--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ নীৰজ চোপ্ৰা। ভাৰত সন্তান নীৰজ চোপ্ৰাৰ বিষয়ে বহলাই কোৱাৰ প্ৰয়োজন নিশ্চয় নাই। ট’কিঅ’ অলিম্পিকত আগবঢ়োৱা দুৰ্দান্ত প্ৰদৰ্শনৰ বাবে সকলোৰে হিয়াৰ মণি হৈ পৰা নীৰজে দেশলৈ কঢ়িয়াই আনিছে গৌৰৱ। ভাৰতমাতৃৰ শিৰৰ মুকুট উজলোৱা নীৰজৰ পৰৱৰ্তি লক্ষ্য কি? তাকে লৈয়ো এতিয়া হৈছে আলোচনা। 

জানিবলৈ পোৱা মতে, নীৰজে এইবাৰ  ৯০ মিটাৰ দূৰত্ব অতিক্ৰম কৰিব বিচাৰিছে। ট’কিঅ’ অলিম্পিকত স্বৰ্ণ জয় কৰা ভাৰতৰ প্ৰথমগৰাকী খেলুৱৈ নীৰজ চোপ্ৰাৰ শেহতীয়া পৰিকল্পনাই বিস্ময়-বিমুগ্ধ কৰি তুলিছে অনুৰাগীক। ইফালে সমুখত বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত জেভলিনেৰে দূৰত্ব অতিক্ৰম কৰাতকৈ হাৰিয়ানাৰ তাৰকা খেলুৱৈগৰাকীয়ে নিজৰ শ্ৰেষ্ঠতম প্ৰদৰ্শন আগবঢ়াবলৈহে অধিক আগ্ৰহী বুলি অৱগত কৰিছে।

শেহতীয়াকৈ, ষ্ট’কহ’মত অনুষ্ঠিত ডাইমণ্ড লীগত নীৰজে ৮৯.৯৪ মিটাৰ দূৰত্বলৈ জেভলিন নিক্ষেপ কৰি প্ৰায় ৯০ মিটাৰৰ ওচৰ চাপিছিল। আশা কৰা দূৰত্বৰ পৰা ৬ চেণ্টিমিটাৰ দূৰৈত অৱস্থান কৰিছিল নীৰজৰ জেভলিন। তেতিয়া হাৰিয়ানাৰ ২৪ বছৰীয়া যুৱকজনে কৈছিল, ‘মই ষ্ট’কহ'মত ৯০ মিটাৰৰ পৰা ৬ চে.মি. কমকৈ শেষ কৰিলোঁ। কিন্তু কোনো প্ৰতিযোগিতাত দূৰত্বৰ কথা মই আমনি নকৰো। মই মাত্ৰ মোৰ এশ শতাংশ দিবলৈ সদা প্ৰস্তুত।’

জুলাই মাহৰ তৃতীয় সপ্তাহৰ পৰা আৰম্ভ হ’ব বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ। এই প্ৰসংগত নীৰজে কয়, ‘চলিত বৰ্ষত এয়া মোৰ বাবে ডাঙৰ প্ৰতিযোগিতা। মই বিশ্ব চেম্পিয়নশ্বিপত চাপমুক্ত হৈ খেলিব বিচাৰো। এই যুঁজ কঠিন হ'ব। প্ৰতিটো দিনেই বেলেগ বেলেগ। মোৰ লক্ষ্য দূৰলৈ জেভলিন মাৰি পঠিওৱা।’

স্বাভাৱিকতে, বিশ্ব চেম্পিয়নশ্বিপত নীৰজে কেনেধৰণৰ প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হয় সেয়াহে হ’ব লক্ষ্যণীয়!

FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু