--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : আফগানিস্তানত আবদ্ধ হৈ পৰা ভাৰতীয়সকলক দেশলৈ ঘূৰাই অনাটোকেই এতিয়া প্ৰধানকৈ অগ্ৰাধিকাৰ দিয়া হ’ব। কেৱল নিজৰ দেশৰ নাগৰিককেই নহয়, হিন্দু, শিখসহ সকলো আফগান নাগৰিককে প্ৰয়োজনত সহযোগিতা কৰিব ভাৰতে। আফগানিস্তানৰ পৰিস্থিতিক লৈ নিৰাপত্তা সংক্ৰান্তীয় কেবিনেট কমিটীৰ বৈঠকত এই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

আফগানিস্তানৰ পৰিস্থিতিক লৈ মঙলবাৰে প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসভৱনত নিৰাপত্তা বিষয়ক কেবিনেট কমিটীৰ বৈঠকত উপস্থিত আছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভাল। তদুপৰি প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনো উপস্থিত আছিল বৈঠকত। কেন্দ্ৰীয় কেবিনেট সচিব ৰাজীৱ গৌবা, প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব পি কে মিশ্ৰ, ভাৰতৰ বৈদেশিক সচিব হৰ্ষ শ্ৰীংলাও বৈঠকত উপস্থিত আছিল। ইয়াৰ লগতে আফগানিস্তানৰ পৰা

উভতি অহা ভাৰতৰ ৰাষ্ট্ৰদূত ৰুদ্ৰেন্দ্ৰ টেণ্ডনকো বৈঠকলৈ আমন্ত্ৰণ জনোৱা হৈছিল। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, বৈঠকত প্ৰধানমন্ত্ৰীয়ে কয়, ‘ভাৰতে কেৱল নিজৰ নাগৰিককে নহয়, আফগানিস্তানৰ সংখ্যালঘু হিন্দু আৰু শিখ সম্প্ৰদায়ৰ লোকে বিচাৰিলে তেওঁলোককো আশ্ৰয় দিব। ইয়াৰ লগতে যিসকল আফগান লোকে ভাৰতৰ সহায় বিচাৰে তেওঁলোকৰ বিষয়টোও চিন্তা কৰা হ’ব।’ তালিবানে আফগানিস্তানত ক্ষমতা দখল কৰা ঘটনাক লৈ বৈঠকত উদ্বেগ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। যুদ্ধবিধ্বস্ত দেশখনত যিসকল ভাৰতীয় আবদ্ধ হৈ আছে, যিকোনো মূল্যৰ বিনিময়ত তেওঁলোকক নিৰাপদে দেশলৈ ঘূৰাই অনাৰ বাবে চৰকাৰৰ শীৰ্ষ বিষয়াসকলক নিৰ্দেশ দিয়ে মোদীয়ে। তাৰ বাবে প্ৰয়োজনত কাবুলসহ আফগানিস্তানৰ আন চহৰলৈ পৰ্যাপ্ত বিমান প্ৰেৰণৰ নিৰ্দেশ দিয়ে মোদীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ