--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দোৰোণ ফুলৰ পাতৰ ৰসে চৰ্মৰোগ ভাল কৰে। নাকেৰে তেজ ওলালে দুটোপাল পাতৰ ৰস তেজ ওলোৱা নাকত দিলেও উপশম পোৱা যায়।

ডিজিটেল ডেস্ক: আমাৰ সকলোৰে জ্ঞাত অসমৰ পৰ্বত-ভৈয়াম সকলোতে যিমানবোৰ গছ-লতিকা আছে তাৰ বেছিভাগেই ঔষধি গুণসম্পন্ন। তাৰে ভিতৰত ‘দোৰোনবন’ বা ‘দোৰোণশাক’ ঔষধিগুণেৰে ভৰপূৰ এবিধ উল্লেখযোগ্য বনশাক। ‘দোৰোণবন’ বুলি ক’লে চিনি নোপোৱা মানুহ হয়তো নোলাব।


অসমীয়াৰ স্বাভিমান আমাৰ সকলোৰে চেনেহৰ ব’হাগ বিহুত ‘গৰুবিহু’ বা ‘মানুহ বিহুৰ দিনা অসমীয়া সমাজত এশ এবিধ শাকেৰে ভাজি বনাই ভাতসাঁজ খোৱাটো পৰম্পৰাগত নীতি। সেই দিনাৰ ভাজিখনত দোৰোণৰ দুই/তিনিটামান আগ মিহলাই দিলে, তাৰ সোৱাদেই অনন্য হয়। কথিত আছে সেইদিনা খোৱা প্ৰতিবিধ শাকেই আমাৰ শৰীৰত ঔষধ হিচাপে কাম কৰে ৷


দোৰোণ শাক এবিধ লেমিয়াছি গোত্ৰৰ অন্তৰ্গত তৃণজাতীয় উদ্ভিদ। দোৰোণ শাকক বিভিন্ন ধৰণৰ কামত বনৌষধি হিচাপে ব্যৱহাৰ কৰা হয়। দোৰোণ শাকক ঠাই বিশেষে ভিন্ন নামেৰে জনা যায়। অসমত এইবিধ শাকক ‘দোৰোণ শাক’ বুলি জনাজাত।


দোৰোণ শাকৰ প্ৰধান উপকাৰিতাসমূহ তলত উল্লেখ কৰা হ’ল:


১) কাহ আৰু শ্বাস-প্ৰশ্বাসৰ সমস্যাত: হাপানী, চাইনাচ আৰু কাঁহৰ সমস্যাত দোৰোণ শাকৰ পাত আৰু ফুলৰ ৰস খুবেই উপকাৰী। কেঁচুৱাৰ কাঁহ হ’লে ইয়াৰ ফুল মৌজোলৰ সৈতে খুৱালে সুফল পোৱা যায়। ইয়াৰ উতলা পানীৰ ভাপ ল’লে চৰ্দি আৰু শ্বাস-প্ৰশ্বাসৰ সমস্যাত সকাহ পোৱা যায়।


২) নিয়মীয়াকৈ দোৰোণ শাক খালে তেজৰ চেনিৰ মাত্ৰা (Blood Sugar) নিয়ন্ত্ৰণত থাকে।


৩) খৰ, খজুৱতি, একজিমা আদি জটিল চৰ্মৰোগত দোৰোণ শাকৰ ৰস লগালে ভাল ফল পোৱা যায়।


৪) ভিটামিন আৰু খনিজ লৱণেৰে সমৃদ্ধ এই শাকে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে।


৫) শৰীৰৰ যিকোনো বিষ কমাবলৈ আৰু কটা বা জুইয়ে পোৰা ঠাইত ইয়াৰ ৰস ব্যৱহাৰ কৰা হয়।


৬) এই শাক খালে ভোক বাঢ়ে আৰু পেটৰ কৃমি নাশ হোৱাত সহায় কৰে।


৭) দোৰোণ ফুলৰ পাতৰ ৰসে চৰ্মৰোগ ভাল কৰে। নাকেৰে তেজ ওলালে দুটোপাল পাতৰ ৰস তেজ ওলোৱা নাকত দিলেও উপশম পোৱা যায়। 


৮) দোৰোণ বনৰ ৰস দুই -তিনিবাৰকৈ নখত হোৱা বিষ তথা নখ উখহি যোৱা ৰোগত লগালে উপকাৰ পোৱা যায় ।


৯) মেলেৰিয়া জ্বৰ, পাল জ্বৰ, লিভাৰজনিত সমস্যা আদিত দোৰোণ বনৰ ৰস অতি উপকাৰী।


১০) টনচিল বাঢ়িলে দোৰোণ শাক ভাজি আহাৰৰ লগত খালে উপকৃত হয় ।


উল্লেখ্য যে শাক হিচাপে খালে ইয়াৰ তিতা ভাবটো কমাবলৈ সাধাৰণতে আলু, পিয়াঁজ, বা মগু দাইলৰ সৈতে মিহলাই ভাজি বা বয়ল কৰি খোৱা হয়। দোৰোণ শাক কলাখাৰেৰেও ভাজি খাব পাৰি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু