--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহম্মদ ইউনুছে মন্তব্য কৰে যে শ্বেখ হাছিনাৰ চৰকাৰ পতনৰ পিছত বাংলাদেশত চলি থকা ‘অৰাজকতা’ আচলতে ‘ষড়যন্ত্ৰ’। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ ভৱিষ্যত মুৰব্বী ইউনুছে বৃহস্পতিবাৰে পেৰিছৰ পৰা বাংলাদেশলৈ উভতি আহে। ইয়াৰ পিছত তেওঁ দেশৰ পৰিস্থিতিৰ বিষয়ে সেই মন্তব্য কৰে। একে সময়তে নোবেল বঁটা বিজয়ী ৮৪ বছৰীয়া অৰ্থনীতিবিদগৰাকীয়েও সেই ষড়যন্ত্ৰৰ পৰা কেনেকৈ মুক্তি পাব পাৰি সেই কথাও ক’লে।

ইউনুছে বৃহস্পতিবাৰে নিশা বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে শপত গ্ৰহণ কৰাৰ কথা। তাৰ আগতে ইউনুছৰ বিমান দুপৰীয়া বাংলাদেশৰ শ্বাহজালাল বিমানবন্দৰত উপস্থিত হয়। বিমানবন্দৰৰ পৰা ওলাই আহি সংবাদ মাধ্যমৰ সন্মুখীন হ’ল ইউনুছে। তাতেই তেওঁৰ সেই মন্তব্য শুনা গৈছিল। বাংলাদেশৰ সংবাদ মাধ্যম "কলবেলা"ই তেওঁলোকৰ প্ৰতিবেদনত প্ৰকাশ কৰিছে ইউনুছৰ বক্তব্য। 

ইউনুছে কয়, “যোৱা কেইদিনমানত দেশত যিবোৰ হিংসাত্মক ঘটনা সংঘটিত হৈছে সেইবোৰ ষড়যন্ত্ৰ। এই ষড়যন্ত্ৰ বন্ধ কৰিব লাগিব। হিংসা বিয়পোৱা সকলক ন্যায়ৰ কাষ চাপিব লাগে। কোনো ধৰণৰ প্ৰতিশোধমূলক ব্যৱস্থা গ্ৰহণ কৰা নহ’ব। যদি মোৰ ওপৰত আপোনাৰ আস্থা আৰু বিশ্বাস আছে তেন্তে সেয়া নিশ্চিত কৰিব লাগিব। কাকো আক্ৰমণ কৰিব নোৱাৰি। গোলমাল কৰিব নোৱাৰি। দেশৰ চৰকাৰৰ ওপৰত মানুহৰ আস্থা নাই। সেই আস্থা ঘূৰাই দিব লাগিব। আৰু তাৰ বাবে প্ৰথমে দেশত চলি থকা হিংসা বন্ধ কৰিব লাগে।’’ 

একে সময়তে দেশবাসীলৈ প্ৰেৰণ কৰা বিশেষ বাৰ্তাযোগে ইউনুছে কয় যে যদিহে আক্ৰমণ আৰু বিশৃংখলতা অব্যাহত থাকে, তেন্তে তেওঁক যি দায়িত্ব ল’বলৈ অনুৰোধ কৰা হৈছে, সেই দায়িত্ব তেওঁ আৰু নাথাকিব।

বৃহস্পতিবাৰে বাংলাদেশলৈ উভতি অহাৰ পিছত ইউনুছকো অলপ আৱেগিক যেন লাগিছিল। সংবাদ মাধ্যম "কলবেলা"ই তেওঁলোকৰ প্ৰতিবেদনত লিখিছে, ইউনুছে কান্দোনৰ মাতেৰে কোৱা শুনা যায়, "আজি মই আবু ছাইদক মনত পেলাইছো।" সেই ঘটনা আৰু তেওঁৰ ছবি বাংলাদেশৰ সীমাৰ সিপাৰে সমগ্ৰ বিশ্বতে বিয়পি পৰিল। কিছুদিন পিছত প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে হাছিনাৰ পদত্যাগ দাবী কৰিবলৈ আৰম্ভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক