--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৱেষ্ট ইণ্ডিজ ভ্ৰমণলৈ গৈ ইটোৰ পিছত সিটোকৈ দুঃসংবাদে স্পৰ্শ কৰি গৈছে ভাৰতীয় শিবিৰ। প্ৰথমতে, কে এল ৰাহুল কৰ’নাত আক্ৰান্ত হোৱাৰ বাবে কেৰিবিয়ানৰ বিৰুদ্ধে টি-২০ ছিৰিজৰ পৰা বাহিৰ হ’ল। এইবাৰ কেৰিবিয়ানৰ বিৰুদ্ধে আঘাতৰ বাবে অনিশ্চিত ৰবীন্দ্র জাদেজা৷ আঁঠুৰ আঘাতৰ বাবে আগন্তুক মেচসমূহত অনিশ্চিত অলৰাউণ্ডাৰ জাদেজা। এই শৃংখলাত তেওঁক অৰ্পন কৰা হৈছিল সহ অধিনায়কৰ দায়িত্ব। পিছে বাওঁ আঁঠুৰ আঘাতৰ বাবে খেলুৱৈগৰাকীলৈ বিশ্ৰামৰ পৰামৰ্শ চিকিৎসকৰ।

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্রথমখন এদিনীয়া খেলৰ পূর্বে ভাৰতৰ অধিনায়ক শিখৰ ধৱনে জাদেজাৰ আঘাত সন্দর্ভত সংবাদমেলত কয়, ‘তেওঁৰ আঘাত আছে। গতিকে তেওঁ মেচখন খেলিব পাৰিব নে নাই আমি নাজানো! ইয়াৰ বাহিৰেও আমাৰ হাতত আছে ছিৰাজ, আমাৰ হাতত আছে প্ৰসিদ্ধ কৃষ্ণ, আৰু আছে একাধিক ভাল বলাৰ। আমাৰ বলিং ইউনিটটো যথেষ্ট ভাল। তেওঁলোকে নিশ্চিতভাৱে ভাল প্ৰদৰ্শন আগবঢ়াব।’

ইফালে, শুকুৰবাৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত প্ৰথম এদিনীয়াত জয়ী হৈছে ভাৰত। মেন অৱ দ্য মেচৰ খিতাপো লাভ কৰিছে শিখৰ ধৱনে। ৰাহুল আৰু জাদেজাৰ দৰে নিৰ্ভৰযোগ্য খেলুৱৈ দলৰ পৰা বাদ পৰাৰ পাছতো এই জয়ে স্বাভাৱিকতে আত্মবিশ্বাসী কৰি তুলিব ভাৰতক।





FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক