--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে জয়ী হৈছে ভাৰত। প্ৰথমে বেট কৰি ভাৰতে ৭টা উইকেট হেৰুৱাই ৩০৮ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত নিক’লাছ পুৰ’নৰ দলটোৱে মাত্ৰ ৩ ৰানত পৰাস্ত হৈ ছিৰিজত ০-১ৰ ব্যৱধানত পিছুৱাই যায়। প’ৰ্ট অৱ স্পেইনৰ কুইনছ পাৰ্ক অ’ভেলত অনুষ্ঠিত খেলৰ ফাইনেল অ’ভাৰটো আছিল নাটকীয়। মেচখনৰ পৰিস্থিতি আছিল ফিফ্টী-ফিফ্টী। জয়ী হ’বলৈ পুৰণৰ দলক অন্তিম অ’ভাৰত ১৫ ৰানৰ প্ৰয়োজন হৈছিল। 

অন্তিম অ’ভাৰত ক্ৰীজত আছিল বিগ হিটাৰ ৰোমাৰিয়া শ্বেফাৰ্ড আৰু আকিল হোছেইন। ষ্টেণ্ড ইন অধিনায়ক শিখৰ ধৱনৰ দলত নাছিল যছপ্ৰীত বুমৰাহ, ভুৱনেশ্বৰ কুমাৰ বা মহম্মদ ছামীৰ দৰে তাৰকা বলাৰ। মহম্মদ ছিৰাজৰ হাতত বল তুলি দিবলৈ বাধ্য হৈছিল গব্বৰ সিং। পিছে ছিৰাজে আগতে কেতিয়াও এনে অৱস্থাত বলিং কৰা নাছিল। ছিৰাজে অ’ভাৰটো আৰম্ভ কৰে ডট বলেৰে। তাৰ পিছত লেগ-বাইত ৰান দিয়ে। ছিৰাজে তৃতীয়টো বল দিয়ে ইয়ৰ্কাৰ। কিন্তু শ্বেফাৰ্ডৰ বেটে বল মাৰি পঠিয়ায় বাউণ্ডেৰীলৈ। ৩ বলত ১০ ৰান দি যেতিয়া উইণ্ডিজ ৰৈ গ’ল। তেতিয়া ড্ৰেছিং ৰুমত দেখা গ’ল ৰাহুল দ্ৰাবিড়, ঈশান কিষাণৰ উত্তেজনা। মৰণ-বাচন মেচখনত তেওঁলোকৰ মুখৰ ভংগী কেমেৰাত বন্দী কৰিছিল  বিচিচিআইয়ে। ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে এই ভিডিঅ’টো টুইট কৰিছিল। ভিডিঅ’টোত ঈশানে ছিৰাজৰ বাবে চিঞৰিবলৈ আৰম্ভ কৰে। আনহাতে, বেটিং প্ৰশিক্ষক বিক্ৰম ৰাথোৰৰ সৈতে কথা পাতিবলৈ আৰম্ভ কৰে দ্ৰাবিড়ে। মেচখনত ভাৰতে জয়লাভ কৰাৰ পাছতে সকাহ পালে দ্ৰাবিড়-ঈশানে।

মন কৰিবলগীয়া যে,  জয়েৰে অভিযান আৰম্ভ কৰা ভাৰতে দেওবাৰে প’ৰ্ট অৱ স্পেইনৰ কুইনছ পাৰ্ক অ’ভেলত দ্বিতীয়খন এদিনীয়াত মুখামুখি হ’ব ৱেষ্ট ইণ্ডিজ। এইখন মেচত জয়লাভ কৰিলে শৃংখলা দখল কৰিব ভাৰতে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু