--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এদশকৰো অধিক সময় ধৰি বহুতে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক ‘আইৰন লেডী’ বুলি মাতিছিল। প্ৰায় ছাৰে পোন্ধৰ বছৰ ধৰি ক্ষমতাত থকা এগৰাকী প্ৰধানমন্ত্ৰীয়ে এনেদৰে দেশ এৰি যাব পাৰে বুলি বহুতে কল্পনাও কৰা নাছিল।

বাংলাদেশৰ ইতিহাসত ইয়াৰ আগতে কেতিয়াও কোনো ব্যক্তি ক্ষমতাৰ পৰা অপসাৰণ কৰি দেশ এৰি পলায়ন কৰিবলৈ বাধ্য হোৱা নাছিল।

সোমবাৰে আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ ‘ঢাকালৈ দীঘলীয়া মাৰ্চ’ অভিযানৰ সময়ত শ্বেখ হাছিনা আৰু তেওঁৰ ভগ্নী শ্বেখ ৰেহানাই দেশ এৰি পলায়ন কৰিবলৈ বাধ্য হয়। ইয়াৰ পূৰ্বে দেওবাৰে নিশা আৰু সোমবাৰে পুৱাও ধাৰাবাহিক নাটকীয় ঘটনা সংঘটিত হৈছিল।

নাম প্ৰকাশ নকৰাকৈয়ে এজন শীৰ্ষ সেনা জনাইছে যে ‘যেতিয়া শ্বেখ হাছিনাই পদত্যাগ পত্ৰত স্বাক্ষৰ কৰিছিল আৰু যেতিয়া তেওঁ হেলিকপ্টাৰত উঠিছিল, তেতিয়া বিশেষ নিৰাপত্তা বাহিনী, ৰাষ্ট্ৰপতি গাৰ্ড ৰেজিমেণ্ট আৰু সেনা মুখ্য কাৰ্যালয়ৰ শীৰ্ষ বিষয়াসকলেহে এই বিষয়ে অৱগত আছিল। এই সমগ্ৰ বিষয়টো অতি গোপনীয় কৰি ৰখা হৈছিল।

সেনাৰ সূত্ৰই জনোৱা মতে, সোমবাৰে পুৱা ১১ বজাত হাছিনা গণ ভৱনৰ পৰা ওলাই আহিছিল। তাৰ পৰাই সেনাৰ হেলিকপ্টাৰেৰে তেওঁ ত্ৰিপুৰাৰ ৰাজধানী আগৰতলা পালেগৈ। ইয়াৰ পিছত হাছিনা আৰু শ্বেখ ৰেহানা বিশেষ বিমানেৰে দিল্লী পালেহি।

শীৰ্ষ বিষয়াসকলৰ সৈতে হোৱা বাৰ্তালাপত জানিব পৰা হৈছে যে শ্বেখ হাচিনাই দুয়োটা বিকল্প মুকলি কৰি ৰাখিব বিচাৰিছিল। এফালে তেওঁ দেশ এৰি যাবলৈ সাজু আছিল আৰু আনফালে তেওঁ বল প্ৰয়োগৰ জৰিয়তে শেষ মুহূৰ্তলৈকে ক্ষমতাত থাকিব বিচাৰিছিল।

কিন্তু সেনাৰ শীৰ্ষ বিষয়াসকলে নিবিচাৰিছিল যে হিংসাত মৃত্যু হোৱা আৰু আহত হোৱা লোকৰ সংখ্যা আৰু অধিক বৃদ্ধি হওক।

দেওবাৰে দেশৰ বিভিন্ন প্ৰান্তৰ সাধাৰণ ৰাইজ আৰু প্ৰতিবাদকাৰী সেনাবাহিনীৰ নিম্নস্তৰৰ বিষয়া আৰু জোৱানৰ সৈতে মিহলি হৈ পৰে। পৰিস্থিতি পুনৰীক্ষণ কৰাৰ পিছত সেনাৰ শীৰ্ষ বিষয়াসকলে বুজিলে যে পৰিস্থিতি এতিয়া শাসকীয় দলৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে।

সোমবাৰে পুৱা আৰক্ষী আৰু সেনা জোৱানে গণ ভৱন (শ্বেখ হাছিনাৰ বাসগৃহ)লৈ যোৱা সকলো পথ দূৰৰ পৰা ঘেৰাও কৰি ৰাখিছিল।

সেনা বাহিনীৰ শীৰ্ষ বিষয়াৰ পৰা পোৱা তথ্য অনুসৰি, শ্বেখ হাছিনা যাতে নিৰাপদে তেজগাঁও বিমানবন্দৰত উপস্থিত হ’ব পাৰে তাৰ বাবে এই কাম কৰা হৈছিল।

আনহাতে, ৰাতিপুৱা প্ৰায় ৯ বজাত সমগ্ৰ দেশতে ডেৰ ঘণ্টাৰ বাবে ইণ্টাৰনেট বন্ধ হৈ পৰে। সেনা বিষয়াসকলে কয় যে ইণ্টাৰনেট নিষেধাজ্ঞা জাৰি কৰা হৈছে যাতে শ্বেখ হাছিনাৰ কাৰ্যকলাপৰ কোনো তথ্য ছ’চিয়েল মিডিয়াৰ জৰিয়তে প্ৰচাৰ কৰিব নোৱাৰি।

শ্বেখ হাছিনা হেলিকপ্টাৰত উঠাৰ পিছত পুনৰ ইণ্টাৰনেটৰ সংযোগ স্থাপন কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক