--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ লোৱাৰ পাছৰে পৰা ড'নাল্ড ট্রাম্পে বিশ্বৰ বিভিন্ন দেশ, সংগঠনক দিয়া হেঁচা-ভাবুকিমূলক অভিযান অব্যাহত আছে। এইবাৰ এই অভিযানৰ লক্ষ্য হৈছে ইৰান। ট্রাম্পে পাৰমাণৱিক চুক্তিৰ বিষয়ত ইৰানৰ সৰ্বোচ্চ নেতা আয়াতোল্লা খামেনেইলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে।

শুকুৰবাৰে ফক্স বিজনেছ নিউজত প্ৰচাৰ হোৱা এটা সাক্ষাৎকাৰত ট্রাম্পে এই কথা প্রকাশ কৰে। সাক্ষাৎকাৰত ট্রাম্পে কয়, 'মই এখন পত্ৰ প্ৰেৰণ কৰিছোঁ। পত্ৰত লিখিছোঁ, মই আশা কৰোঁ যে আপোনালোকে এই বিষয়ত আলোচনাত বহিব। কাৰণ আমি যদি সামৰিকভাৱে আগবাঢ়োঁ, সেয়া ভয়ংকৰ কথা হ'ব।' তেওঁ আৰু কয়, 'এতিয়া সময় হৈছে। 

এইভাৱে অথবা আনভাৱে কিবা এটা হ'ব লাগিব।' ট্রাম্পে সচৰাচৰ দি থকাৰ দৰেই ভাবুকি দি কয়, 'যদি ইৰানে আলোচনা নকৰে বা বুজাপৰালৈ নাহে, তেন্তে তেওঁলোকৰ বাবে ভয়াৱহ হ'ব।' অৱশ্যে ইৰানে হেঁচাত কোনো ধৰণৰ আলোচনা হোৱাৰ কথা নাকচ কৰে। ইৰানৰ বিদেশ মন্ত্রী আব্বাছ আৰাঘচীয়ে শুকুৰবাৰে কয়, যেতিয়ালৈকে ট্রাম্পে 'সর্বোচ্চ হেঁচা'ৰ অভিযান অব্যাহত ৰাখে তেতিয়ালৈকে ইৰানে আলোচনাত নবহে।

উৎস- দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক