--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জং উনৰ নিষ্ঠুৰতাৰ কাহিনী সমগ্ৰ বিশ্বতে বিখ্যাত। শেহতীয়াকৈ তেওঁ ৩০ জন চৰকাৰী বিষয়াক একেলগে ফাঁচী দিয়াৰ নিৰ্দেশ দিছিল। ইছ্যুটো আছিল চৰকাৰী বিষয়াকেইগৰাকীয়ে মানুহক বানপানীৰ পৰা ৰক্ষা কৰিব পৰা নাছিল৷ 

উত্তৰ কোৰিয়াৰ চাগাং প্ৰদেশত জুলাই মাহত প্ৰচণ্ড বৰষুণ হৈছিল। ফলত তাত বান পৰিস্থিতিৰ সৃষ্টি হয়। এই দুৰ্যোগত হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছিল আৰু হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰিছিল। বান পৰিস্থিতিৰ ফলত হোৱা জীৱন আৰু সম্পত্তিৰ ক্ষতিৰ বাবে কিম জং উনে চৰকাৰী বিষয়াক জগৰীয়া কৰিছে। চৰকাৰী বিষয়াৰ ব্যৰ্থতাৰ বাবেই এনে হৈছে বুলি তেওঁ বিশ্বাস কৰিছিল।

ইয়াৰ বাবেই কিমৰ খঙে চুলিৰ আগ পালেগৈ৷ শেহতীয়াকৈ এই নিৰ্দেশ জাৰি কৰি কয় যে যিসকল বিষয়াই এই অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ফলত নিৰ্দেশনা অনুসৰি বানাক্ৰান্ত অঞ্চলৰ ২০-৩০ গৰাকী চৰকাৰী বিষয়াক দায়ী বুলি বিবেচিত কৰি একেলগে শাৰী পাতি ফাঁচী দিয়া হ’ব। অৱশ্যে এই খবৰ আনুষ্ঠানিকভাৱে নিশ্চিত কৰিব পৰা হোৱা নাই।

কেৱল এয়াই নহয়, চাংগাং প্ৰদেশৰ দলীয় সম্পাদক কাৰ বং হুনৰ বিৰুদ্ধেও তদন্তৰ নিৰ্দেশ দিয়া হৈছে। কোৱা হৈছে যে হুনে কিমৰ সৈতে বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰিবলৈ গৈছিল। তাত হোৱা ধ্বংসলীলা দেখি কিম স্তম্ভিত হৈ পৰিল। উত্তৰ কোৰিয়াৰ চৰকাৰী সংস্থা উত্তৰ কোৰিয়াৰ কেন্দ্ৰীয় বাতৰি সংস্থা (কেচিএনএ)ৰ মতে, কিম জং উনেও পলিটব্যুৰোৰ জৰুৰী বৈঠক আহ্বান কৰিছিল আৰু তাৰ বাবেই তেওঁ বান দুৰ্যোগ নিয়ন্ত্ৰণ কৰিব নোৱাৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল।

দক্ষিণ কোৰিয়াৰ সংবাদ মাধ্যমৰ তথ্য অনুসৰি উত্তৰ কোৰিয়াত হোৱা বানত এক হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে। ইয়াৰ উপৰিও ৪১০০ ঘৰ আৰু ৭৪১০ একৰ কৃষিভূমি বানত ক্ষতিগ্ৰস্ত হয়। এই দুৰ্যোগৰ বাবে স্থানীয় লোকসকলৰ মাজত অপৰিসীম ক্ষোভৰ সৃষ্টি হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ