--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰাট কোহলী, ৰোহিত শৰ্মাৰ দৰে আগশাৰীৰ ক্ৰিকেটাৰৰ কথাই প্ৰায়ে সংবাদ শিৰোনাম দখল কৰা দেখিবলৈ পোৱা যায়। পিছে এইবাৰ চৰ্চালৈ আহিছে হাৰ্দিক পাণ্ডিয়াৰ নাম। ২০২২চনৰ আইপিএলতে উজলি উঠিছিল হাৰ্দিক পাণ্ডিয়া কেৱল উজলি উঠাই নহয়, নতুনকৈ আত্মপ্ৰকাশ কৰা গুজৰাট ফ্ৰেঞ্চাইজীক নেতৃত্ব দিয়া পাণ্ডিয়াই আইপিএল খিতাপো অৰ্জন কৰিবলৈ সক্ষম হৈছে। হাৰ্দিকৰ এই ৰোমাঞ্চকৰ যাত্ৰাক প্ৰশংসাৰ দৃষ্টিৰে চাইছে ক্ৰীড়া বিশেষজ্ঞ সকলে।
 
কেৱল আইপিএলতে নহয়, দেশৰ জাৰ্ছীতো হাৰ্দিক পাণ্ডিয়াৰ অবিৰত প্ৰদৰ্শন অব্যাহত আছে। ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাত বেটে-বলে উজলি উঠা হাৰ্দিকে এদিনীয়া শৃংখলাতো নিজকে প্ৰমাণ কৰি দিছে। বৰোদা ষ্টাৰ অল ৰাউণ্ডাৰগৰাকী ৬ টা উইকেটেৰে ছিৰিজৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপেও পৰিগণিত হৈছে। হাৰ্দিক পাণ্ডিয়াৰ প্ৰদৰ্শনত বিমুগ্ধ সুনীল গাভাস্কাৰ। একপ্ৰকাৰ হাৰ্দিকৰ প্ৰশংসাত পঞ্চমুখ  লিটল মাষ্টাৰ।

এটা ক্ৰীড়া ৱেবছাইটক দিয়া সাক্ষাৎকাৰত গাভাস্কাৰে কয়, ‘হাৰ্দিকৰ ক্ৰিকেটত পৰিপক্কতাৰ প্ৰচণ্ড প্ৰভাব আছে। যদি আপোনাৰ দলত এনে এজন অলৰাউণ্ডাৰ থাকে যিয়ে পাঁচ-ছয় নম্বৰত ইনিংছৰ গতিবেগ সলনি কৰিব পাৰে, এটা ছয় মাৰি সলনি কৰিব পাৰে খেল,  যিকোনো মুহূৰ্ততে মেচৰ ৰং সলনি কৰি পেলাব পাৰে। হাৰ্দিকে এই কাম কৰি আহিছে, তাত কোনো দ্বিধাবোধ নাই। যেতিয়া বেটছমেনসকলে মাজৰ অভাৰত দৌৰিব বিচাৰে, তেতিয়া হাৰ্দিকে বলৰ সৈতে উজ্জ্বলভাৱে উইকেট লৈছে। হাৰ্দিকক দেখি সঁচাকৈয়ে আপ্লুত হৈছে।’

বিগত বৰ্ষৰ টি-২০ বিশ্বকাপত বিবৰ্ণ অৱস্থাত দেখিবলৈ পোৱা গৈছিল এইগৰাকী ভাৰতীয় অলৰাউণ্ডাৰক। ফিটনেছ সমস্যা তথা দুৰ্বল ফৰ্মে বাৰে বাৰে বিপদত পেলাইছিল পাণ্ডিয়াক। পিছে একেগৰাকী খেলুৱৈৰ শেহতীয়া উত্তৰণ ভাৰতীয় ক্ৰিকেটৰ বাবে নিশ্চিতভাৱে আশাৰ ৰেঙণি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু