--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰে বাংলাদেশত ছাত্ৰ আন্দোলনৰ সময়ত গ্ৰেপ্তাৰ হোৱা লোকসকলক মুকলি কৰি দিয়াৰ নিৰ্দেশ দুলে ৰাষ্ট্ৰপতি মহম্মদ শ্বাহবুদ্দিনে। এই সন্দৰ্ভত এক অধিসূচনা জাৰি কৰা হৈছে। জানিব পৰা মতে ১ জুলাইৰ পৰা ৫ আগষ্টলৈ আটক কৰি ৰখা প্ৰতিবাদকাৰীক মুকলি কৰি দিয়া হৈছে।

কোটা সংস্কাৰকসকলক মুকলি কৰি দিবলৈ দাবী জনাইছে ‘বৈষম্য বিৰোধী ছাত্ৰ আন্দোলন’ৰ সদস্যসকলে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি সোমবাৰে ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ সৈতে এক বৈঠকত মিলিত হয়। তাত ছাত্ৰ-ছাত্ৰীসকলে ‘নিৰীহ’ আন্দোলনকাৰীক মুকলি কৰি দিবলৈ দাবী জনায়। ৰাষ্ট্ৰপতিয়ে সেই অনুৰোধ গ্ৰহণ কৰি তেওঁক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লয়। সেই সিদ্ধান্ত মঙলবাৰে কাৰ্যকৰী কৰা হয়।

জুন মাহত ছাত্ৰ-ছাত্ৰীসকলে কোটা সংস্কাৰৰ দাবীত বাংলাদেশলৈ সমদল উলিয়াইছিল। জনসাধাৰণৰ তীব্ৰ ক্ষোভৰ সন্মুখত বাংলাদেশৰ উচ্চতম ন্যায়ালয়ে কোটা সংস্কাৰৰ সপক্ষে ৰায় দিয়ে যদিও এন ডি এফাৰ দাবীত ‘বৈষম্য বিৰোধী ছাত্ৰ আন্দোলন’ই এই আন্দোলন অব্যাহত ৰখাৰ কথা ঘোষণা কৰে। ধৃত আন্দোলনকাৰীক মুকলি কৰি দিয়া, সকলো গোচৰ প্ৰত্যাহাৰ কৰা, কোটা আন্দোলনত আক্ৰমণ কৰাসকলক শাস্তি প্ৰদান কৰাকে ধৰি আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন দাবী আছিল।

কিন্তু যোৱা কেইসপ্তাহমানত আৰক্ষী-প্ৰশাসন আৰু আৱামি লীগৰ যৌথ "আক্ৰমণ"ত ইজনৰ পিছত সিজন আন্দোলনকাৰী নিহত হোৱাৰ অভিযোগ উত্থাপন হৈছিল। আন্দোলনকাৰীসকলে ৯টা দাবীৰ পৰিৱৰ্তে মাত্ৰ এটা দাবীৰে আন্দোলন অব্যাহত ৰখাৰ ঘোষণা কৰে। সেই দাবী হাছিনা চৰকাৰৰ পদত্যাগৰ। সোমবাৰে প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰি শ্বেখ হাছিনাই দেশ এৰি থৈ যায়। কিন্তু তাৰ পাছতো বাংলাদেশত অশান্তি বন্ধ নহ’ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক