--°C
Loading...
Listen to Article
2 min read
80%

ৰাষ্ট্ৰসংঘ : ক’ভিড বিৰোধী যুদ্ধৰ সেনাপতি ভাৰত! দুটাকৈ প্ৰতিষেধকৰ জৰিয়তে ক’ভিড যুদ্ধত বিশ্বক সন্মুখৰ পৰা নেতৃত্ব দিয়া ভাৰত আন এক গৰ্বৰ অধিকাৰী হৈছে। এই গৰ্বৰ কাৰণ হৈছে ভাৰতৰ ছেৰাম ইনষ্টিটিউট। এই অগ্ৰণী ফাৰ্মা কোম্পানীটোৱে ১১০ কোটি পালি ক’ভিড প্ৰতিষেধক যোগানৰ বাবে এক দীৰ্ঘকালীন চুক্তিত স্বাক্ষৰ কৰিছে। এষ্ট্ৰাজেনেকা-অক্সফ’ৰ্ডৰ ‘ক’ভিশ্বিল্ড’ আৰু নোভাভাক্স প্ৰতিষেধক যোগানৰ বাবে ভাৰতৰ এই দৰৱ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটো ইউনিচেফৰ সৈতে চুক্তিবদ্ধ হৈছে।

আৰু পঢ়িব পাৰিব : ‘চৌৰি চৌৰা আন্দোলন’ৰ শতবৰ্ষীয় উদযাপনৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰীৰ…

বিশ্বৰ এশখন দেশৰ বাবে ১১০ কোটি পালি ক’ভিড প্ৰতিষেধক এই চুক্তিৰ জৰিয়তে ইউনিচেফে লাভ কৰিব বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে। অক্সফ’ৰ্ড-এষ্ট্ৰাজেনেকাৰ ক’ভিশ্বিল্ড প্ৰতিষেধক পুনেৰ ছেৰাম ইনষ্টিটিউটত উৎপাদন হৈ থকাৰ বিপৰীতে নোভাভাক্স আমেৰিকাৰ নোভাভাক্স প্ৰতিষ্ঠানে উৎপাদন কৰি আছে। ইউনিচেফৰ কাৰ্যবাহী সঞ্চালক হেনৰিয়েট্টা ফ’ৰে এই চুক্তিৰ বিষয়ে প্ৰকাশ কৰে।

তেওঁ কয়, ‘আজি আমি এইকথা জনাবলৈ পাই সুখী হৈছোঁ যে, ভাৰতৰ ছেৰাম ইনষ্টিটিউটৰ সৈতে ক’ভিড প্ৰতিষেধক যোগান সম্পৰ্কীয় আমাৰ এক দীৰ্ঘকালীন চুক্তি সম্পূৰ্ণ হৈছে।

আৰু পঢ়িব পাৰিব : অসম-মিজোৰাম সীমান্তৰ চৰকাৰী বিদ্যালয়ত বোমা বিস্ফোৰণ দুৰ্বৃত্তৰ

ইয়াৰ জৰিয়তে প্ৰযুক্তিগত বুজাবুজিৰ জৰিয়তে এষ্ট্ৰাজেনেকা আৰু নোভাভাক্স-এ উৎপাদন কৰি থকা দুবিধ ক’ভিড প্ৰতিষেধক আমি লাভ কৰিম।’ প্ৰতিপালি প্ৰতিষেধকত আনুমানিক ৩ আমেৰিকান ডলাৰ মূল্যৰে ১০০খন নিম্ন আৰু নিম্ন মধ্য আয়ৰ দেশত এই প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু