--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বাংলাদেশ চৰকাৰৰ বাবে এটা ‘নিষিদ্ধ’ সংগঠন হিজবুট-তাহৰিৰ। যিটো সংগঠনৰ বিৰুদ্ধে আছে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিভিন্ন অভিযোগ। 

এইবাৰ ঢাকা যুদ্ধক্ষেত্ৰত পৰিণত হ'ল হিজবুট তাহৰিৰ শোভাযাত্ৰাক কেন্দ্ৰ কৰি। মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰৰ আৰক্ষীয়ে হিংসাত্মক হিজব সমৰ্থকক বাধা দিবলৈ লাঠি, কন্দুৱা গেছ, ব্যৱহাৰ কৰিব লগা পৰিস্থিতি। লগতে গ্ৰেপ্তাৰ কৰা হয় কেইবাজনো লোকক।

খবৰ অনুসৰি কালি শুকুৰবাৰৰ নামাজৰ অন্তত বাংলাদেশৰ জাতীয় মছজিদ বৈতুল মুকাৰৰামৰ পৰা বেনাৰ আৰু পতাকা লৈ হিজবুট তাহৰিৰ নেতা-কৰ্মীয়ে শোভাযাত্ৰা আৰম্ভ কৰে। বাংলাদেশৰ ধৰ্মনিৰপেক্ষ গণতন্ত্ৰৰ পৰিৱৰ্তে ইছলামিক খিলাফত স্থাপনৰ দাবীত উলিয়াইছিল সমদল। 

আৰক্ষীয়ে শোভাযাত্ৰা বন্ধ কৰাৰ লগে লগে বৃদ্ধি পায় উত্তেজনা। আৰক্ষীয়ে লাঠি, কন্দুৱা গেছ, শব্দ গ্ৰেনেড আদি ব্যৱহাৰ কৰি শোভাযাত্ৰাক ছত্ৰভংগ দিছিল। লগতে কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰ পিছতে মূল পথৰ পৰা আলিবাটত প্রৱেশ কৰি বিক্ষিপ্ত আক্রমণ চলোৱাৰ অভিযোগ উত্থাপন হৈছে৷

উল্লেখ্য যে আৰক্ষী মুখ্য কাৰ্যালয়ে হিজবুট তাহৰিৰৰ সকলো কাৰ্যকলাপ শাস্তিযোগ্য অপৰাধ বুলি জানিবলৈ দিয়ে।  আইন অনুসৰি তেওঁলোকৰ সকলো কাম-কাজ শাস্তিযোগ্য অপৰাধ। সভা, সমাৱেশ, শোভাযাত্ৰা, পোষ্টাৰ আদি যিকোনো প্ৰচেষ্টাক আইন উলংঘা বুলি গণ্য কৰা হয়। 

২০০৯ চনৰ ২২ অক্টোবৰত তেতিয়াৰ প্ৰধানমন্ত্ৰী হাছিনাৰ চৰকাৰে হিজবুট তাহৰিৰক ‘নিষিদ্ধ সংগঠন’ বুলি ঘোষণা কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ