--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পদ্ম নদীৰ পাৰত পুনৰ অৰাজকতা। বাংলাদেশৰ ধনমণ্ডিত বংগ বন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ স্মৃতি বিজড়িত ঘৰটোত চলিছে ধ্বংসলীলা। ধনমণ্ডী গৃহ আৰু সমগ্ৰ দেশৰ একাধিক স্থানত বংগ বন্ধুৰ প্ৰতিমূৰ্তি ধ্বংস কৰাৰ ঘটনাই  স্তম্ভিত কৰি তুলিছে। 

বুধবাৰৰ নিশাৰ পৰা ধনমণ্ডীৰ ৩২ নম্বৰ ঘৰ ভাঙি পেলোৱা হৈছে। বৃহস্পতিবাৰেও চলি আছে ঘৰ ভঙাৰ কাৰ্য। বহুতে সেই ঘৰৰ পৰা ইটা, কাঠ, লোহা লৈ গৈছে। লৈ যোৱা হৈছে  মূল্যবান কিতাপবোৰো। বাংলাদেশৰ সংবাদ মাধ্যম প্ৰথম আলোৱে প্ৰকাশ কৰা অনুসৰি এইবোৰ গ্ৰহণ কৰাসকলৰ অধিকাংশই নিম্ন শ্ৰেণীৰ সাধাৰণ লোক। তেওঁলোকৰ মূল লক্ষ্য হৈছে লোহা আৰু কাঠ বিক্ৰী কৰি কিছু টকা উপাৰ্জন কৰা।

প্ৰথম আলোৰ বাতৰি অনুসৰি ছয় মহলীয়া অট্টালিকাটোত বংগবন্ধু স্মাৰক সংগ্ৰহালয়ত প্ৰৱেশ কৰে প্ৰতিবাদকাৰী। আৰু সেই সংগ্ৰহালয়টো ধ্বংস কৰে। সেই মিউজিয়ামত বহু মূল্যবান আৰু বিৰল কিতাপ আছিল।যিবিলাক সকলো কাঢ়ি লৈ ​​গৈছে। সংগ্ৰহালয়টোত মুজিবুৰৰ স্মৃতি সন্নিবিষ্ট কিতাপৰ উপৰিও সেই পৰিয়ালৰ সদস্যসকলে লিখা কিতাপো আছিল। আনকি হাছিনাৰ বাসগৃহ সুধা সদনতো জুই লগাই দিয়ে উন্মাদ জনসাধাৰণে।

এই ঘটনাত মৰ্মাহত হৈ পৰিছে তাছলিম নাছৰীন৷ প্ৰসংগ ক্ৰমে বহুবছৰৰ ধৰি তেওঁ নিজৰ দেশত ভৰি দিয়া নাই। আৰু এই ঘটনাৰ আঁৰত আছিল শ্বেখ হাছিনাৰ চৰকাৰ। তথাপিও লেখকে নিজ দেশৰ এনে ক্ষতি, ইতিহাসৰ এনে বিকৃতি মানি ল’ব পৰা নাই৷ এই ঘটনাক কেন্দ্ৰ কৰি সৰৱ হৈ পৰিছে তাছলিম নাছৰীন৷ তেওঁ বৃহস্পতিবাৰে পুৱা ফেচবুকত এই বৰ্বৰতাৰ ফটো শ্বেয়াৰ কৰি লিখিছে, “স্বাধীন বাংলাদেশৰ স্থপতিৰ শেষ স্মৃতি আজি জ্বলি ছাই হৈ গ’ল; বাংলাদেশ কান্দিব। ইফালে, বাংগাবন্ধুৰ ঘৰ ভাঙি পেলোৱাৰ ঘটনাক লৈ পাকিস্তানেও টুইটাৰযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ