--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধত ইউক্ৰেইনক অস্ত্ৰ যোগান ধৰি সহায় কৰাৰ পৰিৱৰ্তে এইবাৰ প্ৰতিদান বিচৰিছে আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। তেওঁৰ মতে ইউক্ৰেইনে আমেৰিকাক অস্ত্ৰ সাহায্যৰ বিনিময়ত ১৭টা বিৰল খনিজ পদাৰ্থ পৰ্দান কৰিব লাগে।

উল্লেখ্য যে এই খনিজবোৰত গুৰুত্বপূৰ্ণ চুম্বকীয় আৰু বিদ্যুৎ ৰাসায়নিক গুণ আছে। যিবিলাক স্মাৰ্ট ফোন আৰু ইলেক্ট্ৰিক গাড়ীৰ বেটাৰীৰ পৰা আৰম্ভ কৰি কেন্সাৰ চিকিৎসাৰ ঔষধলৈকে সকলোতে ব্যৱহাৰ কৰা হয়। ট্ৰাম্পে দাবী কৰিছে যে আমেৰিকাই ইউক্ৰেইনক প্ৰায় ৩০০ বিলিয়ন ডলাৰৰ সাহায্য প্ৰদান কৰিছে। এইবাৰ প্ৰতিদান দিয়াৰ পাল কিয়েভৰ। প্ৰসংগক্ৰমে  এই বিৰল খনিজ পদাৰ্থৰ সৰ্বাধিক মজুত আছে চীন দেশত। গতিকে ট্ৰাম্পৰ এই দাবী ৰাজনৈতিকভাৱে তাৎপৰ্যপূৰ্ণ বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে।

এই বিষয়ত ৰাছিয়াৰ মত প্ৰকাশ কৰি কয় যে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ অজুহাতলৈ নিজৰ স্বাৰ্থ পূৰণ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে। ক্ৰেমলিনৰ মুখপাত্ৰ দিমিত্ৰী পেস্কোভৰ মতে ইউক্ৰেইনে আৰু বিনামূলীয়া সাহায্য লাভ নকৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। জাৰ্মানীৰ চ্যেন্সেলৰ অলাফ শ্বলজে ট্ৰাম্পৰ দাবীক স্বাৰ্থপৰ বুলি অভিহিত কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু