--°C
Loading...
Listen to Article
2 min read
80%

ৱাশ্বিংটনঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কিংবদন্তি সংগীতজ্ঞ-গীতিকাৰ বব ডিলানৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপিত হৈছে। এগৰাকী মহিলাই নিউয়ৰ্কৰ আদালতত বব ডিলানৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰ তৰিছে। অভিযোগ অনুসৰি, মহিলাগৰাকীক ৫৬ বছৰৰ পূৰ্বে অৰ্থাৎ ১৯৬৫ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ খ্যাতনামা শিল্পী তথা লোক-কিংবদন্তী বব ডিলানে যৌন উত্পী্ড়ন চলাইছিল। তেতিয়া মহিলাগৰাকীৰ বয়স আছিল ১২ বছৰ। বব ডিলানে ১৯৬৫ চনৰ এপ্ৰিলৰ পৰা মে’ মাহৰ ভিতৰত অভিযোগকাৰীক প্ৰায় ৬ সপ্তাহ ধৰি যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীয়ে।


মহিলাগৰাকীৰ দাবী, নিউয়ৰ্কৰ বিখ্যাত ‘চেলছী হোটেল’ৰ এটা বিলাসী এপাৰ্টমেণ্টত তেওঁক যৌন নিৰ্যাতন কৰা হৈছিল। ইফালে ৫৬বছৰৰ পূৰ্বৰ এই দাবী সমূলি মিছা বুলি এক বিবৃতিত বব ডিলানৰ মুখপাত্ৰই সদৰী কৰিছে। ৮০ বছৰীয়া বব ডিলানক সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ কণ্ঠশিল্পী আৰু গীতিকাৰ বুলি গণ্য কৰা হয়। এতিয়ালৈকে, তেওঁৰ মুঠ ১২৫ নিযুত এলবাম বিশ্বজুৰি বিক্ৰী হৈছে। তেওঁক ২০১৬ চনত সাহিত্যৰ ‘নবেল বঁটা’ প্ৰদান কৰা হৈছিল। তেনে পৰিপ্ৰেক্ষিতত তাৰকা শিল্পীগৰাকীৰ বিৰুদ্ধে শেহতীয়া অভিযোগে অনুৰাগী মহলক হতচকিত কৰি তুলিছে। পৰৱৰ্তী সময়ত ন্যায়ালয়ে গোচৰটি সন্দৰ্ভত কেনে ব্যৱস্থা গ্ৰহণ কৰে, সেয়াহে হ’ব লক্ষ্যণীয়!


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ