--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি একেটা অট্টালিকাৰ ভিতৰতে কেইবাটাও ফ্লেট নিৰ্মাণ কৰা হয়। মানুহৰ প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি এনেদৰে একোটা অঞ্চলত একেলগে বহু ফ্লেট  নিৰ্মাণ কৰিবলগীয়া হৈছে। এক কথাত ক'বলৈ গ'লে ফ্রেটসমূহে যেন এটা বিশেষ পৰিসৰৰ ভিতৰত এখন গাঁৱৰহে সৃষ্টি কৰে।

 এখন সৰু গাঁৱত ১০০-১৫০টা পৰিয়ালে বাস কৰিব পাৰে। ঠিক তেনেদৰে ফ্লেটটো কম ঠাইৰ ভিতৰতে বহুকেইটা পৰিয়ালে একেলগে বাস কৰে। যদি বাস্তু শাস্ত্ৰৰ বিধি অনুসৰি ফ্লেট নিৰ্মাণ কৰা নহয় তেন্তে ফ্লেটত বাস কৰা লোকসকলে নানান অসুবিধাৰ সন্মুখীন হ'ব পাৰে। ফ্লেটত যিহেতু একেলগে বহু মানুহে বাস কৰে সেইবাবে তেওঁলোকে বাস্তু শাস্ত্ৰৰ বিধি অনুসৰি সুকীয়া সুকীয়াকৈ গৃহসজ্জা কৰিব লাগে। এইক্ষেত্ৰত মানি চলিবলগীয়া কেইটামান কথা হ'ল-

ফ্লেক্টৰ আকাৰ আয়তাকাৰ বা বর্গাকাৰ হ'ব লাগে। বর্গাকাৰ স্থানত নিৰ্মাণ কৰা ফ্লেটসমূহৰ আকাৰো বর্গাকাৰ হ'ব লাগে।
প্ৰতিটো ফ্লেট স্নানাগাৰ তথা শৌচাগাৰ উত্তৰ-পশ্চিম দিশত হ'ব লাগে। ফ্লেটৰ ভিতৰত মন্দিৰৰ বাবে উত্তৰ-পূব দিশত স্থান নির্ণয় কৰিব লাগে। ফ্লেটৰ ৰান্ধনীশাল সদায় দক্ষিণ-পূব দিশত থাকিব লাগে। ৰান্ধনীশাল উত্তৰ- পূব দিশত যাতে স্থাপন কৰা নহয় সেই কথাৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে। প্রয়োজন হ'লে উত্তৰ পশ্চিম দিশটো ৰান্ধনীশাল স্থাপন কৰিব পাৰি। কিন্তু ৰান্ধনীশাল স্থাপনৰ উপযুক্ত দিশ হৈছে দক্ষিণ-পূব দিশ।
শোৱনি কোঠা ফ্লেটত সদায় দক্ষিণ পশ্চিম দিশত স্থাপন কৰিব লাগে। ইয়াৰ উপৰি উত্তৰ পূব, উত্তৰ অথবা পূব দিশতো বিছনা স্থাপন কৰিব পাৰি। এটা কথালৈ সদায় মন কৰিব লাগে যে ফ্লেট মধ্যভাগ যাতে সম্পূর্ণ মুকলিকৈ ৰখা হয়। ফ্লেটৰ মধ্যভাগত কোনো ধৰণৰ ওজনযুক্ত বস্তু ৰাখিব নালাগে । মধ্যভাগ সদায় পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিব লাগে।
ফ্লেক্টৰ মালবস্তু থোৱা গুদামঘৰ সদায় দক্ষিণ পশ্চিম দিশত অথবা মধ্য পশ্চিম দিশত স্থাপন কৰিব লাগে।
ফ্লেটত যাতে সুন্দৰভাৱে বতাহ আৰু পোহৰ প্ৰৱেশ কৰিব পাৰে, তাৰ বাবে ফ্লেটৰ পূব আৰু উত্তৰ দিশ নাইবা উত্তৰ-পূব দিশত উপযুক্ত ভেণ্টিলেচনৰ ব্যৱস্থা কৰিব লাগে ।ফ্লেট দক্ষিণ-পূব দিশত কিছু ওজনযুক্ত বস্তু ৰাখিব লাগে। ২০০-৫০০ কিলোগ্ৰাম ওজনৰ বস্তু সদায় দক্ষিণ-পশ্চিম কোণত ৰাখিলে যথেষ্ট সুফল লাভ কৰিব পাৰি ।
প্ৰতিটো ফ্লেটৰ ঘৰৰ প্ৰধান দুৱাৰ যাতে ভিতৰৰ পৰা খুলিব পাৰি তাৰ ব্যৱস্থা কৰিব লাগে ।
ফ্লেটৰ দুৱাৰ স্বয়ংক্রিয়ভাৱে খোল খোৱা অথবা জাপ খোৱা হ'ব নালাগে । এনে যান্ত্রিক দুৱাৰে নানান ধৰণৰ অপায়-অমংগল মাতি আনে।
ফ্লেক্টৰ দুৱাৰ কেতিয়াও দক্ষিণ-পশ্চিম কোণত স্থাপন কৰিব নালাগে ।
ফ্লেটৰ চৌহদৰ ভিতৰত নলীনাদ, বৰিং আদি সদায় উত্তৰ-পূব, পূব বা উত্তৰ দিশত স্থাপন কৰিব লাগে ।
ফ্লেক্ট জলাধাৰ উত্তৰ-পূব, পূব বা উত্তৰ দিশত থাকিব লাগে। জলাধাৰ কেতিয়াও দক্ষিণ পূব কোণত স্থাপন কৰিব নালাগে।
ফ্লেক্টৰ উত্তৰ আৰু পূব দিশ দুটা যথাসম্ভৱ মুকলিকৈ ৰাখিব লাগে ।
ফ্লেক্টৰ উত্তৰ আৰু পশ্চিম দিশত গছ-গছনি ৰোপণ কৰিব লাগে। গছ-গছনিৰ ভিতৰত ওখ কনক চম্পা, নাৰিকল আদি গছ হ'ব পাৰে।
ফ্লেক্টৰ বৰ্জিত পানী ওলাই যাব পৰা নলা দক্ষিণ পশ্চিম বা উত্তৰ পশ্চিম দিশত স্থাপন কৰিব লাগে ।
নলা পশ্চিম বা দক্ষিণ পূব দিশটো স্থাপন কৰিব পাৰি। ফ্লেটৰ নলাৰ জলপ্রবাহ
যেন দক্ষিণৰ পৰা উত্তৰলৈ, পশ্চিমৰ পৰা পূবলৈ নাইবা উত্তৰ আৰু পূব দিশে গতি কৰে সেই কথালৈ মন দিব লাগে।
ফ্লেট বৈদ্যুতিক আহিলা আদি দক্ষিণ পূব দিশত স্থাপন কৰিব লাগে ৷ ফ্লেটত প্ৰায়ভাগ মানুহৰেই নিজা নিজা গাড়ী থাকে। কম ওজনৰ সৰু গাড়ী উত্তৰ-পূব দিশত আৰু বেছি ওজনৰ ডাঙৰ গাড়ী পশ্চিম নাইবা উত্তৰ দিশৰ মাজভাগত ৰাখিব লাগে ।
ফ্লেটৰ ছিৰিৰ ৰেলিং দক্ষিণ, পশ্চিম বা দক্ষিণ পশ্চিম দিশত থাকিব লাগে। উত্তৰ পূব দিশত ফ্লেটৰ ছিৰিৰ ৰেলিং দিব নালাগে ।
ফ্লেক্টৰ মাজভাগ মুকলিকৈ ৰাখিব লাগে। যাতে সেই অংশত থিয় হৈ আকাশখন ভালদৰে দেখা পোৱা যায়।















FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ