--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শৰীৰৰ লগতে নিয়মিতভাৱে হাওঁফাওঁৰ বিষমুক্ত কৰি ৰখাটো গুৰুত্বপূৰ্ণ, বায়ুত দ্ৰৱীভূত প্ৰদূষণৰ বাবে উশাহ-নিশাহৰ লগত জড়িত সমস্যাবোৰ বহু পৰিমাণে বৃদ্ধি পাইছে। কিন্তু উশাহ-নিশাহৰ সমস্যা বেছিকৈ বাঢ়িলে বেছিভাগ মানুহেই লক্ষ্য কৰে। হাওঁফাওঁ সুস্থ কৰি ৰাখিবলৈ শ্বাস-প্ৰশ্বাসৰ ব্যায়ামৰ লগতে খাদ্যৰ প্ৰতিও গুৰুত্ব দিয়াটো ভাল হ’ব।

যেতিয়া বায়ুপথ ফুলি উঠে তেতিয়া উশাহ লোৱাত অসুবিধা হয় আৰু বুকুখন গধুৰ হৈ বন্ধ হৈ পৰে। গতিকে ইয়াৰ বাবে এই খাদ্য সামগ্ৰীসমূহ বিশেষকৈ আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক।

১. হালধি

ইয়াত কাৰকুমিন থাকে যাৰ এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী প্ৰভাৱ থাকে, যিয়ে বায়ুপথৰ প্ৰদাহ আৰু বুকুৰ টান হোৱাত সহায় কৰে। ই হাওঁফাওঁৰ কাম-কাজ উন্নত কৰি বহু ধৰণৰ শ্বাস-প্ৰশ্বাসজনিত ৰোগ নিৰাময় কৰাত সহায় কৰে।

২. আখৰোট

ইয়াত প্ৰচুৰ পৰিমাণে ওমেগা-৩ ফেটি এচিড থাকে, যিয়ে হাওঁফাওঁৰ প্ৰদাহ হ্ৰাস কৰাত সহায় কৰে। দৈনিক এমুঠি আখৰোট খালে দীৰ্ঘদিনীয়া শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ পৰা সকাহ পোৱা যায়।

৩. নহৰু

ইয়াত এলিচিন এন্টিবায়টিক কম্পাউণ্ড থাকে, যিয়ে হাওঁফাওঁত কোনো ধৰণৰ সংক্ৰমণ হ’লে উশাহ-নিশাহ লোৱাত অসুবিধাৰ সৃষ্টি কৰিলে আঁতৰাই পেলায়। নহৰুএবিধ প্ৰাকৃতিক উপাদান। ইয়াৰ এন্টিঅক্সিডেন্ট গুণে হাওঁফাওঁৰ প্ৰদাহ কমায়।

৪. গ্ৰীণ টি

সেউজীয়া চাহ খালে ডিঙি আৰু বুকুত জমা হৈ থকা কফবোৰ বহু পৰিমাণে আঁতৰাই পেলাব পাৰি। এন্টিঅক্সিডেন্ট গুণৰ বাবে ই হাওঁফাওঁৰ প্ৰদাহ কমোৱাত সহায় কৰে।

৫ . পানী

শুকান হাওঁফাওঁত প্ৰদাহ আৰু বিৰক্তিৰ সম্ভাৱনা বেছি। দৈনিক গৰম পানী খালে শৰীৰটো হাইড্ৰেটেড হৈ থাকিব আৰু লগতে শ্লেষ্মা হ্ৰাস কৰাত সহায়ক হ’ব।

ইয়াৰ উপৰিও পাতল শাক-পাচলি, বীন, মচুৰ দাইল, আদা, আপেল, পিয়াজ আপোনাৰ খাদ্যৰ অংশ কৰি লওক। স্বাস্থ্য উন্নত কৰিবলৈ ধূমপান সম্পূৰ্ণৰূপে বন্ধ কৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ