--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু বছৰ ধৰি ভাৰতত বাস কৰা বাংলাদেশী লেখিকা, কৰ্মী তথা চিকিৎসক তাছলিমা নাছৰীনে কয় যে শ্বেখ হাছিনাই প্ৰধানমন্ত্ৰীৰ পদৰ পৰা আঁতৰি যোৱাৰ পিছত সাম্প্ৰদায়িক ইছলামিক সংগঠন ক্ৰমবৰ্ধমান প্ৰাধান্যৰ বোজা বাংলাদেশৰ মহিলাসকলে বহন কৰিব লাগিব । মৌলবাদী উপাদানে শ্বৰিয়ত আইন আনিব আৰু মহিলাৰ কোনো অধিকাৰ নাথাকিব বুলি তেওঁৰ আশংকা।

এক সাক্ষাৎকাৰত তেওঁ কয় যে ‘ইয়াৰ ফলত মহিলাৰ ওপৰত আটাইতকৈ বেয়া প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে৷ সাম্প্ৰদায়িক ইছলামিকসকলৰ বৰ্ধিত প্ৰাধান্যই শ্বৰীয়ত আইনৰ অধীনত বাধা আৰোপ আৰু তেওঁলোকক নিয়ন্ত্ৰণ কৰি মহিলাৰ অধিকাৰ কাঢ়ি নিব ৷ইতিমধ্যে বিশ্ববিদ্যালয়সমূহে ইছলামিক সাজ পোছাকৰ ওপৰত আদেশ জাৰি কৰিবলৈ আৰম্ভ কৰিছে।’

বাংলাদেশৰ পৰিৱৰ্তি পৰিস্থিতি সন্দৰ্ভত তেওঁ কয়, "অসহনশীলতা বৃদ্ধি পাইছে। মত প্ৰকাশৰ স্বাধীনতা নাই। মানৱ অধিকাৰ উলংঘন কৰা হৈছে আৰু শ্বৰীয়ত আইন কাৰ্যকৰী হোৱাৰ পিছত অতি সোনকালে মহিলাৰ কোনো অধিকাৰ নাথাকিব।"

হিজব উৎ-তাহৰিৰ, জামাত-ই-ইছলামী আৰু সাম্প্ৰদায়িক ছাত্ৰ-ছাত্ৰীসকল দিনক দিনে শক্তিশালী হৈ আহিছে। হাছিনাৰ শাসন কালত হিজবুত তাহৰিৰ আৰু জামাত ইছলামীক সন্ত্ৰাসবাদী সংগঠন বুলি গণ্য কৰা হৈছিল।

বহু লেখকক হত্যা কৰাৰ অপৰাধত এই সংগঠনসমূহৰ সদস্যসকলক জেললৈ প্ৰেৰণ কৰা হৈছিল। এতিয়া তেওঁলোকক মুকলি কৰি দিয়া হৈছে, যিয়ে দেশৰ ভৱিষ্যত কেনে হ’ব সেই কথা কয়।

তাছলিমাই কয়, "মহম্মদ ইউনুছৰ নেতৃত্বত গঠিত অন্তৱৰ্তীকালীন চৰকাৰখনে পৰিস্থিতি অধিক অসুস্থ কৰি তুলিব কাৰণ শ্বেখ হাছিনাৰ পদচ্যুতিৰ পিছত হোৱা হিংসাত্মক পৰিস্থিতিক উদযাপনৰ ৰূপত উপস্থাপন কৰা হৈছিল। মন্দিৰ ভাঙি পেলোৱা হৈছিল, শ্বেখ মুজিবুৰ ৰহমানৰ সংগ্ৰহালয় আৰু প্ৰতিমূৰ্তি ভাঙি পেলোৱা হৈছিল আৰু হিন্দুৰ দৰে সংখ্যালঘু লোকক লক্ষ্য কৰি লোৱা হৈছিল এইটো আছিল নতুন চৰকাৰৰ বিজয় উদযাপন কৰা ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিক্ৰিয়া। দেশত মৌলবাদ বহুগুণে বৃদ্ধি পাইছে। ইছলামিকসকলে ভাৰতীয় সামগ্ৰী বৰ্জন কৰিবলৈ জনসাধাৰনক কৈছে।"


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক