--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে জয়ী হৈছে ভাৰত। প্ৰথমে বেট কৰি ভাৰতে ৭টা উইকেট হেৰুৱাই ৩০৮ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত নিক’লাছ পুৰ’নৰ দলটোৱে মাত্ৰ ৩ ৰানত পৰাস্ত হৈ ছিৰিজত ০-১ৰ ব্যৱধানত পিছুৱাই যায়। প’ৰ্ট অৱ স্পেইনৰ কুইনছ পাৰ্ক অ’ভেলত অনুষ্ঠিত খেলৰ ফাইনেল অ’ভাৰটো আছিল নাটকীয়। মেচখনৰ পৰিস্থিতি আছিল ফিফ্টী-ফিফ্টী। জয়ী হ’বলৈ পুৰণৰ দলক অন্তিম অ’ভাৰত ১৫ ৰানৰ প্ৰয়োজন হৈছিল। 

অন্তিম অ’ভাৰত ক্ৰীজত আছিল বিগ হিটাৰ ৰোমাৰিয়া শ্বেফাৰ্ড আৰু আকিল হোছেইন। ষ্টেণ্ড ইন অধিনায়ক শিখৰ ধৱনৰ দলত নাছিল যছপ্ৰীত বুমৰাহ, ভুৱনেশ্বৰ কুমাৰ বা মহম্মদ ছামীৰ দৰে তাৰকা বলাৰ। মহম্মদ ছিৰাজৰ হাতত বল তুলি দিবলৈ বাধ্য হৈছিল গব্বৰ সিং। পিছে ছিৰাজে আগতে কেতিয়াও এনে অৱস্থাত বলিং কৰা নাছিল। ছিৰাজে অ’ভাৰটো আৰম্ভ কৰে ডট বলেৰে। তাৰ পিছত লেগ-বাইত ৰান দিয়ে। ছিৰাজে তৃতীয়টো বল দিয়ে ইয়ৰ্কাৰ। কিন্তু শ্বেফাৰ্ডৰ বেটে বল মাৰি পঠিয়ায় বাউণ্ডেৰীলৈ। ৩ বলত ১০ ৰান দি যেতিয়া উইণ্ডিজ ৰৈ গ’ল। তেতিয়া ড্ৰেছিং ৰুমত দেখা গ’ল ৰাহুল দ্ৰাবিড়, ঈশান কিষাণৰ উত্তেজনা। মৰণ-বাচন মেচখনত তেওঁলোকৰ মুখৰ ভংগী কেমেৰাত বন্দী কৰিছিল  বিচিচিআইয়ে। ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে এই ভিডিঅ’টো টুইট কৰিছিল। ভিডিঅ’টোত ঈশানে ছিৰাজৰ বাবে চিঞৰিবলৈ আৰম্ভ কৰে। আনহাতে, বেটিং প্ৰশিক্ষক বিক্ৰম ৰাথোৰৰ সৈতে কথা পাতিবলৈ আৰম্ভ কৰে দ্ৰাবিড়ে। মেচখনত ভাৰতে জয়লাভ কৰাৰ পাছতে সকাহ পালে দ্ৰাবিড়-ঈশানে।

মন কৰিবলগীয়া যে,  জয়েৰে অভিযান আৰম্ভ কৰা ভাৰতে দেওবাৰে প’ৰ্ট অৱ স্পেইনৰ কুইনছ পাৰ্ক অ’ভেলত দ্বিতীয়খন এদিনীয়াত মুখামুখি হ’ব ৱেষ্ট ইণ্ডিজ। এইখন মেচত জয়লাভ কৰিলে শৃংখলা দখল কৰিব ভাৰতে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ