--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মনীষ মালহোত্ৰা বলীউডৰ অন্যতম সফল আৰু বিচৰা ফেশ্বন ডিজাইনাৰ। আলিয়া ভাট, জানহৱী কাপুৰ, কিয়াৰা আদবানী, কৃতি শ্বেননৰ দৰে অভিনেত্ৰী তেওঁৰ কাপোৰত জ্বিলিকি উঠে।

ফেশ্বনৰ জগতখনত নিজকে প্ৰতিষ্ঠা কৰাৰ পিছত এইবাৰ চলচ্চিত্ৰ পৰিচালনাৰ দিশে আগবাঢ়িছে মনীষে। কেইসপ্তাহমানৰ পৰা শুনা গৈছে যে মনীষে অভিনেত্ৰী মীনা কুমাৰীৰ বায়’পিক নিৰ্মাণ কৰিব বিচাৰিছে। এইবাৰ মনীষে নিজেই খবৰটোৰ সম্পৰ্তক খুলি ভাঙি ক’লে।

শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত এই কথা স্বীকাৰ কৰে মনীষে। তেওঁ কয় যে বৰ্তমান তেওঁ ছবিখনৰ প্ৰি-প্ৰডাকচনৰ কামত ব্যস্ত। তেওঁ ছবিখনৰ চিত্ৰনাট্য নিখুঁত হ’বলৈ চকু ৰাখিছে। ছবিখনৰ চিত্ৰনাট্য লিখা সম্পূৰ্ণ হোৱাৰ পিছতহে ছবিখনৰ শ্বুটিং আৰম্ভ হ’ব।

সেই সাক্ষাৎকাৰত মনীষে কৈছিল যে এবাৰ অভিনেত্ৰী ৰেখাই তেওঁক কৈছিল যে মীনা কুমাৰীৰ জীৱনটো ৪০ বছৰ সম্পূৰ্ণ হোৱাৰ পিছত মনীষে ভালদৰে বুজিব। ৫৬ বছৰীয়া মনীষৰ দাবী যে এতিয়া তেওঁ কেৱল মীনা কুমাৰীৰেই নহয়, নৰ্গিছ, গুৰু দত্ত, দিলীপ কুমাৰৰ জীৱনকো নতুন ৰূপত বুজি পাইছে।

মনীষ ইমান দিনে ফেশ্বনৰ জগতখনত ব্যস্ত আছিল। অৱশ্যে মনীষে দাবী কৰে যে এইবাৰ তেওঁ ছবিখনৰ পৰিচালনাত মনোনিৱেশ কৰিব বিচাৰিছে।

শুনা যায় যে মনীষে ষাঠি আৰু সত্তৰৰ দশকৰ নায়িকাৰ চৰিত্ৰত অভিনেত্ৰীগৰাকীক প্ৰায় চূড়ান্ত কৰিছে। এক সূত্ৰৰ মতে, এই ছবিখনত মীনা কুমাৰীৰ চৰিত্ৰত অভিনয় কৰিব পাৰে কৃতি শ্বেননে। প্ৰযোজক ভূষণ কুমাৰে ছবিখনৰ প্ৰযোজনাৰ দায়িত্ব লয়।

অৱশ্যে ছবিখনৰ সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। অৱশ্যে মীনা কুমাৰী আৰু তেওঁৰ স্বামী কমল আমৰোহীৰ পুত্ৰ তাজদাৰ আমৰোহীয়ে এই ছবিখনক লৈ অসন্তুষ্টি প্ৰকাশ কৰে। অৱশ্যে পিছত তাজদাৰে দাবী কৰে যে তেওঁ কোনো আইনী ব্যৱস্থাৰ সতৰ্কবাণী দিয়া নাই।

উল্লেখ্য যে যকৃতৰ ৰোগত আক্ৰান্ত হৈ ৩৮ বছৰ বয়সত মৃত্যু হয় মীনা কুমাৰীৰ। বলীউডত ‘দ্য ট্ৰেজেডী কুইন’ নামেৰে পৰিচিত। অতি চুটি কেৰিয়াৰত প্ৰায় ৯০ খন ছবিত অভিনয় কৰিছিল। প্ৰয়াত অভিনেত্ৰীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ মনীষে বায়’পিক নিৰ্মাণৰ সিদ্ধান্ত লৈছে।
 
ইয়াৰ পূৰ্বে ২০২১ চনত শুনা গৈছিল যে মনীষে পৰিচালকৰ আসন ল’বলৈ ওলাইছে। সেই সময়ত অৱশ্যে তেওঁৰ প্ৰিয় বন্ধু কৰণ জোহৰৰ ‘ধৰ্মা প্ৰডাকচন’ৰ প্ৰডাকচনৰ অধীনত এখন ছবি পৰিচালনা কৰাৰ কথা আছিল। মনীষে স্বাধীনতা আৰু বিভাজনৰ সময়ছোৱাৰ আধাৰত এখন ‘সংগীতিক’ ছবি নিৰ্মাণ কৰাৰ কথা আছিল। যদিও দুবছৰমান পাৰ হৈ গ’ল, তথাপিও ছবিখনৰ কোনো নতুন তথ্য পোহৰলৈ অহা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement