--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বাতবিষ হৈছে দ্ৰুতগতিত বৃদ্ধি পোৱা হাড়ৰ এক গুৰুতৰ সমস্যা। পৰিসংখ্যা অনুসৰি দেশৰ ১৮ কোটিতকৈও অধিক লোকে এক বেদনাদায়ক অৱস্থাৰে জীৱন অতিবাহিত কৰে। দেখা যায় যে ডায়েবেটিছ, এইডছ, কেন্সাৰ আদি বহুতো গুৰুতৰ ৰোগতকৈ ইয়াৰ প্ৰাদুৰ্ভাৱ বহুত বেছি। প্ৰতি বছৰে প্ৰায় ১৪% ভাৰতীয় লোকে বাতবিষৰ সমস্যাৰ সন্মুখীন হৈছে। গাঁঠি ফুলা আৰু বিষৰ এই সমস্যাই স্বাভাৱিক জীৱন ধাৰণত প্ৰভাৱ বিস্তাৰ কৰে। দুৰ্ভাগ্যজনকভাৱে যে এই সমস্যা এতিয়া কম বয়সীয়া লোকৰ ক্ষেত্ৰতো হোৱা দেখা গৈছে।

 বিশেষজ্ঞসকলে বাতবিষৰ সমস্যা নিৰাময়ৰ বাবে কিছুমান ঘৰুৱা ঔষধ ফলপ্ৰসূ বুলিছে, জানো আহকচোন সেইবোৰৰ বিষয়ে বিতংভাৱে

 ১. গ্ৰীণ টি-

গৱেষকসকলে বাতবিষৰ সমস্যা দূৰ কৰাত গ্ৰীণ-টি উপকাৰী বুলি কৈছে। ইয়াত থকা এন্টিঅক্সিডেন্টে বাতবিষৰ ফলত হোৱা প্ৰদাহৰ সমস্যা হ্ৰাস কৰাত সহায়ক বুলি ধাৰণা কৰা হৈছে। বিজ্ঞানীসকলে প্ৰমাণ পাইছে যে গ্ৰীণ-টিৰ নিষ্কাশন বা ইয়াত পোৱা এটা নিৰ্দিষ্ট উপাদান বাতবিষৰ লক্ষণসমূহ হ্ৰাস কৰাত সহায়ক হ’ব পাৰে। বাতবিষৰ লগতে আন বহুতো দীৰ্ঘদিনীয়া স্বাস্থ্যজনিত সমস্যাতো গ্ৰীণ-টি উপকাৰী।

২. হালধি-

বছৰ বছৰ ধৰি হালধিক বিষ নিৰাময়ক হিচাপে ব্যৱহাৰ কৰি আহিছে। ইয়াৰ মূল উপাদান কাৰকুমিনৰ প্ৰদাহ নিবাৰণকাৰী গুণ আছে বুলি জনা যায়। পৰম্পৰাগত আয়ুৰ্বেদিক আৰু চীনা চিকিৎসা পদ্ধতিতো হালধি ব্যৱহাৰ কৰিলে বাতবিষ ফুলাত উপকাৰী হোৱা দেখা যায়। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে হালধি সেৱন কৰিলে বাতবিষৰ লক্ষণসমূহ হ্ৰাস কৰাত সহায়ক হ’ব পাৰে।

৩. এলোভেৰা-

বাতবিষৰ সমস্যা দূৰ কৰিবলৈ বিকল্প চিকিৎসাত সৰ্বাধিক ব্যৱহৃত বনৌষধিৰ ভিতৰত এলোভেৰা অন্যতম। এলোভেৰাৰ প্ৰদাহ নিবাৰণকাৰী গুণ আছে যিয়ে ফুলা আৰু বিষৰ সমস্যা হ্ৰাস কৰাত সহায়ক হ’ব পাৰে। বাতবিষৰ বাবে সাধাৰণতে ব্যৱহৃত ননষ্টেৰইডাল এন্টি-ইনফ্লেমেটৰী (NSAIDs) ঔষধৰ ওপৰত ইয়াৰ কোনো পাৰ্শ্ব-প্ৰতিক্ৰিয়া নাই। এলোভেৰা সেৱন কৰিলে বিষ আৰু ফুলা সমস্যা কম হয়।

৪. আদা-

 খাদ্যৰ সোৱাদ বৃদ্ধিৰ বাবে বছৰ বছৰ ধৰি আদা ব্যৱহাৰ হৈ আহিছে। ইয়াৰ বহুতো উপকাৰিতাও দেখা যায় অধ্যয়নত দেখা গৈছে যে আদাত এন্টি-ইনফ্লেমেটৰী গুণ আছে, যিয়ে অষ্টিঅ’আৰ্থাইটিছ আৰু গাঁঠি-পেশীৰ বিষ হ্ৰাস কৰাত সহায়ক হ’ব পাৰে। নিয়মীতভাৱে খাদ্য তালিকাত আদা অন্তৰ্ভুক্ত কৰিলে এনে সমস্যাৰ পৰা সহজে সকাহ পোৱা যায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু