কৰা দেখা গৈছে। শেহতীয়াকৈ ভাৰতত উৎপাদিত ১ লাখ পালি প্ৰতিষেধক প্ৰেৰণ কৰা হৈছে ভাৰতৰ আন এখন বন্ধু ৰাষ্ট্ৰ ওমানলৈ। ভাৰতৰ চুবুৰীয়া ভালেকেইখন দেশলৈ দেশত উৎপাদিত প্ৰতিষেধক ইতিমধ্যে প্ৰেৰণ কৰা হৈছে।

আৰু পঢ়িব পাৰিব : নাৰীদেহ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ ১১ গৰাকী কিশোৰী – যুৱতীক !

যোৱা সপ্তাহত আফগানিস্তানলৈ প্ৰেৰণ কৰা হৈছিল ৫লাখ পালি কোভিড প্ৰতিষেধক। একেদৰে নেপাল আৰু শ্ৰীলংকালৈও প্ৰতিষেধক প্ৰেৰণ কৰিছে ভাৰতে। কেৱল এয়াই নহয়, ভাৰতে নিকাৰাগুৱালৈ ২লাখ পালি কোভিড প্ৰতিষেধক প্ৰেৰণ কৰিব। একেদৰে বাৰ্বাডোছলৈ ১লাখ, ড’মিনিকালৈ ৭০হাজাৰ আৰু মংগোলিয়ালৈ ১.৫লাখ পালি প্ৰতিষেধক ভাৰতে প্ৰেৰণ কৰিব। এই দেশসমূহৰ সৈতে কোভিড প্ৰতিষেধকৰ জৰিয়তেই এক শক্তিশালী কূটনৈতিক সম্পৰ্ক গঢ়ি উঠাৰ বাট মুকলি হৈছে।

ভাৰতে কোভিডৰ বাণিজ্যিক ৰপ্তানিৰ দিশতো উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিছে। ইজিপ্ত, আলজেৰিয়া, ইউ এ ই, কুৱেইটৰ দৰে দেশে ভাৰতৰ পৰা ইতিমধ্যে প্ৰতিষেধক ক্ৰয় কৰিছে। তদুপৰি ভাৰতে উপহাৰ হিচাপে প্ৰতিষেধক পঠোৱা কেইবাখনো দেশ যেনে, মংগোলিয়া, নিকাৰাগুৱা, ছৌডি আৰৱ, ম্যানমাৰ, বাংলাদেশ, শ্ৰীলংকা আদিয়ে ভাৰতৰ পৰা কোভিড প্ৰতিষেধক ক্ৰয় কৰাৰ বাবে চুক্তিবদ্ধ হৈছে।

আৰু পঢ়িব পাৰিব : ভাঙি পৰিল ভৱন, চাৰিজন আবদ্ধ !

আনহাতে, ভাৰতত উৎপাদিত এষ্ট্ৰাজেনেকাৰ ৭ নিযুত কোভিশ্বিল্ড প্ৰতিষেধক পাকিস্তানৰ বিনামূলীয়া কোভিডবিৰোধী টিকাকৰণ অভিযানত অন্তৰ্ভুক্ত হ’ব। অহা সপ্তাহৰ পৰা দেশখনত এই অভিযান চলিব। পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ বিশেষ স্বাস্থ্য বিষয়ক সহকাৰী ডঃ ফাইজল ছুলতানে প্ৰকাশ কৰিছে যে, মাৰ্চৰ ভিতৰত ৭ নিযুত কোভিশ্বিল্ড দেশখনে লাভ কৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ