--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যদি আপুনি ব্যায়াম নকৰে বা কৰিবলৈ ভাল নাপায় তেন্তে অন্ততঃ আপুনি পুৱা খোজ কাঢ়িবলৈ আৰম্ভ কৰিব লাগে। জাৰ্নেল অৱ এক্সাৰচাইজ নিউট্ৰিচন এণ্ড বায়’কেমিষ্ট্ৰীত প্ৰকাশিত এক অধ্যয়নত দেখা গৈছে যে খোজ কঢ়াটোৱে মেদবহুল মানুহৰ চৰ্বি জ্বলাবলৈ সহায় কৰিব পাৰে।  গৱেষকসকলে প্ৰকাশ কৰিছে যে খোজকঢ়া মানুহৰ শৰীৰৰ চৰ্বি আৰু কঁকালৰ মেদ হ্ৰাস পায়। যদি আপুনি খোজ কাঢ়ি ওজন কমাব বিচাৰে, তেন্তে আপুনি কিছুমান মৌলিক টিপছ জনাটো উচিত।

মানুহে দৈনিক ১ ঘণ্টা খোজ কাঢ়িব লাগিব লাগে। গোটেই সপ্তাহটো খোজ নাকাঢ়িলও সপ্তাহত ৫ দিন খোজ কঢ়াটো উচিত। খাদ্য খোৱাৰ পাছত চিধাই বিচনালৈ দৌৰি নগৈ ৫ মিনিট বহি ১০০০ খোজ কাঢ়িব লাগে। 

আমেৰিকান হাৰ্ট এছ’চিয়েশ্যনে হৃদযন্ত্ৰ আৰু শৰীৰ সুস্থৰ বাবে দিনটোত ১০ হাজাৰ খোজ খোজ কাঢ়িবলৈ পৰামৰ্শ দিছে। দৈনিক খোজ কাঢ়িলে আপোনাৰ ষ্টেমিনা বৃদ্ধি পাব, যাৰ ফলত আপুনি অধিক শক্তিৰে খোজ কাঢ়িব পাৰিব আৰু অধিক কেলৰি জ্বলাব পাৰিব। 

২০১৬ চনৰ এক অধ্যয়নত এই কথাও প্ৰকাশ পাইছে যে দৈনিক ১০ হাজাৰ খোজে আপোনাৰ ওজন কমোৱাত দ্ৰুতগতিত সহায় কৰিব পাৰে। আপুনি আপোনাৰ দৈনন্দিন খোজসমূহ অনুসৰণ কৰিবলৈ ফিটনেছ বেণ্ড বা ফোন এপ বা স্মাৰ্টৱাচ ব্যৱহাৰ কৰিব পাৰে। নিয়মীয়াকৈ খোজ কাঢ়িলে বিভিন্ন ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংক চলাবলৈ অতি প্ৰয়োজনীয় স্থানীয় ভাষা ! কি কি ক'লে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?
ৰাজনৈতিক কাৰ্যত ব্যৱহাৰ কৰাত ব্রাজিলৰ মডেল লাৰিছাৰ ক্ষোভ,  'ভোট চুৰি'ক লৈ ৰাহুলে প্ৰদৰ্শন কৰা ফটোৰ প্ৰসংগ
আহমেদাবাদত টি-২০ বিশ্ব কাপৰ ফাইনেল, মেচ অনুষ্ঠিত হ'ব দিল্লী-কলকাতা- চেন্নাই- মুম্বাইসহ ৫ স্থানত
জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনৰ
৫ বিধায়কৰ ভৱিষ্যৎ অনিশ্চিত, আধা কংগ্রেছী-আধা বিজেপি হোৱাৰ পৰিণতি
লণ্ডনত বৃন্দাৱনী বস্ত্ৰ অসমলৈ অনাৰ চুক্তি কৰিব মুখ্যমন্ত্ৰীয়ে, তিনিদিনীয়া কাৰ্যসূচীৰে ১৫ নৱেম্বৰত ৰাওনা হ'ব ড° শৰ্মা
কুজীডাঁহত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ এশ বছৰীয়া জয়ন্তীৰ ব্যাপক প্ৰস্ততি; জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হৈছে সমূহ কাৰ্যসূচী
মুখ্যমন্ত্ৰীক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ প্ৰদান
গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু
প্ৰাণৰ শিল্পীগৰাকীৰ বাবেই তেজপুৰত টিকট নাপাই ডিমা হাছাওলৈ ঢাপলি মেলিলে ৭ অনুৰাগীয়ে
ডিব্ৰুগড়ত সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সন্মান জ্ঞাপন; সাহিত্যিকগৰাকীৰ চকুত চকুলো
অন্ধ্ৰপ্ৰদেশৰ ভেংকটেশ্বৰ স্বামী মন্দিৰত পদপিষ্ট হৈ ১০ ভক্তৰ শোকাৱহ মৃত্যু
চিনেমা হলৰ অভাৱঃ 'ৰৈ ৰৈ বিনালে' চোৱাৰ পৰা বঞ্চিত মাজুলীবাসী
ঢাকাত স্থাপন আই এছ আইৰ ঘাটি, ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ পাকিস্তানক বাংলাদেশৰ ভূমি ব্যৱহাৰৰ অনুমতি