--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতে অলপতে অগ্নি-৫ আন্তঃমহাদেশীয় বেলেষ্টিক ক্ষেপণাস্ত্ৰৰ পৰীক্ষা সম্পন্ন কৰে। ইয়াৰ লগতে ভাৰতে হাইপাৰছনিক ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰি আছে। ভাৰতৰ ক্ষেপণাস্ত্ৰ কাৰ্যসূচীক লৈ চীনে ভাবুকিৰ সন্মুখীন হোৱা বুলি অনুভৱ কৰিবলৈ লৈছে। ইয়াৰ পৰিণাম স্বৰূপে দেশখনে ভাৰতৰ ক্ষেপণাস্ত্র কার্যসূচীত সতর্ক দৃষ্টি ৰখাৰ কাৰণে চৌদিশে শক্তিশালী ৰাডাৰ প্ৰণালী স্থাপন কৰিবলৈ লৈছে। 

শেহতীয়াকৈ দেশখনে ম্যানমাৰ সীমান্তত এক বিশাল ৰাডাৰ প্ৰণালী স্থাপন কৰিছে। চীনৰ এই ৰাডাৰ প্ৰণালীয়ে ভাৰতৰ ক্ষেপণাস্ত্ৰ কাৰ্যসূচীৰ প্ৰতি উদ্বেগৰ সৃষ্টি কৰিছে। চীনে ইউনান প্রদেশৰ ম্যানমাৰ সীমান্তত লার্জ ফেজড এৰে ৰাডাৰ (এল পি এ আৰ) স্থাপন কৰিছে। 

অত্যাধুনিক এই ৰাডাৰ প্রণালীয়ে প্রায় ৫ হাজাৰ কিল'মিটাৰ দূৰলৈকে চকু ৰখাৰ ক্ষমতা আছে।
এই ৰাডাৰ প্ৰণালীৰ দ্বাৰা চীনে ভাৰত মহাসাগৰৰ বিশাল এলেকাৰ লগতে ভাৰতৰো বহু দূৰলৈকে সতর্ক দৃষ্টি ৰাখিব পাৰিব। চীনৰ ৰাডাৰ প্ৰণালীয়ে নতুন দিল্লীৰ বাবে উদ্বেগৰ সৃষ্টি কৰিছে, কিয়নো ইয়াৰ জৰিয়তে দেশখনে ভাৰতৰ বেলেষ্টিক ক্ষেপণাস্ত্র কাৰ্যসূচীৰ ওপৰত সতর্ক দৃষ্টি ৰাখিব পাৰিব। প্রায় ৫ হাজাৰ কিল'মিটাৰ দূৰত্বলৈকে চকু ৰখাৰ ক্ষমতা থকা এল পি এ ৰাডাৰৰ দ্বাৰা চীনে ভাৰতৰ বেলেষ্টিক ক্ষেপণাস্ত্ৰৰ উৎক্ষেপণত চকু ৰাখিব পাৰিব। 

এই ক্ষেপণাস্ত্ৰক বিশেষভাৱে বেলেষ্টিক ক্ষেপণাস্ত্ৰৰ ওপৰত চকু ৰাখিব পৰাকৈ নিৰ্মাণ কৰা হৈছে। এই ৰাডাৰ প্ৰণালীৰ ক্ষেপণাস্ত্র সতর্কবাণী তথা মহাকাশত ক্ষেপণাস্ত্ৰ ধৰা পেলোৱাৰ ক্ষমতা আছে। ইয়াৰ আগতে চীনে কৰলা আৰু শ্বিনজিয়াঙত এনে ৰাডাৰ প্ৰণালী স্থাপন কৰে। ইয়াৰ জৰিয়তে উত্তৰ  ভাৰতত দেশখনে চকু ৰখাৰ ক্ষমতা লাভ কৰিছে। আন কথাত চীনে অত্যাধুনিক ক্ষেপণাস্ত্ৰ প্ৰণালীৰ জৰিয়তে সমগ্ৰ ভাৰতত চকু ৰখাৰ ক্ষমতা লাভৰ চেষ্টা কৰি আাছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ