--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৱেষ্ট ইণ্ডিজ ভ্ৰমণলৈ গৈ ইটোৰ পিছত সিটোকৈ দুঃসংবাদে স্পৰ্শ কৰি গৈছে ভাৰতীয় শিবিৰ। প্ৰথমতে, কে এল ৰাহুল কৰ’নাত আক্ৰান্ত হোৱাৰ বাবে কেৰিবিয়ানৰ বিৰুদ্ধে টি-২০ ছিৰিজৰ পৰা বাহিৰ হ’ল। এইবাৰ কেৰিবিয়ানৰ বিৰুদ্ধে আঘাতৰ বাবে অনিশ্চিত ৰবীন্দ্র জাদেজা৷ আঁঠুৰ আঘাতৰ বাবে আগন্তুক মেচসমূহত অনিশ্চিত অলৰাউণ্ডাৰ জাদেজা। এই শৃংখলাত তেওঁক অৰ্পন কৰা হৈছিল সহ অধিনায়কৰ দায়িত্ব। পিছে বাওঁ আঁঠুৰ আঘাতৰ বাবে খেলুৱৈগৰাকীলৈ বিশ্ৰামৰ পৰামৰ্শ চিকিৎসকৰ।

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্রথমখন এদিনীয়া খেলৰ পূর্বে ভাৰতৰ অধিনায়ক শিখৰ ধৱনে জাদেজাৰ আঘাত সন্দর্ভত সংবাদমেলত কয়, ‘তেওঁৰ আঘাত আছে। গতিকে তেওঁ মেচখন খেলিব পাৰিব নে নাই আমি নাজানো! ইয়াৰ বাহিৰেও আমাৰ হাতত আছে ছিৰাজ, আমাৰ হাতত আছে প্ৰসিদ্ধ কৃষ্ণ, আৰু আছে একাধিক ভাল বলাৰ। আমাৰ বলিং ইউনিটটো যথেষ্ট ভাল। তেওঁলোকে নিশ্চিতভাৱে ভাল প্ৰদৰ্শন আগবঢ়াব।’

ইফালে, শুকুৰবাৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত প্ৰথম এদিনীয়াত জয়ী হৈছে ভাৰত। মেন অৱ দ্য মেচৰ খিতাপো লাভ কৰিছে শিখৰ ধৱনে। ৰাহুল আৰু জাদেজাৰ দৰে নিৰ্ভৰযোগ্য খেলুৱৈ দলৰ পৰা বাদ পৰাৰ পাছতো এই জয়ে স্বাভাৱিকতে আত্মবিশ্বাসী কৰি তুলিব ভাৰতক।





FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement