--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে নিশা বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰ গঠন হ’ব। স্থানীয় সময় অনুসৰি নিশা ৮ বজাত শপত গ্ৰহণ কৰিব অন্তৱৰ্তীকালীন চৰকাৰ। চৰকাৰৰ মুৰব্বী হৈছে নোবেল বিজয়ী অৰ্থনীতিবিদ মহম্মদ ইউনুছ। তেওঁৰ নেতৃত্বত চৰকাৰত আৰু ১৬ জন উপদেষ্টা। তেওঁলোকৰ নাম জনা যায়।

ইউনুছ বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা। বাকী ১৬ জন উপদেষ্টাৰ ভিতৰত আছে ছালেহ উদ্দিন আহমেদ, আছিফ নাজৰুল, আদিলুৰ ৰহমান খান, হাছান আৰিফ, তৌহিদ হোছেইন, চ্যেদা ৰেজৱানা হাছান, নাহিদ ইছলাম, আছিফ মাহমুদ সজীব ভূঞা, জেনেৰেল এম সাখাৱত হোছেইন, সুপ্ৰদীপ চাকমা, ফৰিদা আখতাৰ, বিধানৰঞ্জন ৰায়, খালিদ হাছান, নুৰজাহান বেগম, শৰ্মিন মুৰ্ছিদ আৰু ফাৰুকী আজম।

উল্লেখযোগ্য যে বাংলাদেশৰ কোটা সংস্কাৰ আন্দোলনৰ মূল মঞ্চত বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনৰ অন্যতম নেতা নাহিদ। উপদেষ্টাৰ তালিকাতো তেওঁক ৰখা হৈছে।

ইউনুছ বাংলাদেশত নাছিল। শ্বেখ হাছিনাৰ চৰকাৰ পতনৰ পিছত সভাপতিৰ এখন বৈঠকত তিনিজন সেনাধ্যক্ষ আৰু ছাত্ৰ নেতাই তেওঁক মুৰব্বী হিচাপে লৈ অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰাৰ সিদ্ধান্ত লয়। এই প্ৰস্তাৱত ইউনুছে সন্মতি দিলে। বৃহস্পতিবাৰে ঘৰলৈ উভতি আহে। তেওঁৰ নেতৃত্বত নতুন চৰকাৰে বাংলাদেশত শপত গ্ৰহণ কৰিব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক