--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰে বাংলাদেশত ছাত্ৰ আন্দোলনৰ সময়ত গ্ৰেপ্তাৰ হোৱা লোকসকলক মুকলি কৰি দিয়াৰ নিৰ্দেশ দুলে ৰাষ্ট্ৰপতি মহম্মদ শ্বাহবুদ্দিনে। এই সন্দৰ্ভত এক অধিসূচনা জাৰি কৰা হৈছে। জানিব পৰা মতে ১ জুলাইৰ পৰা ৫ আগষ্টলৈ আটক কৰি ৰখা প্ৰতিবাদকাৰীক মুকলি কৰি দিয়া হৈছে।

কোটা সংস্কাৰকসকলক মুকলি কৰি দিবলৈ দাবী জনাইছে ‘বৈষম্য বিৰোধী ছাত্ৰ আন্দোলন’ৰ সদস্যসকলে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি সোমবাৰে ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ সৈতে এক বৈঠকত মিলিত হয়। তাত ছাত্ৰ-ছাত্ৰীসকলে ‘নিৰীহ’ আন্দোলনকাৰীক মুকলি কৰি দিবলৈ দাবী জনায়। ৰাষ্ট্ৰপতিয়ে সেই অনুৰোধ গ্ৰহণ কৰি তেওঁক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লয়। সেই সিদ্ধান্ত মঙলবাৰে কাৰ্যকৰী কৰা হয়।

জুন মাহত ছাত্ৰ-ছাত্ৰীসকলে কোটা সংস্কাৰৰ দাবীত বাংলাদেশলৈ সমদল উলিয়াইছিল। জনসাধাৰণৰ তীব্ৰ ক্ষোভৰ সন্মুখত বাংলাদেশৰ উচ্চতম ন্যায়ালয়ে কোটা সংস্কাৰৰ সপক্ষে ৰায় দিয়ে যদিও এন ডি এফাৰ দাবীত ‘বৈষম্য বিৰোধী ছাত্ৰ আন্দোলন’ই এই আন্দোলন অব্যাহত ৰখাৰ কথা ঘোষণা কৰে। ধৃত আন্দোলনকাৰীক মুকলি কৰি দিয়া, সকলো গোচৰ প্ৰত্যাহাৰ কৰা, কোটা আন্দোলনত আক্ৰমণ কৰাসকলক শাস্তি প্ৰদান কৰাকে ধৰি আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন দাবী আছিল।

কিন্তু যোৱা কেইসপ্তাহমানত আৰক্ষী-প্ৰশাসন আৰু আৱামি লীগৰ যৌথ "আক্ৰমণ"ত ইজনৰ পিছত সিজন আন্দোলনকাৰী নিহত হোৱাৰ অভিযোগ উত্থাপন হৈছিল। আন্দোলনকাৰীসকলে ৯টা দাবীৰ পৰিৱৰ্তে মাত্ৰ এটা দাবীৰে আন্দোলন অব্যাহত ৰখাৰ ঘোষণা কৰে। সেই দাবী হাছিনা চৰকাৰৰ পদত্যাগৰ। সোমবাৰে প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰি শ্বেখ হাছিনাই দেশ এৰি থৈ যায়। কিন্তু তাৰ পাছতো বাংলাদেশত অশান্তি বন্ধ নহ’ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সকলোৱে লিখিছে #JusticeForZubeenGarg ; সামাজিক মাধ্যমত হেচটেগ ব্যৱহাৰৰ গুৰুত্ব কি?
আজিৰে পৰা আমেৰিকালৈ পুনৰ ডাক সেৱা আৰম্ভ ভাৰতৰ
প্রতি দহ গ্রাম সোণৰ দাম ১,২৪,১৫৫ টকালৈ বৃদ্ধি
গৰৈমাৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড! কলেজীয়া ছাত্ৰীক হত্যা কৰিলে প্ৰেমিকে
তেজপুৰত চাঞ্চল্যকৰ হত্যাকাণ্ড; কুঠাৰেৰে ঘপিয়াই হত্যা কৰে মহিলাক
শ্ৰীমন্ত মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত বিশ্ব এলঝাইমাৰ দিৱস; নাট 'জলছবি'ৰ সফল মঞ্চায়ন
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী
ভাৰতীয় ৰে’লৱে সুৰক্ষা অপাৰেচন চেণ্টাৰৰ বাবে এয়াৰটেল বিজনেছৰ বহু বছৰীয়া চুক্তি লাভ
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ
বিশ্ব বেডমিন্টনৰ কোৱাৰ্টাৰত ভাৰত, শীর্ষস্থানৰ থাইলেণ্ডৰ বিদায়
বিহাৰৰ ভোজপুৰী চিনেমাৰ অভিনেতা পৱন সিঙলৈ 'ৱাই' কেটেগৰীৰ নিৰাপত্তা
২০২৮ত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি হ'ব ভাৰত, মুম্বাইত ব্রিটিছ প্রধানমন্ত্ৰীৰ দাবী