--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এই উৰহী বা বীণ জাতীয় পাচলিবোৰ হৈছে-প্ৰ’টিনৰ উৎস। তদুপৰি এইবিধ পাচলিত থাকে-ভিটামিন এ, ভিটামিন চি, ফ’লেট্‌ ফাইবাৰ বা আঁহ, এণ্টিঅক্সিডেণ্ট।

ডিজিটেল ডেস্কঃ অসমীয়া সমাজত এক জনপ্ৰিয় তথা স্বাস্থ্য লাভকাৰী পাচলি হৈছে উৰহী (Indian Bean)। উৰহী সৰহকৈ তেলত ভাজি খাবলৈ বৰ ভাল। বহুতে বইল কৰিও খায় আৰু লাবৰা ভাজিতো উৰহী ব্যৱহাৰ হয়। দাইলত দিও উৰহী খায়। পৃথিৱীৰ বিভিন্ন দেশত উৰহী বা বীণ জাতীয় পাচলিৰ মুঠতে ১৫০ টা প্ৰজাতি আছে আৰু এইবোৰৰ নামবোৰ ভিন্‌ ভিন্‌ হ’লেও ইহঁতৰ উপকাৰিতা গুণবোৰ একেই ধৰণৰ। 


এই উৰহী বা বীণ জাতীয় পাচলিবোৰ হৈছে-প্ৰ’টিনৰ উৎস। তদুপৰি এইবিধ পাচলিত থাকে-ভিটামিন এ, ভিটামিন চি, ফ’লেট্‌ ফাইবাৰ বা আঁহ, এণ্টিঅক্সিডেণ্ট। উৰহীত আছে নানা তৰহৰ উপকাৰী খনিজ দ্ৰব্য, যেনে-কেলচিয়াম, আইৰণ (লো), পটাচিয়াম ফচফৰাচ, মেগনেছিয়াম, ছ’ডিয়াম, জিংক আদি। এনে পুষ্টিৰে ভৰপূৰ এই খাদ্যবোৰে বিভিন্ন শাৰীৰিক সমস্যা বা ৰোগ দূৰত ৰখাত সহায় কৰে।


আহকচোন জানো উৰহীৰ উপকাৰিতাৰ বিষয়ে-


১)প্ৰ’টিনৰ উৎসস্বৰূপ উৰহীত আছে ভিটামিন চি, ভিটামিন চিয়ে শৰীৰৰ প্ৰতিৰোধ শক্তিৰ (ইমিউন ছিষ্টেম) বৃদ্ধি কৰে। 


২) সাধাৰণ পানীলগা, কফ, এজমা (হাঁপানী) আদি ৰোগক প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰতো উৰহীয়ে সহায় কৰে। 


৩)শিশুৰ শৰীৰত উৰহীয়ে এণ্টিঅক্সিডেণ্ট হিচাপেও কাম কৰে।


৪) মগজুৰ বাবে ভাল।


৫)উৰহীত থকা এণ্টিঅক্সিডেণ্টবোৰে মুক্ত ৰেডিকেলৰ দ্বাৰা হোৱা ক্ষতি প্ৰতিহত কৰে আৰু বয়স বৃদ্ধি প্ৰক্ৰিয়া, নিউৰো-ডিজেনাৰেটিভ ৰোগ আৰু কৰ্কট ৰোগ প্ৰতিৰোধ কৰে।


৬)উৰহীত থকা চেলেনিয়াম, মেঙ্গানিজ আৰু জিংকৰ দৰে খনিজ পদাৰ্থই হাঁওফাঁওৰ বিকাৰ থকা লোকসকলৰ ক্ষেত্ৰত উপকাৰ সাধে। 


৪) হৃদৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে কিয়নো ই স্বাস্থ্যকৰ ভেণ্ট্ৰিকুলাৰকাৰ্য বজাই ৰাখে আৰু হৃদযন্ত্ৰৰ বিফলতাৰ চিকিৎসাও কৰে। 


৫) অনিদ্ৰাৰ সমস্যা দূৰ কৰে।


৬) হজমী শক্তি বৃদ্ধি কৰে। উৰহীত থকা আঁহে হজমত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। 


৭) শৌচৰ প্ৰক্ৰিয়া সুস্থ কৰে আৰু শৰীৰৰ পৰা আৱৰ্জনা নিৰ্গত কৰাত সহায় কৰে।


৮) শৰীৰত শক্তিৰ যোগান ধৰে। ই শৰীৰক পুষ্টি শোষণ কৰাত আৰু খাদ্যৰ পৰা প্ৰ’টিন হজম কৰাত সহায় কৰে। লোৰ নিম্ন উপস্থিতিৰ ফলত এই প্ৰক্ৰিয়া লেহেম হয়, সক্ৰিয় হোৱাত সমস্যা হয় আৰু অৱসাদ সৃষ্টি হয়। এনেদৰে উৰহীৰ সেৱনে শৰীৰত শক্তিৰ যোগান ধৰে।


৯)উৰহীত পৰ্যাপ্ত পৰিমাণৰ পটাছিয়াম থাকে যিয়ে পেশীৰ সংকোচন হ্ৰাস কৰে আৰু পেশীৰ শক্তি উন্নত কৰে।


১০)দাঁতৰ আলুৰ বাবে ভাল। উৰহীত থকা ভিটামিন আৰু খনিজ পদাৰ্থই দাঁতৰ ক্ষয় নিৰাময় কৰাত সহায় কৰে। 


১১) মানুহৰ মন মেজাজ উন্নত কৰে। উৰহীত থকা প্ৰ’টিনে গ্লুকোজ সন্তুলিত কৰে আৰু ৰক্ত শৰ্কৰাৰ স্তৰৰ তাৰতম্যৰ সৈতে সম্পৰ্কিত খিংখিঙীয়া, মেজাজৰ সম্ভাৱনা প্ৰতিহত কৰে।


আহক আমি আমাৰ খাদ্য তালিকাত উৰহীক স্থান দিওঁ আৰু সুস্বাস্থ্যৱান হৈ থাকো।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement