--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰাট কোহলী, ৰোহিত শৰ্মাৰ দৰে আগশাৰীৰ ক্ৰিকেটাৰৰ কথাই প্ৰায়ে সংবাদ শিৰোনাম দখল কৰা দেখিবলৈ পোৱা যায়। পিছে এইবাৰ চৰ্চালৈ আহিছে হাৰ্দিক পাণ্ডিয়াৰ নাম। ২০২২চনৰ আইপিএলতে উজলি উঠিছিল হাৰ্দিক পাণ্ডিয়া কেৱল উজলি উঠাই নহয়, নতুনকৈ আত্মপ্ৰকাশ কৰা গুজৰাট ফ্ৰেঞ্চাইজীক নেতৃত্ব দিয়া পাণ্ডিয়াই আইপিএল খিতাপো অৰ্জন কৰিবলৈ সক্ষম হৈছে। হাৰ্দিকৰ এই ৰোমাঞ্চকৰ যাত্ৰাক প্ৰশংসাৰ দৃষ্টিৰে চাইছে ক্ৰীড়া বিশেষজ্ঞ সকলে।
 
কেৱল আইপিএলতে নহয়, দেশৰ জাৰ্ছীতো হাৰ্দিক পাণ্ডিয়াৰ অবিৰত প্ৰদৰ্শন অব্যাহত আছে। ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাত বেটে-বলে উজলি উঠা হাৰ্দিকে এদিনীয়া শৃংখলাতো নিজকে প্ৰমাণ কৰি দিছে। বৰোদা ষ্টাৰ অল ৰাউণ্ডাৰগৰাকী ৬ টা উইকেটেৰে ছিৰিজৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপেও পৰিগণিত হৈছে। হাৰ্দিক পাণ্ডিয়াৰ প্ৰদৰ্শনত বিমুগ্ধ সুনীল গাভাস্কাৰ। একপ্ৰকাৰ হাৰ্দিকৰ প্ৰশংসাত পঞ্চমুখ  লিটল মাষ্টাৰ।

এটা ক্ৰীড়া ৱেবছাইটক দিয়া সাক্ষাৎকাৰত গাভাস্কাৰে কয়, ‘হাৰ্দিকৰ ক্ৰিকেটত পৰিপক্কতাৰ প্ৰচণ্ড প্ৰভাব আছে। যদি আপোনাৰ দলত এনে এজন অলৰাউণ্ডাৰ থাকে যিয়ে পাঁচ-ছয় নম্বৰত ইনিংছৰ গতিবেগ সলনি কৰিব পাৰে, এটা ছয় মাৰি সলনি কৰিব পাৰে খেল,  যিকোনো মুহূৰ্ততে মেচৰ ৰং সলনি কৰি পেলাব পাৰে। হাৰ্দিকে এই কাম কৰি আহিছে, তাত কোনো দ্বিধাবোধ নাই। যেতিয়া বেটছমেনসকলে মাজৰ অভাৰত দৌৰিব বিচাৰে, তেতিয়া হাৰ্দিকে বলৰ সৈতে উজ্জ্বলভাৱে উইকেট লৈছে। হাৰ্দিকক দেখি সঁচাকৈয়ে আপ্লুত হৈছে।’

বিগত বৰ্ষৰ টি-২০ বিশ্বকাপত বিবৰ্ণ অৱস্থাত দেখিবলৈ পোৱা গৈছিল এইগৰাকী ভাৰতীয় অলৰাউণ্ডাৰক। ফিটনেছ সমস্যা তথা দুৰ্বল ফৰ্মে বাৰে বাৰে বিপদত পেলাইছিল পাণ্ডিয়াক। পিছে একেগৰাকী খেলুৱৈৰ শেহতীয়া উত্তৰণ ভাৰতীয় ক্ৰিকেটৰ বাবে নিশ্চিতভাৱে আশাৰ ৰেঙণি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ