--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিভিন্ন ঠাইত লাহে লাহে বানপানী শুকাবলৈ আৰম্ভ হৈছে ।দিনে দিনে বাঢ়িছে বিপদ। এইবছৰ দোকালটকা বানত লাখ লাখ মানুহৰ সা-সম্পত্তি পানীত জাহ গৈছে ।দীৰ্ঘদিন ধৰি জমা হৈ থকা লেতেৰা পানী আৰু হানি হোৱা জীৱ-জন্তুৰ গলিত মৃতদেহসমূহে এক দূষিত পৰিৱেশৰ সৃষ্টি কৰিছে । ইয়াৰ লগে লগে প্ৰাৰ্দুভাৱ ঘটিছে অনেক ন-ন ৰোগৰ ৷ বিগত দুবছৰে ক’ভিদৰ সৈতে যুঁজি অহা  ৰাজ্যখনৰ ৰাইজক এইবাৰ জুৰুলা কৰিছে নতুনকৈ অহা ৰোগসমূহে ।

মূলতঃ ম’হ আৰু দূষিত পানীৰ দ্বাৰাই চিকেনগুনীয়া, ভাইৰেল জ্বৰ, মেলেৰীয়া,ডেংগু,ক’লেৰা ,ইনফলুৱেঞ্জা আদি বেমাৰৰ উদ্ভৱ হয় । আহকচোন এই ৰোগসমূহৰ বিষয়ে কিছু গুৰুত্বপূৰ্ণ কথা জানো-

১)মেলেৰীয়া: মাইকী এন’ফিলিচ ম’হৰ কামোৰত এই ৰোগ বিয়পে ৷ যদিও ইয়াৰ ভয়াবহতা কম বুলি ভবা হয় কিন্তু ২০১৯ চনৰ এক ৰিপ’ৰ্টমতে সমগ্ৰ বিশ্বতে এই ৰোগত চাৰি লাখ মৃত্যু  ৰেকৰ্ড কৰা হৈছিল ।পাঁচ বছৰৰ তলৰ শিশুৰ এই ৰোগ হোৱাৰ প্ৰৱণতা বেছি ।ইয়াৰ লক্ষণসমূহ হ’ল,
জ্বৰ,গাৰ বিষ,মূৰৰ বিষ,ডায়েৰীয়া আৰু বমি ৷

২)ডেংগুঃ এই ৰোগো মাইকী ম’হৰ দ্বাৰা বিয়পে ।ইয়াৰ লক্ষণসমূহ হ’ল প্ৰচণ্ড মূৰৰ বিষ, চকুৰ তলৰ বিষ, মাংসপেশীৰ বিষ,বমি,শৰীৰৰ বিভিন্ন অংশ ফুলি যোৱা ৷

৩) চিকুণগুনীয়াঃ ইয়ো একপ্ৰকাৰৰ ম’হৰ দ্বাৰা বিয়পা ৰোগ ৷ ইয়াৰ ফলত প্ৰচণ্ড গাৰ বিষ আৰু জ্বৰ হ’ব পাৰে ৷ ইয়াৰ লক্ষণসমূহো কিছু দেৰিকৈ দেখা দিয়ে।

এনে ম’হৰ কামোৰৰ পৰা উদ্ভৱ বেমাৰ সমূহৰ পৰা কিদৰে
 পৰিত্ৰাণ পাব পাৰি জানো আহক।

১/ ঘৰৰ আশে-পাশে কোনো কাৰণতে পানী জমা হৈ থাকিবলৈ নিদিব ।
২/ম’হৰ কামোৰৰ পৰা ৰক্ষা পাবলৈ আঠুৱা ব্যৱহাৰ কৰক ।
৩/ পৰাপক্ষত ফিল্টাৰ  অথবা উতলা ঠাণ্ডা পানীহে ব্যৱহাৰ কৰক ।
৪/নলাবোৰ চাফা কৰি ৰাখক ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু