--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সামাজিক-পাৰিবাৰিক কিমান কাৰণত যে আমাৰ দেশৰ লাখ লাখ মহিলাৰ শিক্ষাগ্ৰহণৰ সপোন আধৰুৱা হৈ ৰয় ৷ আমাৰ দেশত এতিয়াও প্ৰায় ২০০ মিলিয়ন অশিক্ষিত মহিলা আছে ৷ চৌদিশে সামূহিক হতাশাৰ দিনবোৰত এনে কিছু কাহিনী পোহৰলৈ আহে, যি বহু লোকৰ বাবে প্ৰেৰণাৰ অমল উৎস হৈ ৰয় ।পৰিয়ালৰ সকলো দায়িত্ব পালন কৰি কাকো অভিযোগৰ কোনো সুবিধা নিদিয়াকৈ মুম্বাইৰ এগৰাকী মাতৃয়ে সুখ্যাতিৰে দশম শ্ৰেণীত উৰ্ত্তীণ হোৱাৰ খবৰ পুত্ৰই সামাজিক মাধ্যমত সদৰি কৰাৰ লগে লগে নেটিজেনসকলৰ মাজত প’ষ্টটো ভাইৰেল হৈ পৰে ৷

মহিলাগৰাকীৰ নাম কল্পনা অচ্যুৎ কলেটকাৰ ।কল্পনাই বিশ্বাস কৰিছিল নিজৰ সপোন পূৰা কৰিবৰ বাবে লাগে মাথোন প্ৰৱল ইচ্ছাশক্তি আৰু অধ্যৱসায় ৷ তেখেতৰ স্বামী অথবা আয়াৰলেণ্ডত কৰ্মৰত পুত্ৰই তেওঁৰ শিক্ষাগ্ৰহণৰ বিষয়ে ভূ পোৱা নাছিল। মুম্বাইত চৰকাৰে  শিক্ষাগ্ৰহণৰ পৰা বঞ্চিত হোৱা লোকসকলৰ বাবে এক বিশেষ আঁচনি গ্ৰহণ কৰিছিল । যোৱা বছৰৰ পৰা তেওঁ ৰাতিৰ বিদ্যালয়ত ন-উদ্যমেৰে শিক্ষাৰম্ভ কৰিছিল ৷

অৱশ্যে বিদেশত কৰ্মৰত পুত্ৰৰ বিয়াৰ কিছুদিন আগেয়ে তেখেতে নিজৰ ব’ৰ্ডৰ পৰীক্ষাৰ বিষয়ে পৰিয়ালক অৱগত কৰে ।যোৱা ফেব্ৰুৱাৰী মাহত পুত্ৰৰ বিয়া সুচাৰুভাৱে সম্পন্ন হৈ যোৱাৰ পিছত তেখেতে মাৰ্চ মাহত পৰীক্ষাত অৱতীৰ্ণ হয় ৷ আৰু অৱশেষত শেহতীয়াকৈ ওলোৱা ফলাফল অনুসৰি তেখেতে ৭৯.৬০ শতাংশৰে সুখ্যাতিৰে উৰ্ত্তীণ হয় ।

তেখেতৰ পুত্ৰ প্ৰসাদে মাতৃৰ এই সুখবৰটি লিংকেদিনত সদৰি কৰি নিজৰ আনন্দ প্ৰকাশ কৰে ৷ কল্পনাৰ এই কাহিনীয়ে সামাজিক মাধ্যমত হাজাৰ-বিজাৰ লোকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হয় ৷ আমাৰ দৰে তৃতীয় বিশ্বৰ অৱহেলিত চুক এটাৰ বাসিন্দাৰ বাবেও কল্পনাৰ কাহিনী প্ৰেৰণাৰ উৎস ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু