--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু বছৰ ধৰি ভাৰতত বাস কৰা বাংলাদেশী লেখিকা, কৰ্মী তথা চিকিৎসক তাছলিমা নাছৰীনে কয় যে শ্বেখ হাছিনাই প্ৰধানমন্ত্ৰীৰ পদৰ পৰা আঁতৰি যোৱাৰ পিছত সাম্প্ৰদায়িক ইছলামিক সংগঠন ক্ৰমবৰ্ধমান প্ৰাধান্যৰ বোজা বাংলাদেশৰ মহিলাসকলে বহন কৰিব লাগিব । মৌলবাদী উপাদানে শ্বৰিয়ত আইন আনিব আৰু মহিলাৰ কোনো অধিকাৰ নাথাকিব বুলি তেওঁৰ আশংকা।

এক সাক্ষাৎকাৰত তেওঁ কয় যে ‘ইয়াৰ ফলত মহিলাৰ ওপৰত আটাইতকৈ বেয়া প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে৷ সাম্প্ৰদায়িক ইছলামিকসকলৰ বৰ্ধিত প্ৰাধান্যই শ্বৰীয়ত আইনৰ অধীনত বাধা আৰোপ আৰু তেওঁলোকক নিয়ন্ত্ৰণ কৰি মহিলাৰ অধিকাৰ কাঢ়ি নিব ৷ইতিমধ্যে বিশ্ববিদ্যালয়সমূহে ইছলামিক সাজ পোছাকৰ ওপৰত আদেশ জাৰি কৰিবলৈ আৰম্ভ কৰিছে।’

বাংলাদেশৰ পৰিৱৰ্তি পৰিস্থিতি সন্দৰ্ভত তেওঁ কয়, "অসহনশীলতা বৃদ্ধি পাইছে। মত প্ৰকাশৰ স্বাধীনতা নাই। মানৱ অধিকাৰ উলংঘন কৰা হৈছে আৰু শ্বৰীয়ত আইন কাৰ্যকৰী হোৱাৰ পিছত অতি সোনকালে মহিলাৰ কোনো অধিকাৰ নাথাকিব।"

হিজব উৎ-তাহৰিৰ, জামাত-ই-ইছলামী আৰু সাম্প্ৰদায়িক ছাত্ৰ-ছাত্ৰীসকল দিনক দিনে শক্তিশালী হৈ আহিছে। হাছিনাৰ শাসন কালত হিজবুত তাহৰিৰ আৰু জামাত ইছলামীক সন্ত্ৰাসবাদী সংগঠন বুলি গণ্য কৰা হৈছিল।

বহু লেখকক হত্যা কৰাৰ অপৰাধত এই সংগঠনসমূহৰ সদস্যসকলক জেললৈ প্ৰেৰণ কৰা হৈছিল। এতিয়া তেওঁলোকক মুকলি কৰি দিয়া হৈছে, যিয়ে দেশৰ ভৱিষ্যত কেনে হ’ব সেই কথা কয়।

তাছলিমাই কয়, "মহম্মদ ইউনুছৰ নেতৃত্বত গঠিত অন্তৱৰ্তীকালীন চৰকাৰখনে পৰিস্থিতি অধিক অসুস্থ কৰি তুলিব কাৰণ শ্বেখ হাছিনাৰ পদচ্যুতিৰ পিছত হোৱা হিংসাত্মক পৰিস্থিতিক উদযাপনৰ ৰূপত উপস্থাপন কৰা হৈছিল। মন্দিৰ ভাঙি পেলোৱা হৈছিল, শ্বেখ মুজিবুৰ ৰহমানৰ সংগ্ৰহালয় আৰু প্ৰতিমূৰ্তি ভাঙি পেলোৱা হৈছিল আৰু হিন্দুৰ দৰে সংখ্যালঘু লোকক লক্ষ্য কৰি লোৱা হৈছিল এইটো আছিল নতুন চৰকাৰৰ বিজয় উদযাপন কৰা ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিক্ৰিয়া। দেশত মৌলবাদ বহুগুণে বৃদ্ধি পাইছে। ইছলামিকসকলে ভাৰতীয় সামগ্ৰী বৰ্জন কৰিবলৈ জনসাধাৰনক কৈছে।"


FOLLOW US F
POPULAR
FEATURE
TRENDY
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ