--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বাংলাদেশৰ হিন্দু নিৰ্যাতনৰ ঘটনা সন্দৰ্ভত ওৰ নপৰা হৈছে বাদ-বিবাদ৷ বাংলাদেশত হিন্দুৰ ওপৰত চলি থকা অত্যাচাৰৰ প্ৰতিবাদ এতিয়া সমগ্ৰ বিশ্বতে বিয়পি পৰিছে৷ এইবাৰ বাংলাদেশত হিন্দুসকলৰ ওপৰত চলি থকা হিংসাকলৈ সৰৱ হৈ পৰিছে আমেৰিকাৰ প্ৰবাসী ভাৰতীয় হিন্দুসকল। 

প্ৰাপ্ত খবৰ অনুসৰি চিকাগোৰ ইলিনয়ৰ ক’ৰ’লাৰী ষ্ট্ৰিমৰ ৰানা ৰেগান চেণ্টাৰত বাংলাদেশৰ হিন্দুৰ ওপৰত চলি থকা অত্যাচাৰৰ বিৰুদ্ধে আমেৰিকাত প্ৰায় ৫০০ প্ৰবাসী ভাৰতীয় হিন্দুৱে শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰে। এই  প্ৰতিবাদী গোটে দুমাহ পূৰ্বে হিন্দুসকলৰ ওপৰত চলি থকা হিংসাৰ বিৰুদ্ধে শান্তিপূৰ্ণ সমাৱেশো অনুষ্ঠিত কৰিছিল।

চিকাগোৰ ইণ্ডিয়ান চিনিয়ৰছৰ সভাপতি হৰিভাই পেটেলে এই অনুষ্ঠানলৈ অহা সকলো লোকক আদৰণি জনাই বাংলাদেশত কেনেকৈ হিন্দু মন্দিৰ ধ্বংস কৰা হৈছে আৰু হিন্দুক হত্যা কৰা হৈছে সেই বিষয়ে সদৰি কৰি বক্তব্য ৰাখে।

চিকাগোৰ কালি বাৰীৰ ডাঃ ৰাম চক্ৰৱৰ্তীয়ে বাংলাদেশৰ হিন্দুসকলৰ বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে কয় যে ১৯৪৮, ১৯৭১ আৰু ১৯৭৫ চনত আমি মৌন হৈ আছিলো।যি সময়ত সেনা-আৰক্ষীয়েও কণমানি ছোৱালী-ল’ৰাক তুলি লৈ বলপূৰ্বক ধৰ্মান্তৰিত কৰি আছে। প্ৰতিবাৰেই হিন্দুসকলক লক্ষ্যকৰি লোৱা হৈছে বুলি মন্তব্য কৰে৷ লগতে তেওঁ হিন্দুসকলক এখন ‘হিন্দু দেশ’ৰ প্ৰয়োজন বুলিও মন্তব্য কৰে৷

এফ আই এৰ ডাঃ ৰশ্মি পেটেলে কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতিলৈ বাংলাদেশত চলি থকা এইটোৱেই আটাইতকৈ ডাঙৰ হিন্দু হত্যাকাণ্ড বুলি বাৰ্তা প্ৰেৰণ কৰিব লাগে বুলি মন্তব্য কৰে। আৰু কয় সমগ্ৰ আমেৰিকাত হিন্দুসকলে এই বিষয়ত নিজৰ চিনেটৰসকলৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাই৷

আন এগৰাকী প্ৰতিবাদী ড০ ভাৰত বাৰাই কয় যে ১৯৪৭ চনত পাকিস্তানত হিন্দুৰ জনসংখ্যা ১২ শতাংশ আছিল, বৰ্তমান ২ৰ পৰা ৩ শতাংশলৈ পৰ্যবসিত হৈছে। বাংলাদেশত ৩৩ শতাংশ আছিল, যিটো এতিয়া ৬ শতাংশ লৈ পৰ্যবসিত হৈছে বুলি মন্তব্য কৰে৷ অৱশ্যে এই পৰিসংখ্যাৰ সন্দৰ্ভত কোনো প্ৰতিবেদনৰ বা উৎসৰ বিষয়ে উল্লেখ কৰা নাই।

তেওঁ আৰু কয় যে আমেৰিকাত থকা হিন্দু সম্প্ৰদায়ৰ হৈ ভাৰত চৰকাৰক আহ্বান জনাব লাগে যে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানত নিৰ্যাতিত হোৱা  হিন্দুসকলক তাত থাকিবলৈ অনুমতি দিব লাগে আৰু সকলো ৰোহিংগীয়া আৰু অবৈধ অনুপ্ৰৱেশকাৰীক নিজ নিজ দেশলৈ ঘূৰাই পঠিয়াব লাগে বুলি মন্তব্য কৰে৷ 

লগতে কয় যদি ট্ৰাম্পে ক’ব পাৰে যে তেওঁ সকলো অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়িত কৰিম, তেন্তে ভাৰতৰ নেতাসকলে কিয় তেনে কৰিবলৈ ভয় কৰিছে বুলিও প্ৰশ্ন উত্থাপন কৰে ইয়াৰ উপৰিও সভালৈ অহা লোকসকলে হিন্দুসকলৰ স্বাৰ্থত থিয় দিয়াৰ প্ৰতিজ্ঞা কৰে আৰু একে সময়তে প্ৰতিবাদকাৰী সকলে ভাৰত চৰকাৰক চুবুৰীয়া দেশৰ নিৰ্যাতিত হিন্দুসকলক নাগৰিকত্ব দিবলৈ দাবী জনাইছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক