--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মনীষ মালহোত্ৰা বলীউডৰ অন্যতম সফল আৰু বিচৰা ফেশ্বন ডিজাইনাৰ। আলিয়া ভাট, জানহৱী কাপুৰ, কিয়াৰা আদবানী, কৃতি শ্বেননৰ দৰে অভিনেত্ৰী তেওঁৰ কাপোৰত জ্বিলিকি উঠে।

ফেশ্বনৰ জগতখনত নিজকে প্ৰতিষ্ঠা কৰাৰ পিছত এইবাৰ চলচ্চিত্ৰ পৰিচালনাৰ দিশে আগবাঢ়িছে মনীষে। কেইসপ্তাহমানৰ পৰা শুনা গৈছে যে মনীষে অভিনেত্ৰী মীনা কুমাৰীৰ বায়’পিক নিৰ্মাণ কৰিব বিচাৰিছে। এইবাৰ মনীষে নিজেই খবৰটোৰ সম্পৰ্তক খুলি ভাঙি ক’লে।

শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত এই কথা স্বীকাৰ কৰে মনীষে। তেওঁ কয় যে বৰ্তমান তেওঁ ছবিখনৰ প্ৰি-প্ৰডাকচনৰ কামত ব্যস্ত। তেওঁ ছবিখনৰ চিত্ৰনাট্য নিখুঁত হ’বলৈ চকু ৰাখিছে। ছবিখনৰ চিত্ৰনাট্য লিখা সম্পূৰ্ণ হোৱাৰ পিছতহে ছবিখনৰ শ্বুটিং আৰম্ভ হ’ব।

সেই সাক্ষাৎকাৰত মনীষে কৈছিল যে এবাৰ অভিনেত্ৰী ৰেখাই তেওঁক কৈছিল যে মীনা কুমাৰীৰ জীৱনটো ৪০ বছৰ সম্পূৰ্ণ হোৱাৰ পিছত মনীষে ভালদৰে বুজিব। ৫৬ বছৰীয়া মনীষৰ দাবী যে এতিয়া তেওঁ কেৱল মীনা কুমাৰীৰেই নহয়, নৰ্গিছ, গুৰু দত্ত, দিলীপ কুমাৰৰ জীৱনকো নতুন ৰূপত বুজি পাইছে।

মনীষ ইমান দিনে ফেশ্বনৰ জগতখনত ব্যস্ত আছিল। অৱশ্যে মনীষে দাবী কৰে যে এইবাৰ তেওঁ ছবিখনৰ পৰিচালনাত মনোনিৱেশ কৰিব বিচাৰিছে।

শুনা যায় যে মনীষে ষাঠি আৰু সত্তৰৰ দশকৰ নায়িকাৰ চৰিত্ৰত অভিনেত্ৰীগৰাকীক প্ৰায় চূড়ান্ত কৰিছে। এক সূত্ৰৰ মতে, এই ছবিখনত মীনা কুমাৰীৰ চৰিত্ৰত অভিনয় কৰিব পাৰে কৃতি শ্বেননে। প্ৰযোজক ভূষণ কুমাৰে ছবিখনৰ প্ৰযোজনাৰ দায়িত্ব লয়।

অৱশ্যে ছবিখনৰ সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। অৱশ্যে মীনা কুমাৰী আৰু তেওঁৰ স্বামী কমল আমৰোহীৰ পুত্ৰ তাজদাৰ আমৰোহীয়ে এই ছবিখনক লৈ অসন্তুষ্টি প্ৰকাশ কৰে। অৱশ্যে পিছত তাজদাৰে দাবী কৰে যে তেওঁ কোনো আইনী ব্যৱস্থাৰ সতৰ্কবাণী দিয়া নাই।

উল্লেখ্য যে যকৃতৰ ৰোগত আক্ৰান্ত হৈ ৩৮ বছৰ বয়সত মৃত্যু হয় মীনা কুমাৰীৰ। বলীউডত ‘দ্য ট্ৰেজেডী কুইন’ নামেৰে পৰিচিত। অতি চুটি কেৰিয়াৰত প্ৰায় ৯০ খন ছবিত অভিনয় কৰিছিল। প্ৰয়াত অভিনেত্ৰীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ মনীষে বায়’পিক নিৰ্মাণৰ সিদ্ধান্ত লৈছে।
 
ইয়াৰ পূৰ্বে ২০২১ চনত শুনা গৈছিল যে মনীষে পৰিচালকৰ আসন ল’বলৈ ওলাইছে। সেই সময়ত অৱশ্যে তেওঁৰ প্ৰিয় বন্ধু কৰণ জোহৰৰ ‘ধৰ্মা প্ৰডাকচন’ৰ প্ৰডাকচনৰ অধীনত এখন ছবি পৰিচালনা কৰাৰ কথা আছিল। মনীষে স্বাধীনতা আৰু বিভাজনৰ সময়ছোৱাৰ আধাৰত এখন ‘সংগীতিক’ ছবি নিৰ্মাণ কৰাৰ কথা আছিল। যদিও দুবছৰমান পাৰ হৈ গ’ল, তথাপিও ছবিখনৰ কোনো নতুন তথ্য পোহৰলৈ অহা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে