--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সামাজিক-পাৰিবাৰিক কিমান কাৰণত যে আমাৰ দেশৰ লাখ লাখ মহিলাৰ শিক্ষাগ্ৰহণৰ সপোন আধৰুৱা হৈ ৰয় ৷ আমাৰ দেশত এতিয়াও প্ৰায় ২০০ মিলিয়ন অশিক্ষিত মহিলা আছে ৷ চৌদিশে সামূহিক হতাশাৰ দিনবোৰত এনে কিছু কাহিনী পোহৰলৈ আহে, যি বহু লোকৰ বাবে প্ৰেৰণাৰ অমল উৎস হৈ ৰয় ।পৰিয়ালৰ সকলো দায়িত্ব পালন কৰি কাকো অভিযোগৰ কোনো সুবিধা নিদিয়াকৈ মুম্বাইৰ এগৰাকী মাতৃয়ে সুখ্যাতিৰে দশম শ্ৰেণীত উৰ্ত্তীণ হোৱাৰ খবৰ পুত্ৰই সামাজিক মাধ্যমত সদৰি কৰাৰ লগে লগে নেটিজেনসকলৰ মাজত প’ষ্টটো ভাইৰেল হৈ পৰে ৷

মহিলাগৰাকীৰ নাম কল্পনা অচ্যুৎ কলেটকাৰ ।কল্পনাই বিশ্বাস কৰিছিল নিজৰ সপোন পূৰা কৰিবৰ বাবে লাগে মাথোন প্ৰৱল ইচ্ছাশক্তি আৰু অধ্যৱসায় ৷ তেখেতৰ স্বামী অথবা আয়াৰলেণ্ডত কৰ্মৰত পুত্ৰই তেওঁৰ শিক্ষাগ্ৰহণৰ বিষয়ে ভূ পোৱা নাছিল। মুম্বাইত চৰকাৰে  শিক্ষাগ্ৰহণৰ পৰা বঞ্চিত হোৱা লোকসকলৰ বাবে এক বিশেষ আঁচনি গ্ৰহণ কৰিছিল । যোৱা বছৰৰ পৰা তেওঁ ৰাতিৰ বিদ্যালয়ত ন-উদ্যমেৰে শিক্ষাৰম্ভ কৰিছিল ৷

অৱশ্যে বিদেশত কৰ্মৰত পুত্ৰৰ বিয়াৰ কিছুদিন আগেয়ে তেখেতে নিজৰ ব’ৰ্ডৰ পৰীক্ষাৰ বিষয়ে পৰিয়ালক অৱগত কৰে ।যোৱা ফেব্ৰুৱাৰী মাহত পুত্ৰৰ বিয়া সুচাৰুভাৱে সম্পন্ন হৈ যোৱাৰ পিছত তেখেতে মাৰ্চ মাহত পৰীক্ষাত অৱতীৰ্ণ হয় ৷ আৰু অৱশেষত শেহতীয়াকৈ ওলোৱা ফলাফল অনুসৰি তেখেতে ৭৯.৬০ শতাংশৰে সুখ্যাতিৰে উৰ্ত্তীণ হয় ।

তেখেতৰ পুত্ৰ প্ৰসাদে মাতৃৰ এই সুখবৰটি লিংকেদিনত সদৰি কৰি নিজৰ আনন্দ প্ৰকাশ কৰে ৷ কল্পনাৰ এই কাহিনীয়ে সামাজিক মাধ্যমত হাজাৰ-বিজাৰ লোকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হয় ৷ আমাৰ দৰে তৃতীয় বিশ্বৰ অৱহেলিত চুক এটাৰ বাসিন্দাৰ বাবেও কল্পনাৰ কাহিনী প্ৰেৰণাৰ উৎস ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement