--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সমাগত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচন৷ আমেৰিকাৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে ৰাষ্ট্ৰপতি পদৰ  প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ পাছত ডেমক্ৰেটিক দলে উপৰাষ্ট্ৰপতি কমলা হেৰিছক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থি হিছাপে প্ৰক্ষেপ কৰে৷ যিহেতু  ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থি জ’ বাইডেনে প্ৰিমিয়াৰত অংশগ্ৰণ কৰাৰ পাছত শাৰিৰীক অসুস্থতাৰ বাবে প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰিছিল সেয়ে কমলা হেৰিছ প্ৰিমিয়াৰত অংশগ্ৰণ নকৰাকৈ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থি হোৱা দ্বিতীয় গৰাকী ব্যক্তিহিচাপে পৰিগণিত হয়৷ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থি কমলা হেৰিছে জীৱনৰ আটাইতকৈ ডাঙৰ ভাষণ প্ৰদান কৰে ডেমক্ৰেটিক নেচনেল কনভেনচনত৷  

ডেম'ক্ৰেটিক নেচনেল কনভেনচনত কমলা হেৰিছে ভাষণ প্ৰদান কৰি কয় যে তেওঁৰ পিতৃৰ সৈতে সম্পৰ্ক ঘনিষ্ঠ নহয়, হোৱাইট হাউছত লগ কৰা বা ৰাজহুৱা অনুষ্ঠানতো অংশগ্ৰহণ কৰা নাই বুলি সদৰি কৰে৷ তেওঁক পিতৃয়ে নিৰ্ভীক হ'বলৈ উৎসাহ প্ৰদান কৰিছিল বুলি উল্লেখ কৰি কয় মাতৃয়েহে তেওঁলোকক দাঙৰ দীঘল কৰিছিল৷ ডিএনচিত দৰ্শকৰ মাজত তেওঁৰ বৃহৎ পৰিয়ালৰ সৈতে উপস্থিত নাছিল পিতৃ৷ উল্লেখযোগ্য যে ডেম’ক্ৰেটিক দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থি কমলা হেৰিছ এগৰাকী ভাৰতীয়মূলৰ আমেৰিকান ৰাজনীতিবিদ৷ তেওঁৰ মাতৃ ভাৰতীয় আৰু পিতৃ জামাইকাৰ আছিল৷

উল্লেখযোগ্য যে মাৰ্ক্সীয় আদৰ্শৰ ষ্টেনফৰ্ডৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড’নাল্ড জে হেৰিছে কমলা হেৰিছৰ পূৰ্বৰ মন্তব্যক সমালোচনা কৰি ৰাজনৈতিক জগতখনক উচ্ছৃংখল কোলাহল বুলি অভিহিত কৰিছিল। আদৰ্শগত বিৰোধৰ লগতে কমলাৰ হেৰিছৰ পিতৃ মাতৃৰ বিবাহ বিচ্ছেদৰ পাছৰ পৰা পিতৃৰ সৈতে সুসম্পৰ্ক বৰ্তি থকা নাছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক