--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ লোৱাৰ পাছৰে পৰা ড'নাল্ড ট্রাম্পে বিশ্বৰ বিভিন্ন দেশ, সংগঠনক দিয়া হেঁচা-ভাবুকিমূলক অভিযান অব্যাহত আছে। এইবাৰ এই অভিযানৰ লক্ষ্য হৈছে ইৰান। ট্রাম্পে পাৰমাণৱিক চুক্তিৰ বিষয়ত ইৰানৰ সৰ্বোচ্চ নেতা আয়াতোল্লা খামেনেইলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে।

শুকুৰবাৰে ফক্স বিজনেছ নিউজত প্ৰচাৰ হোৱা এটা সাক্ষাৎকাৰত ট্রাম্পে এই কথা প্রকাশ কৰে। সাক্ষাৎকাৰত ট্রাম্পে কয়, 'মই এখন পত্ৰ প্ৰেৰণ কৰিছোঁ। পত্ৰত লিখিছোঁ, মই আশা কৰোঁ যে আপোনালোকে এই বিষয়ত আলোচনাত বহিব। কাৰণ আমি যদি সামৰিকভাৱে আগবাঢ়োঁ, সেয়া ভয়ংকৰ কথা হ'ব।' তেওঁ আৰু কয়, 'এতিয়া সময় হৈছে। 

এইভাৱে অথবা আনভাৱে কিবা এটা হ'ব লাগিব।' ট্রাম্পে সচৰাচৰ দি থকাৰ দৰেই ভাবুকি দি কয়, 'যদি ইৰানে আলোচনা নকৰে বা বুজাপৰালৈ নাহে, তেন্তে তেওঁলোকৰ বাবে ভয়াৱহ হ'ব।' অৱশ্যে ইৰানে হেঁচাত কোনো ধৰণৰ আলোচনা হোৱাৰ কথা নাকচ কৰে। ইৰানৰ বিদেশ মন্ত্রী আব্বাছ আৰাঘচীয়ে শুকুৰবাৰে কয়, যেতিয়ালৈকে ট্রাম্পে 'সর্বোচ্চ হেঁচা'ৰ অভিযান অব্যাহত ৰাখে তেতিয়ালৈকে ইৰানে আলোচনাত নবহে।

উৎস- দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ