--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০২৪ চনৰ ১৬ জুলাইৰ পৰা বাংলাদেশত আৰম্ভ হোৱা চৰকাৰ বিৰোধী প্ৰতিবাদ ইমানেই তীব্ৰতৰ হৈ পৰিছিল যাৰ ফলত সমগ্ৰ দেশতে বিপ্লৱৰ জোৱাৰ উঠিছিল।এই হিংসাত্মক পৰিস্থিতিৰ অন্তত মহম্মদ ইউনুছৰ নেতৃত্বত গঠন হ’ল অন্তৱৰ্তীকালীন চৰকাৰ। দেশৰ বিভিন্ন প্ৰান্তত আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত বৃহৎ সংখ্যক প্ৰতিবাদকাৰী নিহত আৰু আহত হয়।

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ এগৰাকী শীৰ্ষ উপদেষ্টাই বৃহস্পতিবাৰে (২৯ আগষ্ট ২০২৪) কয় যে বাংলাদেশত শ্বেখ হাছিনাৰ নেতৃত্বত পূৰ্বৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়ত ১০০০ৰো অধিক লোক নিহত হোৱাৰ লগতে ৪০০ৰো অধিক লোকে আৰক্ষীৰ গুলীত এটা বা দুয়োটা চকুৰ দৃষ্টিশক্তি হেৰুৱাই পেলায়।

স্বাস্থ্য উপদেষ্টা নূৰজাহান বেগমে ৰাজধানীৰ ৰাজাৰবাগ অঞ্চলৰ কেন্দ্ৰীয় আৰক্ষী চিকিৎসালয় ভ্ৰমণৰ সময়ত এই কথা প্ৰকাশ কৰে য’ত তেওঁ সংঘৰ্ষৰ সময়ত আহত আৰক্ষীৰ সৈতে কথা পাতিছিল। সংবাদ মাধ্যমৰ তথ্য অনুসৰি নূৰজাহানে কয় যে, ‘‘এতিয়ালৈকে ১০০০ লোকৰ মৃত্যু হৈছে লগতে ৪০০ৰো অধিক ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ লোকে চকুৰ দৃষ্টিশক্তি হেৰুৱাইছে। বহুতে এটা চকু আৰু আন কিছুমানে দুয়োটা চকুৰে দৃষ্টিশক্তি হেৰুৱাইছে ৷’’ 

শ্বেখ হাছিনা চৰকাৰৰ বিৰুদ্ধে বৃহৎ আন্দোলনৰ পিছত তেওঁ ৫ আগষ্টত পদত্যাগ কৰি ভাৰতলৈ গৈছিল। বিএনপিৰ এজন জ্যেষ্ঠ নেতাই প্ৰাক্তন কূটনীতিবিদ, আমোলা, নেতা আৰু প্ৰতিষ্ঠানক লক্ষ্য কৰি অভিযোগ উত্থাপন কৰিছে যে শ্বেখ হাছিনা নেতৃত্বাধীন চৰকাৰ অবিহনে ভাৰত-বাংলাদেশৰ সম্পৰ্ক অৱনতি ঘটিব বুলি ভাৰতক বিভ্ৰান্তত পেলাইছে।

খালেদা জিয়া নেতৃত্বাধীন বাংলাদেশ জাতীয়তাবাদী পাৰ্টিৰ নেতা আমিৰ খুছৰো মাহমুদ চৌধুৰীয়ে বাংলাদেশৰ সংখ্যালঘু লোকৰ সুৰক্ষাক লৈ ভাৰতে উদ্বেগ প্ৰকাশ কৰাৰ কিছুদিন পিছতে কয় যে এয়া দেশৰ আভ্যন্তৰীণ বিষয়। যি সময়ত চুবুৰীয়া দেশত হিংসাত্মক বিক্ষোভ চলি আছিল, সেই সময়ত হিন্দুৰ ওপৰত আক্ৰমণৰ বহু খবৰ আহিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক