--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০২৪ চনৰ ১৬ জুলাইৰ পৰা বাংলাদেশত আৰম্ভ হোৱা চৰকাৰ বিৰোধী প্ৰতিবাদ ইমানেই তীব্ৰতৰ হৈ পৰিছিল যাৰ ফলত সমগ্ৰ দেশতে বিপ্লৱৰ জোৱাৰ উঠিছিল।এই হিংসাত্মক পৰিস্থিতিৰ অন্তত মহম্মদ ইউনুছৰ নেতৃত্বত গঠন হ’ল অন্তৱৰ্তীকালীন চৰকাৰ। দেশৰ বিভিন্ন প্ৰান্তত আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত বৃহৎ সংখ্যক প্ৰতিবাদকাৰী নিহত আৰু আহত হয়।

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ এগৰাকী শীৰ্ষ উপদেষ্টাই বৃহস্পতিবাৰে (২৯ আগষ্ট ২০২৪) কয় যে বাংলাদেশত শ্বেখ হাছিনাৰ নেতৃত্বত পূৰ্বৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়ত ১০০০ৰো অধিক লোক নিহত হোৱাৰ লগতে ৪০০ৰো অধিক লোকে আৰক্ষীৰ গুলীত এটা বা দুয়োটা চকুৰ দৃষ্টিশক্তি হেৰুৱাই পেলায়।

স্বাস্থ্য উপদেষ্টা নূৰজাহান বেগমে ৰাজধানীৰ ৰাজাৰবাগ অঞ্চলৰ কেন্দ্ৰীয় আৰক্ষী চিকিৎসালয় ভ্ৰমণৰ সময়ত এই কথা প্ৰকাশ কৰে য’ত তেওঁ সংঘৰ্ষৰ সময়ত আহত আৰক্ষীৰ সৈতে কথা পাতিছিল। সংবাদ মাধ্যমৰ তথ্য অনুসৰি নূৰজাহানে কয় যে, ‘‘এতিয়ালৈকে ১০০০ লোকৰ মৃত্যু হৈছে লগতে ৪০০ৰো অধিক ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ লোকে চকুৰ দৃষ্টিশক্তি হেৰুৱাইছে। বহুতে এটা চকু আৰু আন কিছুমানে দুয়োটা চকুৰে দৃষ্টিশক্তি হেৰুৱাইছে ৷’’ 

শ্বেখ হাছিনা চৰকাৰৰ বিৰুদ্ধে বৃহৎ আন্দোলনৰ পিছত তেওঁ ৫ আগষ্টত পদত্যাগ কৰি ভাৰতলৈ গৈছিল। বিএনপিৰ এজন জ্যেষ্ঠ নেতাই প্ৰাক্তন কূটনীতিবিদ, আমোলা, নেতা আৰু প্ৰতিষ্ঠানক লক্ষ্য কৰি অভিযোগ উত্থাপন কৰিছে যে শ্বেখ হাছিনা নেতৃত্বাধীন চৰকাৰ অবিহনে ভাৰত-বাংলাদেশৰ সম্পৰ্ক অৱনতি ঘটিব বুলি ভাৰতক বিভ্ৰান্তত পেলাইছে।

খালেদা জিয়া নেতৃত্বাধীন বাংলাদেশ জাতীয়তাবাদী পাৰ্টিৰ নেতা আমিৰ খুছৰো মাহমুদ চৌধুৰীয়ে বাংলাদেশৰ সংখ্যালঘু লোকৰ সুৰক্ষাক লৈ ভাৰতে উদ্বেগ প্ৰকাশ কৰাৰ কিছুদিন পিছতে কয় যে এয়া দেশৰ আভ্যন্তৰীণ বিষয়। যি সময়ত চুবুৰীয়া দেশত হিংসাত্মক বিক্ষোভ চলি আছিল, সেই সময়ত হিন্দুৰ ওপৰত আক্ৰমণৰ বহু খবৰ আহিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২৮ত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি হ'ব ভাৰত, মুম্বাইত ব্রিটিছ প্রধানমন্ত্ৰীৰ দাবী
বিহাৰৰ ভোজপুৰী চিনেমাৰ অভিনেতা পৱন সিঙলৈ 'ৱাই' কেটেগৰীৰ নিৰাপত্তা
বিশ্ব বেডমিন্টনৰ কোৱাৰ্টাৰত ভাৰত, শীর্ষস্থানৰ থাইলেণ্ডৰ বিদায়
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ
ভাৰতীয় ৰে’লৱে সুৰক্ষা অপাৰেচন চেণ্টাৰৰ বাবে এয়াৰটেল বিজনেছৰ বহু বছৰীয়া চুক্তি লাভ
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা