--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বাতবিষ হৈছে দ্ৰুতগতিত বৃদ্ধি পোৱা হাড়ৰ এক গুৰুতৰ সমস্যা। পৰিসংখ্যা অনুসৰি দেশৰ ১৮ কোটিতকৈও অধিক লোকে এক বেদনাদায়ক অৱস্থাৰে জীৱন অতিবাহিত কৰে। দেখা যায় যে ডায়েবেটিছ, এইডছ, কেন্সাৰ আদি বহুতো গুৰুতৰ ৰোগতকৈ ইয়াৰ প্ৰাদুৰ্ভাৱ বহুত বেছি। প্ৰতি বছৰে প্ৰায় ১৪% ভাৰতীয় লোকে বাতবিষৰ সমস্যাৰ সন্মুখীন হৈছে। গাঁঠি ফুলা আৰু বিষৰ এই সমস্যাই স্বাভাৱিক জীৱন ধাৰণত প্ৰভাৱ বিস্তাৰ কৰে। দুৰ্ভাগ্যজনকভাৱে যে এই সমস্যা এতিয়া কম বয়সীয়া লোকৰ ক্ষেত্ৰতো হোৱা দেখা গৈছে।

 বিশেষজ্ঞসকলে বাতবিষৰ সমস্যা নিৰাময়ৰ বাবে কিছুমান ঘৰুৱা ঔষধ ফলপ্ৰসূ বুলিছে, জানো আহকচোন সেইবোৰৰ বিষয়ে বিতংভাৱে

 ১. গ্ৰীণ টি-

গৱেষকসকলে বাতবিষৰ সমস্যা দূৰ কৰাত গ্ৰীণ-টি উপকাৰী বুলি কৈছে। ইয়াত থকা এন্টিঅক্সিডেন্টে বাতবিষৰ ফলত হোৱা প্ৰদাহৰ সমস্যা হ্ৰাস কৰাত সহায়ক বুলি ধাৰণা কৰা হৈছে। বিজ্ঞানীসকলে প্ৰমাণ পাইছে যে গ্ৰীণ-টিৰ নিষ্কাশন বা ইয়াত পোৱা এটা নিৰ্দিষ্ট উপাদান বাতবিষৰ লক্ষণসমূহ হ্ৰাস কৰাত সহায়ক হ’ব পাৰে। বাতবিষৰ লগতে আন বহুতো দীৰ্ঘদিনীয়া স্বাস্থ্যজনিত সমস্যাতো গ্ৰীণ-টি উপকাৰী।

২. হালধি-

বছৰ বছৰ ধৰি হালধিক বিষ নিৰাময়ক হিচাপে ব্যৱহাৰ কৰি আহিছে। ইয়াৰ মূল উপাদান কাৰকুমিনৰ প্ৰদাহ নিবাৰণকাৰী গুণ আছে বুলি জনা যায়। পৰম্পৰাগত আয়ুৰ্বেদিক আৰু চীনা চিকিৎসা পদ্ধতিতো হালধি ব্যৱহাৰ কৰিলে বাতবিষ ফুলাত উপকাৰী হোৱা দেখা যায়। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে হালধি সেৱন কৰিলে বাতবিষৰ লক্ষণসমূহ হ্ৰাস কৰাত সহায়ক হ’ব পাৰে।

৩. এলোভেৰা-

বাতবিষৰ সমস্যা দূৰ কৰিবলৈ বিকল্প চিকিৎসাত সৰ্বাধিক ব্যৱহৃত বনৌষধিৰ ভিতৰত এলোভেৰা অন্যতম। এলোভেৰাৰ প্ৰদাহ নিবাৰণকাৰী গুণ আছে যিয়ে ফুলা আৰু বিষৰ সমস্যা হ্ৰাস কৰাত সহায়ক হ’ব পাৰে। বাতবিষৰ বাবে সাধাৰণতে ব্যৱহৃত ননষ্টেৰইডাল এন্টি-ইনফ্লেমেটৰী (NSAIDs) ঔষধৰ ওপৰত ইয়াৰ কোনো পাৰ্শ্ব-প্ৰতিক্ৰিয়া নাই। এলোভেৰা সেৱন কৰিলে বিষ আৰু ফুলা সমস্যা কম হয়।

৪. আদা-

 খাদ্যৰ সোৱাদ বৃদ্ধিৰ বাবে বছৰ বছৰ ধৰি আদা ব্যৱহাৰ হৈ আহিছে। ইয়াৰ বহুতো উপকাৰিতাও দেখা যায় অধ্যয়নত দেখা গৈছে যে আদাত এন্টি-ইনফ্লেমেটৰী গুণ আছে, যিয়ে অষ্টিঅ’আৰ্থাইটিছ আৰু গাঁঠি-পেশীৰ বিষ হ্ৰাস কৰাত সহায়ক হ’ব পাৰে। নিয়মীতভাৱে খাদ্য তালিকাত আদা অন্তৰ্ভুক্ত কৰিলে এনে সমস্যাৰ পৰা সহজে সকাহ পোৱা যায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
'নাৰী শক্তি বন্দন' বিধেয়ক আমাৰ আন্তৰিকতাপূর্ণ প্ৰয়াস আছিল, বিৰোধীয়ে চূর্ণ-বিচূর্ণ কৰিলে নাৰীৰ সপোন: প্রধানমন্ত্রী
দুখন ভাৰতীয় জাহাজত ইৰানী নৌ সেনাৰ আক্ৰমণ; হৰমুজ প্ৰণালী পুনৰ বন্ধ কৰিলে ইৰানে
T-20 বিশ্ব কাপত মেচ ফিক্সিঙৰ অভিযোগ; দুর্নীতি নিবাৰক শাখাৰ তদন্ত আৰম্ভ
ৰাছিয়াৰ পৰা খাৰুৱা তেল আৰু এল পি জি ক্রয় অব্যাহত ৰাখিব ভাৰতে
বিশ্বৰ জনপ্ৰিয় নেতাৰ তালিকাৰ শীৰ্ষত পুনৰ মোদী, দশম স্থানত ড’নাল্ড ট্রাম্প
আজি অক্ষয় তৃতীয়া; কি কৰিব লাগে আৰু কি কৰিব নালাগে জানো আহক
মহাকাশ বিজ্ঞানত নতুন ইতিহাস: চন্দ্ৰৰ কক্ষপথ ভ্ৰমণ কৰি পৃথিৱীলৈ সুৰক্ষিত প্ৰত্যাৱৰ্তন নাছাৰ ৪ মহাকাশচাৰীৰ
বিহুৰ বতৰত অসমীয়ালৈ উপহাৰ: ২০ বছৰ আগৰ জুবিনক পুনৰ লগ পাব অনুৰাগীয়ে
৩ খন সফল আইপিএল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এচিএৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
অসমৰ বজাৰলৈ কলকাতাৰ ঢোল, গামোচাৰ পাছত এইবাৰ অন্য এক জাতীয় সম্পদক লৈ বাহিৰৰ বণিয়াৰ বেপাৰ
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত নতুন প্ৰজাতিৰ গেকো আৱিষ্কাৰ: ৰাজ্যৰ জীৱ-বৈচিত্র্যৰ ভঁৰাললৈ অন্য এক সংযোজন
গৰু বিহুৰ দিনা একাংশ মানুহে কিয় খায় আমৰলি পৰুৱাৰ টোপ? জানো আহক
পাৱাৰলুমৰ গামোচাৰে ভৰিছে ৰাজ্যৰ বজাৰ
আজি গৰু বিহু ; চৌদিশে হেঁপাহৰ ৰঙালীক আদৰাৰ প্ৰস্তুতি