--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অতিমাত্ৰা খাদ্য খোৱাৰ ফলত ২৪ বছৰীয়া এজন যুৱকৰ ফাটিল পেট। ফলত কৰুণ মৃত্যুক সাবটিলে যুৱকজনে।

অত্যন্ত মেদবহুলতাত আক্ৰান্ত আছিল যুৱকজন। এই যুৱকজন ছ’চিয়েল মিডিয়াত খাদ্যৰ ভিডিঅ’ পোষ্ট কৰাৰ বাবে পৰিচিত আছিল।

তুৰ্কীৰ এফেকান কুলতুৰ নামৰ যুৱকজনে খাদ্য খোৱাৰ ভিডিঅ’ পোষ্ট কৰিছিল। ‘মুকবাং’ ষ্ট্ৰীমাৰ নামেৰে বিখ্যাত আছিল এফেকান কুলতুৰ।

মুকবাং হৈছে এক প্ৰকাৰৰ অনলাইন সম্প্ৰচাৰ য’ত কণ্টেণ্ট ক্ৰিয়েটৰসকলে দৰ্শকৰ সৈতে মত বিনিময় কৰাৰ সময়তে বিশাল পৰিমাণৰ খাদ্য খায়। অত্যধিক খাদ্য খাই দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰে আৰু লাখ লাখ ভিউজ অৰ্জন কৰে ক্ৰিয়েটৰসকলে।

অতিৰিক্ত ওজনৰ বাবে হোৱা স্বাস্থ্যজনিত সমস্যাৰ বাবে ২০২৪ চনৰ ডিচেম্বৰৰ পৰা চিকিৎসালয়ত ভৰ্তি হৈ আছিল এফেকান।

এফেকানে থিয় দিব ভালকৈ পৰা নাছিল। তেওঁৰ উশাহ-নিশাহত অসুবিধা হ’বলৈ ধৰিলে আৰু লগতে তেওঁৰ গধুৰ শৰীৰৰ বাবে খোজ কঢ়াতো অসুবিধা হৈছিল।

এফেকানৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত কোৱা হৈছে যে তেওঁৰ পেটত বহু পৰিমাণে হজম নোহোৱা খাদ্য ভৰি পৰিছিল যাৰ বাবে তেওঁৰ পেট ফাটি গৈছিল।

পেট ফাটি যোৱাৰ বাবে পেটৰ এচিড আৰু খাদ্য পাকস্থলীত প্ৰৱেশ কৰে আৰু ইয়াৰ বাবেই তেওঁৰ মৃত্যু হয়।

মেডিকেল নিউজ টুডেৰ তথ্য অনুসৰি এজন গড় ব্যক্তিয়ে দিনটোত ২০০০ৰ পৰা ২৫০০ কেলৰি খাব লাগে, যিটো প্ৰায় ১ৰ পৰা ১.৫ কিলোগ্ৰাম খোৱাৰ সমতুল্য।

প্ৰাপ্তবয়স্ক লোকে দৈনিক কমেও ৫০ গ্ৰাম প্ৰটিন খাব লাগে। ইয়াৰ লগতে ৩০ গ্ৰাম কাৰ্ব আৰু ৭০ গ্ৰাম চৰ্বিও খাব লাগে।

ইয়াৰ উপৰিও আঁহো খাদ্যত অন্তৰ্ভুক্ত কৰিব লাগে যাতে হজম শক্তি সঠিক হৈ থাকে। এবাৰতে বেছিকৈ খোৱাৰ পৰা বিৰত থাকিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ