--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দাইল, বিভিন্ন ধৰণৰ শাক, মাছ, মাংস, কণী ইত্যাদিৰ লগত খৰিচা দি জুতিদায়ক খাদ্য প্ৰস্তুত কৰা হয়। এই খৰিচা শুকুৱাই বা আচাৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰি ।

ডিজিটেল ডেস্ক: খৰিচা অসমীয়া সমাজৰ এক অতি জনপ্ৰিয় পৰম্পৰাগত খাদ্য। খৰিচা বাঁহ-গাজৰ পৰা তৈয়াৰ কৰা হয়। ই কেৱল সোৱাদেই নহয়, স্বাস্থ্যৰ বাবেও অতি উপকাৰী। খৰিচাত প্ৰ'টিন, ভিটামিন, খনিজ পদাৰ্থ (পটেছিয়াম, ফছফৰাছ, আইৰণ) আৰু আঁহ প্ৰচুৰ পৰিমাণে থাকে। এছিয়া মহাদেশৰ বিভিন্ন দেশৰ খাদ্যাভ্যাসত খৰিচাৰ ব্যৱহাৰ হয় আৰু ইয়াক বিভিন্ন নামেৰে জনা যায়। অসম তথা উত্তৰ-পূব ভাৰতৰ ভৈয়ামৰ জাতি-জনজাতিৰ দৰে পাহাৰীয়া জন-জনজাতিৰো এয়া উপাদেয় খাদ্য। ইয়াৰ বহুতো ঔষধি গুণ আছে।


কাক , ভলুকা, কেঁকোৰা আদি বাঁহৰ খৰিচা প্ৰস্তুত কৰা হয়। কাক' বাঁহৰ খৰিচা আটাইতকৈ উত্তম হয় । কোনো কোনো লোকে জাতি বাঁহৰ গাজ তিতা বুলি কয়। অসমীয়া সমাজত বসন্ত ওলোৱাৰ পিছত নাড়ী শীতল কৰিবলৈ শুকান খৰিচা ব্যৱহাৰ কৰাৰ পৰম্পৰা আছিল। দাইল, বিভিন্ন ধৰণৰ শাক, মাছ, মাংস, কণী ইত্যাদিৰ লগত খৰিচা দি জুতিদায়ক খাদ্য প্ৰস্তুত কৰা হয়। এই খৰিচা শুকুৱাই বা আচাৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰি । কেঁচা খৰিচা চাটনি হিচাপে, মাছ মাংসৰ লগত বা অন্য ব্যঞ্জনৰ লগত ৰান্ধি খোৱা হয়।


অসমীয়া সমাজত খৰিচাক লৈ প্ৰবচনো আছে:


তোমাৰ বাৰীৰ বাঁহ গাজ আনি তাৰে কৰোঁ খৰিচা,

তোমাকে বেচি ধানদোন লওঁ কথাটো মন কৰিছা।


খৰিচাৰ নানা উপকাৰী গুণ


১) খৰিচাত থকা প্ৰচুৰ পৰিমাণে আঁহে হজম শক্তি বঢ়োৱাত সহায় কৰে।


২) ইয়াত থকা ভিটামিন আৰু বিভিন্ন পুষ্টিকৰ উপাদানে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।


৩) খৰিচাত কলেষ্টেৰল আৰু ফেট (চৰ্বি)ৰ পৰিমাণ অতি কম থাকে, যাৰ ফলত ই হৃদযন্ত্ৰ সুস্থ ৰখাত সহায় কৰে।


৪) কম কেল’ৰীযুক্ত আৰু উচ্চ আঁহযুক্ত খাদ্য হোৱাৰ বাবে ওজন কমাবলৈ বিচৰা লোকসকলৰ বাবে খৰিচা উত্তম।


৫) কিছুমান গৱেষণা অনুসৰি, বাঁহ-গাজে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰা আৰু কৰ্কট ৰোগৰ দৰে জটিল ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে।


৬) অসমৰ বিভিন্ন ঘৰত এতিয়াও আই (বসন্ত) ওলালে শুকনি হিচাপে শুকান খৰিছা-মাগুৰ মাছৰ আঞ্জা দিয়া হয়।


৭) এণ্টিইনফ্লেমেটৰী আৰু বিষহাৰক গুণৰ বাবে বাঁহ-গাজ কটা-চিঙা, খহু,ঘাত আদিত বাহ্যিক প্ৰয়োগ কৰি যোগাত্মক ফলাফল দেখা গৈছে।বাঁহগাজত চিলিচিক এচিড থাকে বাবে ইয়াক বিষনাশক ঔষধ হিচাপেও ব্যৱহাৰ কৰা হয়। 


৮) খৰিচাই পাকস্থলীৰ স্বাস্থ্য ভালে ৰাখে। লগতে আঘাত আৰু ঘাঁ পৰিষ্কাৰ কৰিবলৈ গাজ ব্যৱহাৰ কৰা হয়।


সাৱধানতা- খৰিচা স্বাস্থ্যৰ বাবে উপকাৰী হ’লেও, ইউৰিক এচিড (Uric Acid) বা বাতবিষ (Arthritis)ৰ সমস্যা থকা লোকসকলে ইয়াক সীমিত পৰিমাণে খোৱাই ভাল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ