--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ নীৰজ চোপ্ৰা। ভাৰত সন্তান নীৰজ চোপ্ৰাৰ বিষয়ে বহলাই কোৱাৰ প্ৰয়োজন নিশ্চয় নাই। ট’কিঅ’ অলিম্পিকত আগবঢ়োৱা দুৰ্দান্ত প্ৰদৰ্শনৰ বাবে সকলোৰে হিয়াৰ মণি হৈ পৰা নীৰজে দেশলৈ কঢ়িয়াই আনিছে গৌৰৱ। ভাৰতমাতৃৰ শিৰৰ মুকুট উজলোৱা নীৰজৰ পৰৱৰ্তি লক্ষ্য কি? তাকে লৈয়ো এতিয়া হৈছে আলোচনা। 

জানিবলৈ পোৱা মতে, নীৰজে এইবাৰ  ৯০ মিটাৰ দূৰত্ব অতিক্ৰম কৰিব বিচাৰিছে। ট’কিঅ’ অলিম্পিকত স্বৰ্ণ জয় কৰা ভাৰতৰ প্ৰথমগৰাকী খেলুৱৈ নীৰজ চোপ্ৰাৰ শেহতীয়া পৰিকল্পনাই বিস্ময়-বিমুগ্ধ কৰি তুলিছে অনুৰাগীক। ইফালে সমুখত বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত জেভলিনেৰে দূৰত্ব অতিক্ৰম কৰাতকৈ হাৰিয়ানাৰ তাৰকা খেলুৱৈগৰাকীয়ে নিজৰ শ্ৰেষ্ঠতম প্ৰদৰ্শন আগবঢ়াবলৈহে অধিক আগ্ৰহী বুলি অৱগত কৰিছে।

শেহতীয়াকৈ, ষ্ট’কহ’মত অনুষ্ঠিত ডাইমণ্ড লীগত নীৰজে ৮৯.৯৪ মিটাৰ দূৰত্বলৈ জেভলিন নিক্ষেপ কৰি প্ৰায় ৯০ মিটাৰৰ ওচৰ চাপিছিল। আশা কৰা দূৰত্বৰ পৰা ৬ চেণ্টিমিটাৰ দূৰৈত অৱস্থান কৰিছিল নীৰজৰ জেভলিন। তেতিয়া হাৰিয়ানাৰ ২৪ বছৰীয়া যুৱকজনে কৈছিল, ‘মই ষ্ট’কহ'মত ৯০ মিটাৰৰ পৰা ৬ চে.মি. কমকৈ শেষ কৰিলোঁ। কিন্তু কোনো প্ৰতিযোগিতাত দূৰত্বৰ কথা মই আমনি নকৰো। মই মাত্ৰ মোৰ এশ শতাংশ দিবলৈ সদা প্ৰস্তুত।’

জুলাই মাহৰ তৃতীয় সপ্তাহৰ পৰা আৰম্ভ হ’ব বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ। এই প্ৰসংগত নীৰজে কয়, ‘চলিত বৰ্ষত এয়া মোৰ বাবে ডাঙৰ প্ৰতিযোগিতা। মই বিশ্ব চেম্পিয়নশ্বিপত চাপমুক্ত হৈ খেলিব বিচাৰো। এই যুঁজ কঠিন হ'ব। প্ৰতিটো দিনেই বেলেগ বেলেগ। মোৰ লক্ষ্য দূৰলৈ জেভলিন মাৰি পঠিওৱা।’

স্বাভাৱিকতে, বিশ্ব চেম্পিয়নশ্বিপত নীৰজে কেনেধৰণৰ প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হয় সেয়াহে হ’ব লক্ষ্যণীয়!

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ