--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জং উনৰ নিষ্ঠুৰতাৰ কাহিনী সমগ্ৰ বিশ্বতে বিখ্যাত। শেহতীয়াকৈ তেওঁ ৩০ জন চৰকাৰী বিষয়াক একেলগে ফাঁচী দিয়াৰ নিৰ্দেশ দিছিল। ইছ্যুটো আছিল চৰকাৰী বিষয়াকেইগৰাকীয়ে মানুহক বানপানীৰ পৰা ৰক্ষা কৰিব পৰা নাছিল৷ 

উত্তৰ কোৰিয়াৰ চাগাং প্ৰদেশত জুলাই মাহত প্ৰচণ্ড বৰষুণ হৈছিল। ফলত তাত বান পৰিস্থিতিৰ সৃষ্টি হয়। এই দুৰ্যোগত হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছিল আৰু হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰিছিল। বান পৰিস্থিতিৰ ফলত হোৱা জীৱন আৰু সম্পত্তিৰ ক্ষতিৰ বাবে কিম জং উনে চৰকাৰী বিষয়াক জগৰীয়া কৰিছে। চৰকাৰী বিষয়াৰ ব্যৰ্থতাৰ বাবেই এনে হৈছে বুলি তেওঁ বিশ্বাস কৰিছিল।

ইয়াৰ বাবেই কিমৰ খঙে চুলিৰ আগ পালেগৈ৷ শেহতীয়াকৈ এই নিৰ্দেশ জাৰি কৰি কয় যে যিসকল বিষয়াই এই অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ফলত নিৰ্দেশনা অনুসৰি বানাক্ৰান্ত অঞ্চলৰ ২০-৩০ গৰাকী চৰকাৰী বিষয়াক দায়ী বুলি বিবেচিত কৰি একেলগে শাৰী পাতি ফাঁচী দিয়া হ’ব। অৱশ্যে এই খবৰ আনুষ্ঠানিকভাৱে নিশ্চিত কৰিব পৰা হোৱা নাই।

কেৱল এয়াই নহয়, চাংগাং প্ৰদেশৰ দলীয় সম্পাদক কাৰ বং হুনৰ বিৰুদ্ধেও তদন্তৰ নিৰ্দেশ দিয়া হৈছে। কোৱা হৈছে যে হুনে কিমৰ সৈতে বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰিবলৈ গৈছিল। তাত হোৱা ধ্বংসলীলা দেখি কিম স্তম্ভিত হৈ পৰিল। উত্তৰ কোৰিয়াৰ চৰকাৰী সংস্থা উত্তৰ কোৰিয়াৰ কেন্দ্ৰীয় বাতৰি সংস্থা (কেচিএনএ)ৰ মতে, কিম জং উনেও পলিটব্যুৰোৰ জৰুৰী বৈঠক আহ্বান কৰিছিল আৰু তাৰ বাবেই তেওঁ বান দুৰ্যোগ নিয়ন্ত্ৰণ কৰিব নোৱাৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল।

দক্ষিণ কোৰিয়াৰ সংবাদ মাধ্যমৰ তথ্য অনুসৰি উত্তৰ কোৰিয়াত হোৱা বানত এক হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে। ইয়াৰ উপৰিও ৪১০০ ঘৰ আৰু ৭৪১০ একৰ কৃষিভূমি বানত ক্ষতিগ্ৰস্ত হয়। এই দুৰ্যোগৰ বাবে স্থানীয় লোকসকলৰ মাজত অপৰিসীম ক্ষোভৰ সৃষ্টি হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক