--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বুধবাৰে আৱামী লীগৰ এজন জ্যেষ্ঠ নেতাই দাবী কৰে যে শ্বেখ হাছিনা অতি সোনকালে বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে ঘূৰি আহিব। হাছিনাৰ ঘনিষ্ঠ সহযোগী ৰাব্বি আলমেও ভাৰতক কৃতজ্ঞতা জ্ঞাপন কৰে যে তেওঁ বহিষ্কৃত প্ৰধানমন্ত্ৰীগৰাকীক নিৰাপদ স্থান প্ৰদান কৰিছে। এএনআইৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয়, "শ্বেখ হাছিনা প্ৰধানমন্ত্ৰী হিচাপে ঘূৰি আহিব। যুৱ প্ৰজন্মই ভুল কৰিছে, কিন্তু ইয়াত তেওঁলোকৰ দোষ নাই, তেওঁলোকক বিপথে পৰিচালিত কৰা হৈছে৷"

যোৱা বছৰ হাছিনা শাসনক উফৰাই পেলোৱা ছাত্ৰ বিদ্ৰোহক "সন্ত্রাসবাদী বিদ্ৰোহ" বুলি অভিহিত কৰি আলমে কয় যে, "বাংলাদেশ আক্ৰমণৰ সন্মুখীন হৈছে আৰু ইয়াক আন্তঃৰাষ্ট্ৰীয় সমাজে মোকাবিলা কৰাটো প্ৰয়োজন। ৰাজনৈতিক বিদ্ৰোহ ঠিকেই আছে, কিন্তু বাংলাদেশত সেয়া হোৱা নাই। এইটো এটা সন্ত্ৰাসবাদী বিদ্ৰোহ ৷"

তেওঁ কয়, "আমাৰ বহু নেতাই ভাৰতত আশ্ৰয় লৈছে, আৰু আমি ভাৰত চৰকাৰৰ প্ৰতি অতিশয় কৃতজ্ঞতা জ্ঞাপন কৰিছো যে আমাৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বাবে এক নিৰাপদ ভ্ৰমণ পথ প্ৰদান কৰিলে।

যোৱা বছৰ বাংলাদেশ পলায়ন কৰি ভাৰতত আশ্ৰয় লৈছিল হাছিনাই অসামৰিক সেৱাৰ নিযুক্তিৰ নিয়মক লৈ চৰকাৰৰ বিৰুদ্ধে হিংসাত্মক সংঘৰ্ষৰ সৃষ্টি হৈছিল।

হাছিনাক পদচ্যুত কৰাৰ পাছত মহম্মদ ইউনুছ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হৈ পৰে, যিয়ে ভাৰতৰ পৰা হাছিনাক প্ৰত্যাৰ্পণৰ বাবে অনুৰোধ জনাইছিল। শেহতীয়াকৈ তেওঁ দাবী কৰিছিল যে ভাৰতে প্ৰত্যাৰ্পণৰ অনুৰোধৰ প্ৰতি “কোনো আনুষ্ঠানিক সঁহাৰি” দিয়া নাই। তেওঁ কৈছিল যে বহিষ্কৃত প্ৰধানমন্ত্ৰীগৰাকীও মানৱতাৰ বিৰুদ্ধে অপৰাধৰ বিচাৰৰ বাবে অপেক্ষা কৰি আছে।

ইউনুছক পদত্যাগ কৰিবলৈ আহ্বান জনাই আলমে কয়, "আমি বাংলাদেশৰ উপদেষ্টাজনক পদত্যাগ কৰি তেওঁ য'ৰ পৰা আহিছিল তালৈ উভতি যাবলৈ ক'ব বিচাৰো ৷ শ্বেখ হাছিনা প্ৰধানমন্ত্ৰী হিচাপে ঘূৰি আহিব। যুৱ প্ৰজন্মই ভুল কৰিছে, কিন্তু ইয়াত তেওঁলোকৰ দোষ নহয়, তেওঁলোকক বিপথে পৰিচালিত কৰা হৈছে ৷"

নিৰাপত্তা বাহিনী আৰু আৰক্ষী ব্যৱহাৰ কৰি শ শ কৰ্মীক অপহৰণ, নিৰ্যাতন আৰু হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে হাছিনাৰ ওপৰত। অৱশ্যে এই দাবীসমূহ অস্বীকাৰ কৰি ৰাজনৈতিক নিৰ্যাতনৰ লক্ষ্য কৰি লোৱা হৈছে বুলি জোৰ দি কয় তেওঁ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ