--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দাইল, বিভিন্ন ধৰণৰ শাক, মাছ, মাংস, কণী ইত্যাদিৰ লগত খৰিচা দি জুতিদায়ক খাদ্য প্ৰস্তুত কৰা হয়। এই খৰিচা শুকুৱাই বা আচাৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰি ।

ডিজিটেল ডেস্ক: খৰিচা অসমীয়া সমাজৰ এক অতি জনপ্ৰিয় পৰম্পৰাগত খাদ্য। খৰিচা বাঁহ-গাজৰ পৰা তৈয়াৰ কৰা হয়। ই কেৱল সোৱাদেই নহয়, স্বাস্থ্যৰ বাবেও অতি উপকাৰী। খৰিচাত প্ৰ'টিন, ভিটামিন, খনিজ পদাৰ্থ (পটেছিয়াম, ফছফৰাছ, আইৰণ) আৰু আঁহ প্ৰচুৰ পৰিমাণে থাকে। এছিয়া মহাদেশৰ বিভিন্ন দেশৰ খাদ্যাভ্যাসত খৰিচাৰ ব্যৱহাৰ হয় আৰু ইয়াক বিভিন্ন নামেৰে জনা যায়। অসম তথা উত্তৰ-পূব ভাৰতৰ ভৈয়ামৰ জাতি-জনজাতিৰ দৰে পাহাৰীয়া জন-জনজাতিৰো এয়া উপাদেয় খাদ্য। ইয়াৰ বহুতো ঔষধি গুণ আছে।


কাক , ভলুকা, কেঁকোৰা আদি বাঁহৰ খৰিচা প্ৰস্তুত কৰা হয়। কাক' বাঁহৰ খৰিচা আটাইতকৈ উত্তম হয় । কোনো কোনো লোকে জাতি বাঁহৰ গাজ তিতা বুলি কয়। অসমীয়া সমাজত বসন্ত ওলোৱাৰ পিছত নাড়ী শীতল কৰিবলৈ শুকান খৰিচা ব্যৱহাৰ কৰাৰ পৰম্পৰা আছিল। দাইল, বিভিন্ন ধৰণৰ শাক, মাছ, মাংস, কণী ইত্যাদিৰ লগত খৰিচা দি জুতিদায়ক খাদ্য প্ৰস্তুত কৰা হয়। এই খৰিচা শুকুৱাই বা আচাৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰি । কেঁচা খৰিচা চাটনি হিচাপে, মাছ মাংসৰ লগত বা অন্য ব্যঞ্জনৰ লগত ৰান্ধি খোৱা হয়।


অসমীয়া সমাজত খৰিচাক লৈ প্ৰবচনো আছে:


তোমাৰ বাৰীৰ বাঁহ গাজ আনি তাৰে কৰোঁ খৰিচা,

তোমাকে বেচি ধানদোন লওঁ কথাটো মন কৰিছা।


খৰিচাৰ নানা উপকাৰী গুণ


১) খৰিচাত থকা প্ৰচুৰ পৰিমাণে আঁহে হজম শক্তি বঢ়োৱাত সহায় কৰে।


২) ইয়াত থকা ভিটামিন আৰু বিভিন্ন পুষ্টিকৰ উপাদানে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।


৩) খৰিচাত কলেষ্টেৰল আৰু ফেট (চৰ্বি)ৰ পৰিমাণ অতি কম থাকে, যাৰ ফলত ই হৃদযন্ত্ৰ সুস্থ ৰখাত সহায় কৰে।


৪) কম কেল’ৰীযুক্ত আৰু উচ্চ আঁহযুক্ত খাদ্য হোৱাৰ বাবে ওজন কমাবলৈ বিচৰা লোকসকলৰ বাবে খৰিচা উত্তম।


৫) কিছুমান গৱেষণা অনুসৰি, বাঁহ-গাজে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰা আৰু কৰ্কট ৰোগৰ দৰে জটিল ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে।


৬) অসমৰ বিভিন্ন ঘৰত এতিয়াও আই (বসন্ত) ওলালে শুকনি হিচাপে শুকান খৰিছা-মাগুৰ মাছৰ আঞ্জা দিয়া হয়।


৭) এণ্টিইনফ্লেমেটৰী আৰু বিষহাৰক গুণৰ বাবে বাঁহ-গাজ কটা-চিঙা, খহু,ঘাত আদিত বাহ্যিক প্ৰয়োগ কৰি যোগাত্মক ফলাফল দেখা গৈছে।বাঁহগাজত চিলিচিক এচিড থাকে বাবে ইয়াক বিষনাশক ঔষধ হিচাপেও ব্যৱহাৰ কৰা হয়। 


৮) খৰিচাই পাকস্থলীৰ স্বাস্থ্য ভালে ৰাখে। লগতে আঘাত আৰু ঘাঁ পৰিষ্কাৰ কৰিবলৈ গাজ ব্যৱহাৰ কৰা হয়।


সাৱধানতা- খৰিচা স্বাস্থ্যৰ বাবে উপকাৰী হ’লেও, ইউৰিক এচিড (Uric Acid) বা বাতবিষ (Arthritis)ৰ সমস্যা থকা লোকসকলে ইয়াক সীমিত পৰিমাণে খোৱাই ভাল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু