--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়া-ইউক্ৰেইন যুদ্ধত ইউক্ৰেইনক অস্ত্ৰ যোগান ধৰি সহায় কৰাৰ পৰিৱৰ্তে এইবাৰ প্ৰতিদান বিচৰিছে আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। তেওঁৰ মতে ইউক্ৰেইনে আমেৰিকাক অস্ত্ৰ সাহায্যৰ বিনিময়ত ১৭টা বিৰল খনিজ পদাৰ্থ পৰ্দান কৰিব লাগে।

উল্লেখ্য যে এই খনিজবোৰত গুৰুত্বপূৰ্ণ চুম্বকীয় আৰু বিদ্যুৎ ৰাসায়নিক গুণ আছে। যিবিলাক স্মাৰ্ট ফোন আৰু ইলেক্ট্ৰিক গাড়ীৰ বেটাৰীৰ পৰা আৰম্ভ কৰি কেন্সাৰ চিকিৎসাৰ ঔষধলৈকে সকলোতে ব্যৱহাৰ কৰা হয়। ট্ৰাম্পে দাবী কৰিছে যে আমেৰিকাই ইউক্ৰেইনক প্ৰায় ৩০০ বিলিয়ন ডলাৰৰ সাহায্য প্ৰদান কৰিছে। এইবাৰ প্ৰতিদান দিয়াৰ পাল কিয়েভৰ। প্ৰসংগক্ৰমে  এই বিৰল খনিজ পদাৰ্থৰ সৰ্বাধিক মজুত আছে চীন দেশত। গতিকে ট্ৰাম্পৰ এই দাবী ৰাজনৈতিকভাৱে তাৎপৰ্যপূৰ্ণ বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে।

এই বিষয়ত ৰাছিয়াৰ মত প্ৰকাশ কৰি কয় যে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ অজুহাতলৈ নিজৰ স্বাৰ্থ পূৰণ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে। ক্ৰেমলিনৰ মুখপাত্ৰ দিমিত্ৰী পেস্কোভৰ মতে ইউক্ৰেইনে আৰু বিনামূলীয়া সাহায্য লাভ নকৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। জাৰ্মানীৰ চ্যেন্সেলৰ অলাফ শ্বলজে ট্ৰাম্পৰ দাবীক স্বাৰ্থপৰ বুলি অভিহিত কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ