--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিশ্ববাসীৰ বাবে বহু প্রতীক্ষিত ৰাছিয়া-ইউক্রেইনৰ মাজৰ শান্তি চুক্তিৰ সন্দৰ্ভত যোৱা মাহৰ শেষৰফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্প আৰু ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল'ডিমিৰ জেলেনস্কীৰ মাজৰ আলোচনা উত্তপ্ত হৈ উত্তৰবিহীন হোৱাৰ পাছত পুনৰ এই শান্তি চুক্তিৰ বিষয়টোৱে অগ্ৰগতিৰ আশা দেখুৱাইছে। 

ইউক্রেইন আৰু ৰাছিয়াৰ মাজৰ যুদ্ধ অন্ত পেলোৱাৰ উদ্দেশ্যে শান্তি চুক্তিৰ মূল নীতিসমূহৰ বিষয়ে আলোচনা কৰিবলৈ অহা সপ্তাহত ছৌডি আৰবত মিলিত হ'ব আমেৰিকা আৰু ইউক্রেইনৰ বিষয়াসকল। এই সপ্তাহতে আমেৰিকাই ইউক্রেইনক সামৰিক সাহায্য নিদিয়া তথা চোৰাংচোৱাৰ তথ্য যোগান নধৰাৰ কথা ঘোষণা কৰাৰ পাছতে দুয়োখন  দেশৰ মাজৰ আলোচনাত এই অগ্রগতি দেখা গৈছে। 

ট্রাম্পৰ বিশেষ দূত ষ্টীভ উইটকফে এই কথা নিশ্চিত কৰে যে শান্তি চুক্তিৰ মূল নীতি নির্ধাৰণ কৰিবলৈ অহা সপ্তাহত তেওঁ ছৌডি আৰবত ইউক্রেইনৰ বিষয়াৰ সৈতে আলোচনাত বহিব। ইফালে, ইউক্রেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কীয়েও ঘোষণা কৰিছে যে তেওঁ সোমবাৰে এদল বিষয়াৰ সৈতে ছৌডি আৰব ভ্ৰমণ কৰিব আৰু আমেৰিকাৰ বিষয়াৰ  সৈতে আলোচনাত মিলিত হ'ব।  তেওঁ কয়,  'ছৌডি আৰবৰ যুৱৰাজক লগ কৰিবলৈ মই দেশখনলৈ যাম। তাৰ পাছত মোৰ দলটো আমেৰিকাৰ প্ৰতিনিধিৰ সৈতে আলোচনাৰ বাবে ছৌডি আৰবতে থাকিম।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ