--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিভিন্ন ঠাইত লাহে লাহে বানপানী শুকাবলৈ আৰম্ভ হৈছে ।দিনে দিনে বাঢ়িছে বিপদ। এইবছৰ দোকালটকা বানত লাখ লাখ মানুহৰ সা-সম্পত্তি পানীত জাহ গৈছে ।দীৰ্ঘদিন ধৰি জমা হৈ থকা লেতেৰা পানী আৰু হানি হোৱা জীৱ-জন্তুৰ গলিত মৃতদেহসমূহে এক দূষিত পৰিৱেশৰ সৃষ্টি কৰিছে । ইয়াৰ লগে লগে প্ৰাৰ্দুভাৱ ঘটিছে অনেক ন-ন ৰোগৰ ৷ বিগত দুবছৰে ক’ভিদৰ সৈতে যুঁজি অহা  ৰাজ্যখনৰ ৰাইজক এইবাৰ জুৰুলা কৰিছে নতুনকৈ অহা ৰোগসমূহে ।

মূলতঃ ম’হ আৰু দূষিত পানীৰ দ্বাৰাই চিকেনগুনীয়া, ভাইৰেল জ্বৰ, মেলেৰীয়া,ডেংগু,ক’লেৰা ,ইনফলুৱেঞ্জা আদি বেমাৰৰ উদ্ভৱ হয় । আহকচোন এই ৰোগসমূহৰ বিষয়ে কিছু গুৰুত্বপূৰ্ণ কথা জানো-

১)মেলেৰীয়া: মাইকী এন’ফিলিচ ম’হৰ কামোৰত এই ৰোগ বিয়পে ৷ যদিও ইয়াৰ ভয়াবহতা কম বুলি ভবা হয় কিন্তু ২০১৯ চনৰ এক ৰিপ’ৰ্টমতে সমগ্ৰ বিশ্বতে এই ৰোগত চাৰি লাখ মৃত্যু  ৰেকৰ্ড কৰা হৈছিল ।পাঁচ বছৰৰ তলৰ শিশুৰ এই ৰোগ হোৱাৰ প্ৰৱণতা বেছি ।ইয়াৰ লক্ষণসমূহ হ’ল,
জ্বৰ,গাৰ বিষ,মূৰৰ বিষ,ডায়েৰীয়া আৰু বমি ৷

২)ডেংগুঃ এই ৰোগো মাইকী ম’হৰ দ্বাৰা বিয়পে ।ইয়াৰ লক্ষণসমূহ হ’ল প্ৰচণ্ড মূৰৰ বিষ, চকুৰ তলৰ বিষ, মাংসপেশীৰ বিষ,বমি,শৰীৰৰ বিভিন্ন অংশ ফুলি যোৱা ৷

৩) চিকুণগুনীয়াঃ ইয়ো একপ্ৰকাৰৰ ম’হৰ দ্বাৰা বিয়পা ৰোগ ৷ ইয়াৰ ফলত প্ৰচণ্ড গাৰ বিষ আৰু জ্বৰ হ’ব পাৰে ৷ ইয়াৰ লক্ষণসমূহো কিছু দেৰিকৈ দেখা দিয়ে।

এনে ম’হৰ কামোৰৰ পৰা উদ্ভৱ বেমাৰ সমূহৰ পৰা কিদৰে
 পৰিত্ৰাণ পাব পাৰি জানো আহক।

১/ ঘৰৰ আশে-পাশে কোনো কাৰণতে পানী জমা হৈ থাকিবলৈ নিদিব ।
২/ম’হৰ কামোৰৰ পৰা ৰক্ষা পাবলৈ আঠুৱা ব্যৱহাৰ কৰক ।
৩/ পৰাপক্ষত ফিল্টাৰ  অথবা উতলা ঠাণ্ডা পানীহে ব্যৱহাৰ কৰক ।
৪/নলাবোৰ চাফা কৰি ৰাখক ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ