--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দোৰোণ ফুলৰ পাতৰ ৰসে চৰ্মৰোগ ভাল কৰে। নাকেৰে তেজ ওলালে দুটোপাল পাতৰ ৰস তেজ ওলোৱা নাকত দিলেও উপশম পোৱা যায়।

ডিজিটেল ডেস্ক: আমাৰ সকলোৰে জ্ঞাত অসমৰ পৰ্বত-ভৈয়াম সকলোতে যিমানবোৰ গছ-লতিকা আছে তাৰ বেছিভাগেই ঔষধি গুণসম্পন্ন। তাৰে ভিতৰত ‘দোৰোনবন’ বা ‘দোৰোণশাক’ ঔষধিগুণেৰে ভৰপূৰ এবিধ উল্লেখযোগ্য বনশাক। ‘দোৰোণবন’ বুলি ক’লে চিনি নোপোৱা মানুহ হয়তো নোলাব।


অসমীয়াৰ স্বাভিমান আমাৰ সকলোৰে চেনেহৰ ব’হাগ বিহুত ‘গৰুবিহু’ বা ‘মানুহ বিহুৰ দিনা অসমীয়া সমাজত এশ এবিধ শাকেৰে ভাজি বনাই ভাতসাঁজ খোৱাটো পৰম্পৰাগত নীতি। সেই দিনাৰ ভাজিখনত দোৰোণৰ দুই/তিনিটামান আগ মিহলাই দিলে, তাৰ সোৱাদেই অনন্য হয়। কথিত আছে সেইদিনা খোৱা প্ৰতিবিধ শাকেই আমাৰ শৰীৰত ঔষধ হিচাপে কাম কৰে ৷


দোৰোণ শাক এবিধ লেমিয়াছি গোত্ৰৰ অন্তৰ্গত তৃণজাতীয় উদ্ভিদ। দোৰোণ শাকক বিভিন্ন ধৰণৰ কামত বনৌষধি হিচাপে ব্যৱহাৰ কৰা হয়। দোৰোণ শাকক ঠাই বিশেষে ভিন্ন নামেৰে জনা যায়। অসমত এইবিধ শাকক ‘দোৰোণ শাক’ বুলি জনাজাত।


দোৰোণ শাকৰ প্ৰধান উপকাৰিতাসমূহ তলত উল্লেখ কৰা হ’ল:


১) কাহ আৰু শ্বাস-প্ৰশ্বাসৰ সমস্যাত: হাপানী, চাইনাচ আৰু কাঁহৰ সমস্যাত দোৰোণ শাকৰ পাত আৰু ফুলৰ ৰস খুবেই উপকাৰী। কেঁচুৱাৰ কাঁহ হ’লে ইয়াৰ ফুল মৌজোলৰ সৈতে খুৱালে সুফল পোৱা যায়। ইয়াৰ উতলা পানীৰ ভাপ ল’লে চৰ্দি আৰু শ্বাস-প্ৰশ্বাসৰ সমস্যাত সকাহ পোৱা যায়।


২) নিয়মীয়াকৈ দোৰোণ শাক খালে তেজৰ চেনিৰ মাত্ৰা (Blood Sugar) নিয়ন্ত্ৰণত থাকে।


৩) খৰ, খজুৱতি, একজিমা আদি জটিল চৰ্মৰোগত দোৰোণ শাকৰ ৰস লগালে ভাল ফল পোৱা যায়।


৪) ভিটামিন আৰু খনিজ লৱণেৰে সমৃদ্ধ এই শাকে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে।


৫) শৰীৰৰ যিকোনো বিষ কমাবলৈ আৰু কটা বা জুইয়ে পোৰা ঠাইত ইয়াৰ ৰস ব্যৱহাৰ কৰা হয়।


৬) এই শাক খালে ভোক বাঢ়ে আৰু পেটৰ কৃমি নাশ হোৱাত সহায় কৰে।


৭) দোৰোণ ফুলৰ পাতৰ ৰসে চৰ্মৰোগ ভাল কৰে। নাকেৰে তেজ ওলালে দুটোপাল পাতৰ ৰস তেজ ওলোৱা নাকত দিলেও উপশম পোৱা যায়। 


৮) দোৰোণ বনৰ ৰস দুই -তিনিবাৰকৈ নখত হোৱা বিষ তথা নখ উখহি যোৱা ৰোগত লগালে উপকাৰ পোৱা যায় ।


৯) মেলেৰিয়া জ্বৰ, পাল জ্বৰ, লিভাৰজনিত সমস্যা আদিত দোৰোণ বনৰ ৰস অতি উপকাৰী।


১০) টনচিল বাঢ়িলে দোৰোণ শাক ভাজি আহাৰৰ লগত খালে উপকৃত হয় ।


উল্লেখ্য যে শাক হিচাপে খালে ইয়াৰ তিতা ভাবটো কমাবলৈ সাধাৰণতে আলু, পিয়াঁজ, বা মগু দাইলৰ সৈতে মিহলাই ভাজি বা বয়ল কৰি খোৱা হয়। দোৰোণ শাক কলাখাৰেৰেও ভাজি খাব পাৰি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ