--°C
Loading...
Listen to Article
2 min read
80%

ৰাষ্ট্ৰসংঘ : ক’ভিড বিৰোধী যুদ্ধৰ সেনাপতি ভাৰত! দুটাকৈ প্ৰতিষেধকৰ জৰিয়তে ক’ভিড যুদ্ধত বিশ্বক সন্মুখৰ পৰা নেতৃত্ব দিয়া ভাৰত আন এক গৰ্বৰ অধিকাৰী হৈছে। এই গৰ্বৰ কাৰণ হৈছে ভাৰতৰ ছেৰাম ইনষ্টিটিউট। এই অগ্ৰণী ফাৰ্মা কোম্পানীটোৱে ১১০ কোটি পালি ক’ভিড প্ৰতিষেধক যোগানৰ বাবে এক দীৰ্ঘকালীন চুক্তিত স্বাক্ষৰ কৰিছে। এষ্ট্ৰাজেনেকা-অক্সফ’ৰ্ডৰ ‘ক’ভিশ্বিল্ড’ আৰু নোভাভাক্স প্ৰতিষেধক যোগানৰ বাবে ভাৰতৰ এই দৰৱ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটো ইউনিচেফৰ সৈতে চুক্তিবদ্ধ হৈছে।

আৰু পঢ়িব পাৰিব : ‘চৌৰি চৌৰা আন্দোলন’ৰ শতবৰ্ষীয় উদযাপনৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰীৰ…

বিশ্বৰ এশখন দেশৰ বাবে ১১০ কোটি পালি ক’ভিড প্ৰতিষেধক এই চুক্তিৰ জৰিয়তে ইউনিচেফে লাভ কৰিব বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে। অক্সফ’ৰ্ড-এষ্ট্ৰাজেনেকাৰ ক’ভিশ্বিল্ড প্ৰতিষেধক পুনেৰ ছেৰাম ইনষ্টিটিউটত উৎপাদন হৈ থকাৰ বিপৰীতে নোভাভাক্স আমেৰিকাৰ নোভাভাক্স প্ৰতিষ্ঠানে উৎপাদন কৰি আছে। ইউনিচেফৰ কাৰ্যবাহী সঞ্চালক হেনৰিয়েট্টা ফ’ৰে এই চুক্তিৰ বিষয়ে প্ৰকাশ কৰে।

তেওঁ কয়, ‘আজি আমি এইকথা জনাবলৈ পাই সুখী হৈছোঁ যে, ভাৰতৰ ছেৰাম ইনষ্টিটিউটৰ সৈতে ক’ভিড প্ৰতিষেধক যোগান সম্পৰ্কীয় আমাৰ এক দীৰ্ঘকালীন চুক্তি সম্পূৰ্ণ হৈছে।

আৰু পঢ়িব পাৰিব : অসম-মিজোৰাম সীমান্তৰ চৰকাৰী বিদ্যালয়ত বোমা বিস্ফোৰণ দুৰ্বৃত্তৰ

ইয়াৰ জৰিয়তে প্ৰযুক্তিগত বুজাবুজিৰ জৰিয়তে এষ্ট্ৰাজেনেকা আৰু নোভাভাক্স-এ উৎপাদন কৰি থকা দুবিধ ক’ভিড প্ৰতিষেধক আমি লাভ কৰিম।’ প্ৰতিপালি প্ৰতিষেধকত আনুমানিক ৩ আমেৰিকান ডলাৰ মূল্যৰে ১০০খন নিম্ন আৰু নিম্ন মধ্য আয়ৰ দেশত এই প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ